• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন উগ্ৰপন্থী হ’লেহে বিজেপিৰ সদস্য হ’ব পাৰি : সমৰজিত হাফলংবাৰ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
May 21, 2018 7:43 pm
AGP_Dima_Hasao

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ ভংগৰ দাবীত ডিমা হাচাওত অগপৰ ধৰ্ণা-প্ৰতিবাদ।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপি শাসিত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ সঠিক সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আজি হাফলঙত জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত অগপৰ বিষয়ববীয়া আৰু কৰ্মকৰ্তা তথা কৰ্মীয়ে পৰিস্থিতি উত্তাল কৰি তোলে। ধৰ্ণা কাৰ্য্যসূচীত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবা শতাধিক অগপ কৰ্মী আহি অংশ গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰি পুৰণি পৰিষদখন ভংগৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে অহা ৩ জুন তাৰিখে বৰ্তমান পৰিষদৰ কাৰ্যকালৰ অন্ত পৰিব।

আজি ধৰ্ণাস্থলীত উপস্থিত থাকি নিজৰ বক্তব্যত প্ৰাক্তন চি ই এম তথা অগপ কেন্দ্ৰীয় কমিটীৰ সাংগঠিনক সম্পাদক দেৱজিত থাউচেনে কয় যে বিজেপি দলে ভয় খোৱা বাবেহে সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সাহস কৰা নাই।

Apply Now

তেওঁ কয় যে অগপ দলে অতি শীঘ্ৰেই মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপালক লগ কৰি নিৰ্বাচনৰ প্ৰসংগ উত্থাপন কৰিব। দাবী জনাব সময়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে। অন্যথা দলটো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি কয়।

দেবজিত থাউচেনে কয় যে বৰ্তমান দেবলাল গাৰ্লোচা স্বায়ত্তশাসিত  পৰিষদ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। সেই কাৰণে পৰিষদ ভংগ কৰি ৰাজ্যপালৰ হাতত গতাই দিব লাগে। লগতে কয় যে অহা নিৰ্বাচনত অগপ দলটো পৰিষদৰ ২৮খন আসনৰ গোটেই কেইটাত জিকিব। অগপ দলে দিচপুৰত  বিজেপিৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠন কৰিলেও ডিমা হাচাওত অকলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। সেই কাৰণে মিত্ৰতা কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে। ধৰ্ণা কাৰ্য্যসূচীটোত প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা,  প্ৰাক্তন ই এম বিজয়েন্দ্ৰ চেংগুইন এল মাৰ আদি নেতাও উপস্থিত আছিল।

ইপিনে আজি হাফলঙত অগপ দলৰ ধৰ্ণাত বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়ক তথা পাৰ্বত্য পৰিষদৰ প্ৰাক্তন চি ই এম সমৰজিত হাফলংবাৰে। তেওঁ কয়, “জাতি-মাটি-ভেটিৰ মাত মতা বিজেপিয়ে ডিমা হাচাওত জাতি-মাটিৰ কাৰণে মাত মাতিলেই বিপদ কৰে। ইয়াত বিজেপি দলৰ সদস্য হ’বৰ কাৰণে এক্স মিলিটেণ্টাৰ চাৰ্টিফিকেট লাগে, নতুবা তেওঁলোকৰ লগত তালমিল থকা সাংগোপাংগৰ চাৰ্টিফিকেট লাগিব। লগতে ক্ৰিমিনেল গোচৰ বা হত্যাৰ গোচৰ থাকিব লাগিব। নহ’লে বিজেপিত স্থান নহ’ব। শিক্ষাগত অৰ্হতা ক্লাছ ফাইভ বা তেনেকুৱা পৰ্য্যায়ৰ হ’ব লাগিব আৰু ৰাজ্যিক বিজেপিৰ  যিকোনো নিৰ্দেশ মানি চলিব লাগিব। অমান্য কৰিলেই বিপদ। বিজেপি দলৰ  নিৰ্দেশ মানি কোটি কোটি টকা দিবৰ কাৰণে সাজু হৈ থাকিব লাগিব।”

হাফলংবাৰে আৰু কয় যে তেওঁৰ শিক্ষাগত অৰ্হতা ক্লাছ ফাইভৰ বেছি হোৱাৰ লগতে জাতি-মাটি-ভেটিৰ স্বাৰ্থত মাত মতাত দলৰ পৰা বহিষ্কাৰ কৰা হয়।

মন কৰিব লগীয়া কথা যে মন্ত্ৰী হিমন্তৰ উপস্থিতিত কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰা হাফলংবাৰক নাগালিমত ডিমা হাচাওৰ অংশ অন্তৰ্ভুক্ত হোৱা বুলি গুজৱ ওলোৱাৰ সময়তে বিষয়টোত সৰৱ হোৱা বাবে গেৰুৱা দলটোৰ পৰা বহিষ্কাৰ কৰা হৈছিল।

প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচায়েও চৰকাৰক অনতি পলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনায়।  তেওঁ কয় দেবলাল গাৰ্লোচা নেতৃত্বৰ পৰিষদ নিৰ্বাচনৰ সম্মুখীন হ’বলৈ ভয় খাইছে। যাৰ কাৰণে পৰিষদৰ কাৰ্যকাল বৃদ্ধি কৰাৰ যো-জা চলাই আছে।

আজি ধৰ্ণাত বহাসকলে ডিমা হাচাও অগপৰ ফালৰ পৰা জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যপাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে, য’ত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰা হৈছে।

উল্লেখনীয় যে যোৱা ফেব্ৰুৱাৰি মাহতে ডিমা হাচাও জিলাৰ জিলা উপায়ুক্ত দেৱজ্যোতি হাজৰিকাই পাৰ্বত্য পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা কাৰণে চৰকাৰৰ পাৰ্বত্য এলেকা উন্নয়ন দপ্তৰৰ সচিবক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। কিন্তু চৰকাৰে আজি কোপতি কোনো গুৰুত্ব দিয়া দেখা নগ’ল।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

তিৰংগা সমদলৰ পূৰ্বে অভিজিৎ দীপকৰ ঘৰত দিল্লী আৰক্ষী, বন্ধ ছেণ্ট্ৰেল পাৰ্ক; কি ঘটিছে দিল্লীত?

October 16, 2026 3:55 pm
সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

সকলোৱে নিজকে সাংবাদিক বুলি দাবী কৰিলে সুৰক্ষা দিয়াটো কঠিন! পৰ্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

October 16, 2026 2:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

দিল্লীৰ প্ৰতিবাদৰ ফলত ২,০০০ কোটি টকাৰ লোকচান! ব্যৱসায়ীৰ আৱেদনত কি ক’লে উচ্চতম ন্যায়ালয়ে?

October 16, 2026 5:55 pm
জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

জুবিন গাৰ্গৰ জীৱনৰ মূল্য মাত্ৰ ৫০ হাজাৰ টকা? মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ!

October 16, 2026 4:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd