• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যা

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , May 3, 2018 10:02 pm

2 min read

FB_IMG_15253539424142814
86
VIEWS
Share on FacebookShare on Twitter

ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ প্ৰবক্তা তথা বডোছা নামৰ বড়ো ভাষাৰ এখন দৈনিক বাতৰি কাকতৰ কাৰ্যবাহী সম্পাদক জিওৱাৰি বসুমতাৰীৰ আত্মহত্যাই কোকৰাঝাৰত ব্যাপক চাঞ্চল্যই বিৰাজ কৰিছে। জানিব পৰা মতে আজি ৰাতিপুৱা প্ৰায় ৮ মান বজাত বসুমতাৰীৰ বাসগৃহ তথা বডোছা পাব্লিকেশ্যনত ৩২ বছৰীয়া বসুমতাৰীৰ মৃতদেহ উদ্ধাৰ হয়।

সদৌ অসম ক্ষুদ্ৰ বাতৰি কাকত মালিক সন্থাৰ প্ৰাক্তন সভাপতি তথা বডোছাৰ মুখ্য সম্পাদক প্ৰয়াত চিনো বসুমতাৰীৰ কন্যা জিওৱাৰি বসুমতাৰীয়ে মৃত্যুৰ সময়ত মাতৃ, বায়েক আৰু ভাতৃক এই সংসাৰত এৰি থৈ যায়।

কি কাৰণত জিওৱাৰি  বসুমতাৰীয়ে আত্মহত্যাৰ দৰে পথ বাচি ল’লে সেই সম্পৰ্কে পৰিয়ালৰ লোক জ্ঞাত নহয় বুলি পৰিয়ালৰ এক সূত্ৰই জানিবলৈ দিয়ে। জানিব পৰা মতে বুধবাৰে পৰিয়ালৰ লোকৰ সৈতে বসুমতাৰীয়ে চিকিৎসা সেৱা গ্ৰহণ কৰি গুৱাহাটীৰ পৰা কোকৰাঝাৰলৈ নিশা প্ৰায় ১০ মান বজাত উভটি আহিছিল। গোটেই নিশা মাকৰ কোঠাতে কটোৱাৰ পাছত আজি ৰাতিপুৱা আত্মহত্যাৰ দৰে নিকৃষ্ট পথ বাচি লয়।

পৰিয়ালৰ লোকে মৃতদেহ দেখা পোৱাৰ লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত বসুমতাৰীৰ মৃতদেহ জন্মভূমি চিৰাং জিলাৰ কাসীকত্ৰাৰ ভাওলাগুৰিলৈ লৈ অনা হয় আৰু তাতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। প্ৰবক্তাগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অজস্ৰ গুণমুগ্ধই তেওঁৰ বাসগৃহত ভিৰ কৰেহি আৰু শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

জিওৱাৰি বসুমতাৰীৰ মৃত্যু আমাৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে কোকৰাঝাৰ প্ৰেছ ক্লাবে। প্ৰেছ ক্লাবৰ সদস্য সকলে তেওঁৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ উপৰি ফকিৰাগ্ৰাম মহাবিদ্যালয়ৰ শিক্ষকসকলেও তেওঁৰ মৃত্য আচৰিত আখ্যা দিয়াৰ লগতে শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd