• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰথমবাৰলৈ অসম চৰকাৰে ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক প্ৰদান কৰিলে পেঞ্চন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 6, 2018 11:59 am
pension holder journalist
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ ‘দ্য আছাম পেঞ্চন স্কীম ফৰ জাৰ্ণেলিষ্ট, ২০১৭’ৰ অধীনত ৰাজ্যৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক প্ৰদান কৰিলে পেঞ্চন । সোমবাৰে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত সাংবাদিকসকলৰ মাজত পেঞ্চনপত্ৰৰ প্ৰতিলিপিপত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত পেঞ্চনপত্ৰৰ প্ৰতিলিপিপত্ৰ  সমূহ বিতৰণ কৰে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ সংআবাদিক তথা সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ লগতে বিভিন্ন সমস্যা ৰাজি সমাধান কৰাৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন হৈ আহিছিল। কিন্তু কোনো এখন চৰকাৰে সাংবাদিকৰ সমস্যা সমূহ সমাধান কৰাত গুৰুতব আৰোপ নকৰিলে।

Apply Now

কিন্তু এইখন চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ সংবাদসেৱাৰ ইতিহাসতত সোমবাৰৰ দিনটোতেই সূচনা হ’ল এক নতুন ইতিবাচক অধ্যায়ৰ।  কাৰ্যতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ পেঞ্চন আঁচনি গ্ৰহণ কৰি সোমবাৰে ২০ গৰাকীকৈ সাংবাদিকক পেঞ্চনপত্ৰ প্ৰদান কৰে।

লক্ষ্যণীয় যে এই আঁচনিৰ অধীনত সাংবাদিককেইগৰাকীয়ে  প্ৰতি মাহে আঠ হেজাৰ টকাকৈ পেঞ্চন লাভ কৰিব।  আনহাতে অহা বৰ্ষৰ পৰা ১০ গৰাকীকৈ সাংবাদিকক এই আঁচনিৰ অধীনত  সামৰি ল’ব বুলি চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে বাখ্যা কৰে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সাংবাদিকে যাতে আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাব বাবে তেওঁ সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থকা হূষীকেশ গোস্বামীয়ে বাজেট অধিৱেশনত চৰকাৰে সাংবাদিক বীমা আঁচনি ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ পুনৰ কয় যে সাংবাদিকসকল মানুহৰ মনত চেতনা জাগ্ৰত কৰা অতুন্দ্ৰ প্ৰহৰী। দেশ তথা সমাজৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰা সাংবাদিকৰ পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰিবলৈ পোৱাটো আনন্দৰ কথা বুলিও গোস্বামীয়ে কয়।

তেওঁ আৰু কয় যে ইতিমধ্যে দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া ৩২ গৰাকী সাংবাদিকৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে।  তেওঁ কয় যে পেঞ্চন হিচাপে আগবঢ়োৱা আঠ হেজাৰ টকা যথেষ্ট নহয়।  শিল্পী, সাহিত্যিতৰ লগতে সাংবাদিকসকলেও সমাজত ‘এণ্টি ভাইৰাজ’ হিচাপে কাম কৰে। দেশ তথা জাতিৰ বাবে নিঃস্বাৰ্থভাৱে অহোপুৰুষাৰ্থ কৰা সাংবাদিকসকলক সন্মান দিয়াটো চৰকাৰৰ দায়িত্ব তথা কৰ্তব্য।

আনহাতে সাপ্তাহিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক ‘মনোৰম বৰুৱাক অতি শীঘ্ৰে পেঞ্চন বা এককালীন সাহায্য প্ৰদান কৰিব বুলি উক্ত অনুষ্ঠানতে গোস্বামীয়ে ঘোষণা কৰে।

ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদান কৰা ২০ গৰাকী সাংবাদিক ক্ৰমে কৃষ্ণ চন্দ্ৰ কলিতা, ৰমা শংকৰ ৰয়, ৰত্নেশ্বৰ তালুকদাৰ,  দ্বীপেন দত্ত, দেবেন্দ্ৰ কুমাৰ পাণ্ডে, গোৱৰ্ধন প্ৰসাদ অটল, নিৰুপমা বৰা, প্ৰমোদ কুমাৰ সিং, পৱিত্ৰ গগৈ, প্ৰকাশ কুমাৰ ঝা, ধৰণী কলিতা, উদয়ন বিশ্বাস, ভক্তি ৰয়, গৰ্গৰাম বৰ্মন, প্ৰবোধ চন্দ্ৰ বৰদলৈ, অমল কুমাৰ গুপ্তা, কেশৱ কলিতা, অজিত কুমাৰ পাটোৱাৰী, সীতাৰ্থ পাঠক আৰু বিনয় ভূষণ সেন।

প্ৰতিলিপি গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত সাংবাদিক নিৰুপমা বৰা আৰু গৰ্গৰাম বৰ্মনে ৰাজ্য চৰকাৰে লোৱা এনে উদ্যোগৰ প্ৰতি শলাগ লয়। তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঁয়ে অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিলেই বাতিল নহয় নাগৰিকত্ব : পুনৰ স্পষ্ট কৰিলে উচ্চতম ন্যায়ালয়ে

July 17, 2026 8:49 pm
১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

১৯৮৪ চনত পিতৃৰ অনশন ভাঙিবলৈ গৈছিল ইন্দিৰা গান্ধী, এতিয়া পুত্ৰ সোণম ৱাংচুকৰ কাষত থিয় দিবলৈ কংগ্ৰেছক নিৰ্দেশ ছোনিয়াৰ

July 17, 2026 7:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

সোণম ৱাংছুকলৈ অনশন ভংগৰ আহ্বান অসমৰ বহু বিশিষ্ট ব্যক্তিৰ : চৰকাৰক তীব্ৰ গৰিহণা

July 17, 2026 9:52 pm
বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

বৈষ্ণোদেৱী মন্দিৰত ৫০০ কোটি কেলেংকাৰী! ৭০ কেজিৰ ৰূপৰ ভিতৰত আচল ৰূপ ওলাল মাত্ৰ ৩ কেজি

July 17, 2026 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd