• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰথমবাৰলৈ অসম চৰকাৰে ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক প্ৰদান কৰিলে পেঞ্চন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 6, 2018 11:59 am

3 min read

pension holder journalist
135
VIEWS
Share on FacebookShare on Twitter

পোন প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ ‘দ্য আছাম পেঞ্চন স্কীম ফৰ জাৰ্ণেলিষ্ট, ২০১৭’ৰ অধীনত ৰাজ্যৰ ২০ গৰাকী অৱসৰপ্ৰাপ্ত সাংবাদিকক প্ৰদান কৰিলে পেঞ্চন । সোমবাৰে ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সৌজন্যত সাংবাদিকসকলৰ মাজত পেঞ্চনপত্ৰৰ প্ৰতিলিপিপত্ৰ বিতৰণ কৰে। মুখ্যমন্ত্ৰীৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত পেঞ্চনপত্ৰৰ প্ৰতিলিপিপত্ৰ  সমূহ বিতৰণ কৰে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে।

উল্লেখযোগ্য যে ৰাজ্যখনৰ সংআবাদিক তথা সংবাদকৰ্মীসকলৰ সুৰক্ষাৰ লগতে বিভিন্ন সমস্যা ৰাজি সমাধান কৰাৰ বাবে বছৰ বছৰ ধৰি দাবী উত্থাপন হৈ আহিছিল। কিন্তু কোনো এখন চৰকাৰে সাংবাদিকৰ সমস্যা সমূহ সমাধান কৰাত গুৰুতব আৰোপ নকৰিলে।

কিন্তু এইখন চৰকাৰৰ আশাশুধীয়া প্ৰচেষ্টাৰ বাবে ৰাজ্যৰ সংবাদসেৱাৰ ইতিহাসতত সোমবাৰৰ দিনটোতেই সূচনা হ’ল এক নতুন ইতিবাচক অধ্যায়ৰ।  কাৰ্যতঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে প্ৰথমবাৰৰ বাবে সাংবাদিকৰ পেঞ্চন আঁচনি গ্ৰহণ কৰি সোমবাৰে ২০ গৰাকীকৈ সাংবাদিকক পেঞ্চনপত্ৰ প্ৰদান কৰে।

লক্ষ্যণীয় যে এই আঁচনিৰ অধীনত সাংবাদিককেইগৰাকীয়ে  প্ৰতি মাহে আঠ হেজাৰ টকাকৈ পেঞ্চন লাভ কৰিব।  আনহাতে অহা বৰ্ষৰ পৰা ১০ গৰাকীকৈ সাংবাদিকক এই আঁচনিৰ অধীনত  সামৰি ল’ব বুলি চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠানত তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক ৰাজীৱ প্ৰকাশ বৰুৱাই বৰ্তমানৰ ৰাজ্য চৰকাৰখনে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে বাখ্যা কৰে। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ সাংবাদিকে যাতে আঁচনিসমূহৰ সুবিধা লাভ কৰিব পাৰে তাব বাবে তেওঁ সকলোৰে সহায়-সহযোগিতা কামনা কৰে।

আনহাতে মুখ্য অতিথি হিচাপে উপস্থিত থকা হূষীকেশ গোস্বামীয়ে বাজেট অধিৱেশনত চৰকাৰে সাংবাদিক বীমা আঁচনি ঘোষণা কৰিব বুলি জানিবলৈ দিয়ে। তেওঁ পুনৰ কয় যে সাংবাদিকসকল মানুহৰ মনত চেতনা জাগ্ৰত কৰা অতুন্দ্ৰ প্ৰহৰী। দেশ তথা সমাজৰ বাবে অশেষ কষ্ট স্বীকাৰ কৰা সাংবাদিকৰ পেঞ্চন আঁচনিৰ শুভাৰম্ভ কৰিবলৈ পোৱাটো আনন্দৰ কথা বুলিও গোস্বামীয়ে কয়।

তেওঁ আৰু কয় যে ইতিমধ্যে দুষ্কৃতিকাৰীৰ হাতত প্ৰাণ আহুতি দিয়া ৩২ গৰাকী সাংবাদিকৰ পৰিয়াললৈ পাঁচ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হৈছে।  তেওঁ কয় যে পেঞ্চন হিচাপে আগবঢ়োৱা আঠ হেজাৰ টকা যথেষ্ট নহয়।  শিল্পী, সাহিত্যিতৰ লগতে সাংবাদিকসকলেও সমাজত ‘এণ্টি ভাইৰাজ’ হিচাপে কাম কৰে। দেশ তথা জাতিৰ বাবে নিঃস্বাৰ্থভাৱে অহোপুৰুষাৰ্থ কৰা সাংবাদিকসকলক সন্মান দিয়াটো চৰকাৰৰ দায়িত্ব তথা কৰ্তব্য।

আনহাতে সাপ্তাহিক জনমভূমি কাকতৰ প্ৰাক্তন সম্পাদক ‘মনোৰম বৰুৱাক অতি শীঘ্ৰে পেঞ্চন বা এককালীন সাহায্য প্ৰদান কৰিব বুলি উক্ত অনুষ্ঠানতে গোস্বামীয়ে ঘোষণা কৰে।

ৰাজ্য চৰকাৰে পেঞ্চন প্ৰদান কৰা ২০ গৰাকী সাংবাদিক ক্ৰমে কৃষ্ণ চন্দ্ৰ কলিতা, ৰমা শংকৰ ৰয়, ৰত্নেশ্বৰ তালুকদাৰ,  দ্বীপেন দত্ত, দেবেন্দ্ৰ কুমাৰ পাণ্ডে, গোৱৰ্ধন প্ৰসাদ অটল, নিৰুপমা বৰা, প্ৰমোদ কুমাৰ সিং, পৱিত্ৰ গগৈ, প্ৰকাশ কুমাৰ ঝা, ধৰণী কলিতা, উদয়ন বিশ্বাস, ভক্তি ৰয়, গৰ্গৰাম বৰ্মন, প্ৰবোধ চন্দ্ৰ বৰদলৈ, অমল কুমাৰ গুপ্তা, কেশৱ কলিতা, অজিত কুমাৰ পাটোৱাৰী, সীতাৰ্থ পাঠক আৰু বিনয় ভূষণ সেন।

প্ৰতিলিপি গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত সাংবাদিক নিৰুপমা বৰা আৰু গৰ্গৰাম বৰ্মনে ৰাজ্য চৰকাৰে লোৱা এনে উদ্যোগৰ প্ৰতি শলাগ লয়। তথ্য আৰু জনসংযোগ বিভাগৰ যুটীয়া সঞ্চালক কনকেশ্বৰ বৰগোহাঁয়ে অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় ।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd