ব্যাপক সঁহাৰিৰ মাজেৰে শেষ হ’ল ব্যতিক্ৰম মাছডোৰ ৯০ দিনৰ ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী

ব্যতিক্ৰম, মাছডোৰ উদ্যোগত ন’ হৰ্ন প্লীজ’ কাৰ্যসূচীৰ অন্তিম অনুষ্ঠান।

গুৱাহাটী, ৩১ মাৰ্চ : প্ৰবল উৎসাহ-উদ্দীপনাৰে আজি যৱনিকা পৰিল ব্যতিক্ৰম- মাছডোৰ দ্বাৰা আয়োজিত ৯০ দিনীয়া কৰ্মসূচী ‘ন’ হৰ্ন প্লীজ’-ৰ। এইটো বছৰৰ প্ৰথম দিনৰ পৰা ‘ন’ হৰ্ন প্লীজ’ৰ কৰ্মসূচী গুৱাহাটীৰ প্ৰায় সকলো ঠাইতে পালন কৰা হৈছে। যাৰ মূল উদ্দেশ্য আছিল মহানগৰীত শব্দ প্ৰদূষণ হ্ৰাস কৰা।

আজি কৰ্মসূচীৰ শেষ দিনটোত ‘ন’ হৰ্ন প্লীজ’ পালিত হ’ল গুৱাহাটীৰ ষ্টেইট বেংক অব ইণ্ডিয়াৰ স্থানীয় প্ৰধান কাৰ্যালয়ৰ বিশাল প্ৰাংগণত।

আজি ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচীত অংশগ্ৰহণ কৰে ষ্টেইট বেংকৰ জি এম, চি ডি অ’, এ জি এম আৰু সহকৰ্মীসকলে। লগতে আছিল গুৱাহাটীৰ মডেলসকল আৰু স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীসকল।

‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী প্ৰসংগত আয়োজক ব্যতিক্ৰম- মাছডোৰ সভাপতি সৌমেন ভাৰতীয়াই কয়, ‘৯০ দিন ধৰি হোৱা ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী আজি আনুষ্ঠানিকভাৱে শেষ হল। কিন্তু ইয়াৰ প্ৰাসংগিকতা কেতিয়াও শেষ নহয়। মাননীয় ৰাজ্যপাল জগদীশ মুখী আৰু এছ বি আইৰ চি জি এমে কয় যে এই কৰ্মসূচী ৰাজ্যৰ প্ৰতিখন জিলাত প্ৰচাৰ কৰিব লাগে। আমি সেই চেষ্টাই কৰিম। ৯০ দিন জুৰি সৰ্বস্তৰৰ যি সহযোগিতা পোৱা হৈছে তাৰ কথাও উল্লেখ কৰিব লাগিব। আমি বিচাৰো আমাৰ ৰাজ্যখনত অন্তত এটা দিনক ‘ন’ হৰ্ন প্লীজ’ ঘোষণা কৰক চৰকাৰে।

আজি ‘ন’ হৰ্ন প্লীজ’ কৰ্মসূচী পালনৰ মাজতে ষ্টেইট বেংক অব ইণ্ডিয়াৰ জেনেৰেল মেনেজাৰ দিগমানু গুপ্ত, ওমপ্ৰকাশ মিশ্ৰ, চি ডি অ’ আশিস বিশ্বাস, এছিষ্টেণ্ট জেনাৰেল মেনেজাৰ বিমল দেবক ব্যতিক্ৰম মাছডোৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয়। কাৰ্য্যসূচীৰ অংশ হিচাপে ওচৰে-পাঁজৰে থকা সকলো গাড়ীতে ‘ন’ হৰ্ন প্লীজ’ ষ্টিকাৰ লগোৱা হয় আৰু তাৰ লগতে প্ৰতিজন গাড়ীচালকক উচ্চমাত্ৰাৰ শব্দৰ অপকাৰিতাৰ বিষয়ে অৱগত কৰা হয়।

উল্লেখযোগ্য যে নতুন বছৰৰ প্ৰথম দিনটোতে ৰাজভৱনৰ দৰবাৰ হলৰ পৰা পতাকা উৰাই ‘ন’ হৰ্ন প্লীজ’  কৰ্মসূচীৰ উদ্বোধন কৰিছিল মাননীয় ৰাজ্যপাল জগদীশ মুখীয়ে। এইটো এনকুৱা এটা কৰ্মসূচী য’ত ব্যক্তিৰ লগতে সমাজৰো মংগল জড়িত হৈ আছে।