দিনক দিনে বঙাইগাঁৱৰ মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা।
উল্লেখযোগ্য যে শুকুৰবাৰে বঙাইগাঁৱৰ মাণিকপুৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুটাকা পৃথক পথ দুৰ্ঘটনা সংঘটিত হয়।
ইয়াৰে প্ৰথমটোত এ এছ ১৯ এ ৭১৭৮ নম্বৰৰ এখন বাইক দুর্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আহত হয় বাইক আৰোহী। আহত বাইক আৰোহী জনৰ নাম জিয়াৰুল হক আৰু ঘৰ বিজনীত বুলি জানিব পৰা গৈছে।
ইফালে গুৰুতৰভাৱে আহত বাইক আৰোহীক প্ৰথমতে মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকটজনক হোৱাত বৰপেটা ফকৰুদ্দিন আলি আহমেদ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আনহাতে দুৰ্ঘটনাত বঙাইগাঁও জিলাৰ মাণকিপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এখন সুৰা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত হয়।

এ এছ ১৭ বি ৯৮৫২ নম্বৰৰ সুৰা ভৰ্তি ট্ৰাকখন গুৱাহাটী আজাৰৰ পৰা বিলাসীপাৰালৈ গৈ থকা পথতে এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ট্ৰাকখনৰ চালকজন।
আনহাতে দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনত প্ৰায় ৮ লক্ষাধিক টকাৰ বিলাতী সুৰা আছিল বুলি জানিব পৰা গৈছে।