DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ হেঁচাত কাম কৰে হাইলাকান্দিৰ উপায়ুক্ত আদিল খানে : বিধায়ক আনোৱাৰ হুছেইন লস্কৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
June 4, 2018 6:43 pm
AnowarHussainLaskar
79
VIEWS
Share on FacebookShare on Twitter

বৰাকৰ প্ৰভাৱশালী নেতা তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী গৌতম ৰয়ৰ ৰাজনৈতিক হেঁচাৰ বশৱৰ্তী হৈ হাইলাকান্দিৰ উপায়ুক্ত আদিল খানে কাম কৰাৰ অভিযোগ উত্থাপন কৰিছে হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হুচেইন লস্কৰে।

সোমবাৰে দিচপুৰত এখন সংবাদমেল সম্বোধন কৰি বিধায়ক লস্কৰে উপায়ুক্ত খান আৰু গৌতম ৰয়ৰ বিৰুদ্ধে সৰৱ হ’ল এ আই য়ু ডি এফৰ বিধায়কজনক। তেওঁ লগতে এজন আই এ এছ বিষয়া হৈয়ো উপায়ুক্তজনে ৰাজনৈতিক হেঁচাত নতশিৰ কৰা কাৰ্যক গৰিহণা দিয়াৰ লগতে আদিল খানৰ ঠাইত আন এগৰাকী আই এ এছ বিষয়াক নিযুক্তি দিয়াৰ আহ্বান জনায়।

বিধায়কজনে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিধায়কজনৰ আনটাইড ফাণ্ডৰ পৰা হাইলাকান্দিৰ এছ কে ৰয় অসামৰিক চিকিৎসালয় চৌহদত এটা শৌচাগাৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল। কিন্তু সেই স্থানত শৌচাগাৰ নিৰ্মাণৰ বিৰুদ্ধে কংগ্ৰেছ আৰু বিজেপিৰ একাংশ সদস্যই যুটীয়াভাৱে প্ৰতিবাদ সাব্যস্ত কৰাত উপায়ুক্তই সেই নিৰ্মাণ কাৰ্য বন্ধ কৰি দিছিল।

উল্লেখযোগ্য যে যোৱা ১৯ মে’ত চিকিৎসালয়খনৰ চৌহদত থকা প্ৰাক্তন বিধায়ক প্ৰয়াত সন্তোষ কুমাৰ ৰয়ৰ প্ৰতিমূৰ্তিৰ সমীপতে শৌচাগাৰ নিৰ্মাণ কৰা কাৰ্যৰ বিৰোধিতা কৰিছিল কংগ্ৰেছ আৰু বিজেপিৰ একাংশ সদস্যই। ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত সৃষ্টি হৈছিল তীব্ৰ উত্তেজনাৰ।

ইপিনে, সংবাদমেলত বিধায়ক লস্কৰে জানিবলৈ দিয়া মতে তেওঁৰ সন্মতি সাপেক্ষে উত্তেজনা শাম কটাবলৈ উপায়ুক্ত আদিল খানে সেইসময়ত নিৰ্মাণকাৰ্য বন্ধ ৰখাৰ নিৰ্দেশ দিছিল আৰু পৰৱৰ্তী সময়ত বুজাপৰাৰ মাজেদি সমাধান সূত্ৰ উলিওৱাৰ কথা আছিল। কিন্তু যোৱা দেওবাৰে বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৱাহাটীত থকা অৱস্থাত তেওঁৰ অজ্ঞাতেই অৰ্ধনিৰ্মিত শৌচাগাৰ ভাঙি তাৰ পৰা লোৰ ৰডসমূহ আঁতৰাই নিয়া হয়।

লস্কৰে এই সন্দৰ্ভত উপায়ুক্ত আদিল খানৰ লগত ফোন আৰু হোৱাটছ এপ যোগে যোগাযোগৰ চেষ্টা কৰে যদিও খানে সঁহাৰি নজনোৱা বুলি বিধায়ক গৰাকীয়ে প্ৰকাশ কৰে।

বিধায়ক লস্কৰৰ অভিযোগ অনুসৰি প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ হস্তক্ষেপত উপায়ুক্তই এই কাম কৰিছে। উপায়ুক্তই গণতান্ত্ৰিক মূল্যবোধৰ বিপৰীতে ৰাজনৈতিক হেঁচাতহে কাম কৰাৰ লগতে জনপ্ৰতিনিধিক দিয়া প্ৰতিশ্ৰুতি পালন নকৰা বুলিও মন্তব্য কৰে।

আনোৱাৰ হুচেইন লস্কৰে এই সমগ্ৰ ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্য মন্ত্ৰীক আহ্বান জনায়। তেওঁ লগতে এইদৰে এটা ৰাজহুৱা শৌচাগাৰ ভাঙি স্বচ্ছ ভাৰতৰ অভিযান কাৰ্যসূচীত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি এই বিষয় সন্দৰ্ভত প্ৰধান মন্ত্ৰীলৈও পত্ৰ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd