বঙাইগাঁৱ চহৰৰ পথত চলিব গুলপীয়া অটোৰিক্সা

বঙাইগাওঁ চহৰত চলিব মহিলা চালকে চলোৱা গুলপীয়া অটোৰিক্সা

বুধবাৰৰ পৰা বঙাইগাওঁ চহৰত তেৰখন গুলপীয়া ৰঙৰ অটোৰিক্সা চলিব। মহিলাই চলাবলগীয়া এই গুলপীয়া ৰঙৰ অটোৰিক্সাত কেৱল মহিলা যাত্ৰী আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীহে ভ্ৰমণ কৰিব পাৰিব।

এই অটোৰিক্সা চলোৱাৰ বাবে ১৩ গৰাকী মহিলাক ইতিমধ্যে দিছপুৰ মটৰ ড্ৰাইভিং স্কুলে প্ৰশিক্ষণ দিছে। এই ড্ৰাইভিং স্কুলখনে এই উদ্দেশ্যে বঙাইগাওঁ চহৰত ২ মাহৰ বাবে বিশেষ প্ৰশিক্ষণ শিৱিৰৰ আয়োজন কৰিছিল।

চহৰখনৰ পথত পৰীক্ষণমূলক ড্ৰাইভিং সম্পন্ন কৰাৰ পিছত তেওঁলোকক জিলা পৰিবহন কাৰ্যালয়ৰ পৰা অনুজ্ঞাপত্ৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰীয় নগৰাঞ্চল জীৱিকা অভিযানৰ অধীনত বঙাইগাওঁ পৌৰনিগমে এই মহিলাসকলক বুধবাৰে এই অটোৰিক্সাসমূহ আগবঢ়াব।

বঙাইগাওঁ শোধানাগাৰে অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰি তুলিবলৈ এই মহিলাসকলক ১০ খন অটোৰিক্সা প্ৰদান কৰিছে। বঙাইগাওঁ চহৰ প্ৰকল্প পৰিচালক কুসুম্বৰ চৌধুৰীয়ে এই কথা জনাইছে।

মহিলা যাত্ৰীৰ বাবে অটোৰিক্সা চলোৱাৰ এই ধাৰণাটো মোৰ মনলৈ আহিছিল যোৱা বছৰ আমাৰ আত্মসহায়ক গোটৰ এগৰাকী মহিলা সদস্যক এজন অটোচালকে অপহৰণ কৰাৰ চেষ্টা চলোৱাৰ পৰা কথমপি ৰক্ষা পৰাৰ পিছত।

‘’মই এই বৃত্তিৰ প্ৰতি আকৰ্ষিত হৈছিলো কিয়নো ই মহিলা যাত্ৰীসকলৰ সুৰক্ষিত ভ্ৰমণ নিশ্চিত কৰিব আৰু মোৰ জীৱিকাও চলিব,’’-এই আঁচনিৰ এগৰাকী হিতাধিকাৰী ৩৮ বছৰীয়া সংগীতা সৰকাৰ বিশ্বাসে কয়।