• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ সুমতি কামনাৰে মহাযজ্ঞ পাতিলে দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 3, 2018 6:46 pm
Jogya_Lakhimpur

দুৰ্নীতি বিৰোধী যুৱশক্তি, অসমে প্ৰধান মন্ত্ৰী-মুখ্য মন্ত্ৰীৰ সুমতি কামনাৰে পতা মহাযজ্ঞ।

139
VIEWS
Share on FacebookShare on Twitter

পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ দাবীৰে তথা নৰেন্দ্ৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱালৰ  সুমতি ঘূৰি অহাৰ কামনাৰে আজি লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক খেলপথাৰত দুৰ্নীতি বিৰোধী যুৱশক্তি, লখিমপুৰ আৰু ধেমাজি জিলাৰ যৌথ উদ্যোগত তথা কেন্দ্ৰীয় কমিটীৰ সহযোগত এটা যজ্ঞানুষ্ঠান অনুষ্ঠিত কৰা হয়।

এই ব্যতিক্ৰমী প্ৰতিবাদত পূজাৰীয়ে মন্ত্ৰ পাঠ কৰাৰ লগতে মোদী-সোণোৱালৰ সুমতি লাভৰ উদ্দেশ্যে প্ৰতিবাদকাৰীসকলে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা কৰে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে লখিমপুৰৰ এখন সভাত অংশগ্ৰহণ কৰাৰ আগমুহূৰ্ততে দুৰ্নীতি বিৰোধী মঞ্চই এই প্ৰতিবাদ সাব্যস্ত কৰে।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা এই যজ্ঞ ১০ বজালৈকে চলাই নিয়া বুলি সংস্থাৰ ৰাজ্যিক সভাপতি ধৰ্মকান্ত গগৈয়ে আমাৰ সাংবাদিকক জানিবলৈ দিয়ে।

আনহাতে, গগৈয়ে নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় যে বিভিন্ন দল-সংগঠনে ৰাজপথলৈ ওলাই আহি পে’ট্ৰল-ডিজেল, ৰন্ধন গেছ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কোনো কাণসাৰ নাই।

তেওঁ লগতে কয়, “দেশৰ কোনো কোনো ৰাজ্যত পুৰোহিতে শাসনভাৰ লৈ আছে, গতিকে হিন্দু ধৰ্মক সাৰোগত কৰি পূজা-পাতলৰ মহাযজ্ঞ ‘নমামি মূল্যবৃদ্ধি ৰোধায়ঃ নম’ত ভাৰত তথা অসমৰ সমস্যাসমূহৰ আহুতি দিছো। যজ্ঞৰ জুইত এই সমস্যাসমূহ জাহ যাব লাগে আৰু প্ৰধান মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীৰ সুমতি ঘূৰি আহিব লাগে।

মোদীয়ে ‘অচ্ছে দিন কেতিয়া আহিব’ বুলি কোনোৱে প্ৰশ্ন কৰিলে ৰঙাচকু দেখুৱায় বুলি মত প্ৰকাশ কৰাৰ লগতে সভাপতিগৰাকীয়ে কয়, ‘দৈৱৰ বিপাকত পৰি তেওঁলোকে অচ্ছে দিন অনাৰ প্ৰতিশ্ৰুতিৰ কথা পাহৰি গৈছে, গতিকে এই যজ্ঞৰ জৰিয়তে আমি তেওঁলোকৰ সু-মতি ঘূৰি আহিব লাগে বুলি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো।”

তাৎপৰ্য্যপূৰ্ণভাৱে সভাপতিগৰাকীয়ে জাতীয় নায়ক সৰ্বানন্দ সোণোৱালক বাংলাদেশৰ মুখ্য মন্ত্ৰী বুলি আখ্যা দি আমাৰ সাংবাদিকক কয়, “তেওঁ বাংলাদেশৰ হিন্দু নাগৰিকসকলৰ অত্যাচাৰ কৰাৰ কথা উপলব্ধি কৰি তেওঁলোকক অসমলৈ অনাৰ আখৰাত নামিছে। কিন্তু তেওঁৰ নিজা সমষ্টি মাজুলীত দলং-ৰাস্তা-পথৰ সু-ব্যৱস্থা নাই, উন্নত চিকিৎসালয় নাই, খোৱা পানীৰ অসুবিধা, মথাউৰি নিৰ্মাণ ইত্যাদি সমস্যাৰ কথা চিন্তা কৰিবলৈ সময় নাই। গতিকে তেওঁৰ আজিৰ পৰা সু-মতি ঘূৰি আহিব বুলি ভাবিছো।”

আনহাতে, মুখ্য মন্ত্ৰীৰ সংবাদ মাধ্যমৰ সন্মুখৰ পৰা তথা অসমৰ জনতাৰ পৰা পলায়নবাদী মনোভাব যজ্ঞৰ আহুতিতে নাইকিয়া হোৱাৰ কামনা কৰে দুৰ্নীতি বিৰোধী যুৱশক্তিৰ কৰ্মকৰ্তাসকলে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd