• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্যপ্ৰাণীৰ মৃত্যু : ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদৰ হাতত বন্যপ্ৰাণী সুৰক্ষাৰ চাবি কাঠি

অনিৰ্বান ৰায় by অনিৰ্বান ৰায়
February 12, 2018 10:00 am
The-injured-elephant-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্যপ্ৰাণী, বিশেষকৈ দ্ৰুতবেগী ৰে’লৰ খুন্দাত হাতীৰ মৃত্যুৰ বৰ্দ্ধিত ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি বন্যপ্ৰাণীৰ সঞ্চৰণ অঞ্চলৰ প্ৰতিটো নতুন আন্ত:গাঁথনিৰ বাবে এতিয়া ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ (এনবিডব্লিউ)ৰ অনুমোদনৰ প্ৰয়োজন হ’ব।

শনিবাৰে সন্ধিয়া মধ্য অসমৰ হোজাই জিলাৰ হাৱাইপুৰ ৰে’ল ষ্টেশ্যনৰ সমীপত শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’লখনে চাৰিটাকৈ হাতীক খুন্দিয়াই নিহত কৰিছিল। হাতীকেইটাই লংকা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই আহি দ্ৰুতবেগী ৰে’লখনৰ আগেৰে পাৰ হৈ যাব বিচাৰিছিল।

Apply Now

ৰাজ্যৰ বন বিভাগৰ বিষয়াসকলে এই মৃত্যুৰ ঘটনাক লৈ উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মালিগাঁৱৰ মুখ্য কাৰ্যালয়ত দেওবাৰে তীব্ৰ প্ৰতিবাদ জনাইছিল। বন বিভাগৰ বিষয়াসকলে বনৰীয়া হাতী চলাচল কৰা পথছোৱাত এই ‘ঘাতক ৰে’ল’ খনৰ গতিক লৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে।

২০১৬ চনৰ ২১ ডিচেম্বৰত অসমৰ বন বিভাগে লামডিঙৰ ডিভিজনেল ৰে’লৱে মেনেজাৰ (ডিআৰএম)ক জনাইছিল যে লামডিং, হোজাই আৰু লংকা বনাঞ্চলৰ দক্ষিণ-পশ্চিম দিশেৰে যোৱা ৰে’ল লাইনত ১৯ টা বনৰীয়া হাতী চলাচল কৰা পথ (এলিফেন্ট কৰিডৰ) আছে।

যোৱা বছৰ ডিচেম্বৰৰ ১০ তাৰিখে মধ্য অসমৰ শোণিতপুৰ জিলাৰ বালিপাৰাৰ সমীপত এখন দ্ৰুতবেগী ৰে’লে এগৰাকী গাভিনী হাতীকে ধৰি পাঁচটা বনৰীয়া হাতীক মহটিয়াই নিছিল। ঘটনাস্থলীতে পাঁচোটা হাতীৰ মৃত্যু হৈছিল।

মৃত গাভিনী হাতীটোৰ পৰা পিছত এটি মৃত পোৱালি নিষ্কৰ্ষণ কৰি উলিয়াইছিল। দুৰ্ভাগ্যজনকভাৱে, ২০১৭ ত অসমত বিদ্যুৎস্পৃষ্ট হৈ, ৰে’লৰ খুন্দাত তথা মানুহৰ সৈতে সংঘাতৰ পৰিণতিত মুঠতে ৪০ টা বনৰীয়া হাতীৰ মৃত্যু হৈছিল।

বন্যপ্ৰাণীৰ অৱাসস্থলীৰ মাজেৰে পাৰ হৈ যোৱা ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’ল পথ আৰু বিদ্যুৎসংযোগী লাইনৰ সকলো প্ৰস্তাৱ এতিয়াৰে পৰা বন্যপ্ৰাণীৰ চলাচল সুৰক্ষিত কৰাৰ বাবে ‘বিশদ পৰিকল্পনা’ৰে দাখিল কৰিব লাগিব আৰু ইয়াৰ বাবে এক বিশেষ বাজেট ধাৰ্য কৰিব লাগিব।

বন্যপ্ৰাণী সুৰক্ষা পৰিষদৰ এগৰাকী সদস্যই নৰ্থ ইষ্ট নাওক জনায় যে আন্ত:গাঁথনিমূলক প্ৰকল্পৰ বাবে বিশেষ অনুমোদনৰ বিষয়টো অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত যোৱা ২৫ জানুৱাৰীত কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰালয়ৰ বিভাগৰ মন্ত্ৰী হৰ্ষবৰ্দ্ধনৰ অধ্যক্ষতাত এখন স্থায়ী সমিতিৰ বৈঠকত গ্ৰহণ কৰা হয়।

উক্ত বৈঠকত ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ সঞ্চালক ভি বি মাথুৰ আৰু ৰাষ্ট্ৰীয় ব্যঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষৰ বিষয়া দেবব্ৰত ছোৱাইন আৰু নিশান্ত বাৰ্মাও উপস্থিত আছিল।

আগন্তুক সকলো আন্ত:গাঁথনিমূলক প্ৰকল্পৰ ‘’বন্যপ্ৰাণী সঞ্চালন’’ বিষয়টো এতিয়া  বিশদ প্ৰকল্প প্ৰতিবেদনৰ (ডিপিআৰ) অংশ হৈ পৰিব। ৰূপায়নকাৰী সংস্থাসমূহে এতিয়া সংৰক্ষিত অঞ্চলৰ এখন আৱয়বিক মানচিত্ৰত সকলোবোৰ বন্যপ্ৰাণী চলাচল কৰা পথ চিহ্নিত কৰা প্ৰয়োজন হ’ব।

বন্যপ্ৰাণীৰ, বিশেষকৈ হাতীৰ সুৰক্ষাৰ বিষয়টোত সদস্যসকলে পতিয়ন গ’লেহে প্ৰকল্পটোত ৰাষ্ট্ৰীয় বন্যপ্ৰাণী সুৰক্ষা পৰিষদে অনুমোদন জনাব।

বিগত এটা দশকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও সংৰক্ষণ বিষয়ক বেচৰকাৰী সংস্থাই উত্তৰ-পূৰ্বাঞ্চলৰ ঘাইপথ আৰু ৰে’ল পথত বন্যপ্ৰাণীৰ মৃত্যু হোৱাৰ ঘটনা সম্পৰ্কত বিভিন্ন প্ৰাৰম্ভিক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ সম্পৰ্কত প্ৰচাৰ চলাই আহিছে। বেছিভাগ ক্ষেত্ৰতে তীব্ৰবেগী যান-বাহন চলাচল কৰা বহুমুখী পথসমূহত বন্যপ্ৰাণী পাৰ হৈ যোৱাটো প্ৰায় অসম্ভৱ হৈ পৰে।

আনহাত, বনমন্ত্রী প্রমীলাৰাণী ব্রহ্মই হোজাইৰ ঘটনাটো সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই ঘটনা ৰে’ল বিভাগৰ ভুলৰ বাবেহে সংঘটিত হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তৱ্য কৰিছে। তেওঁ কয় যে বন বিভাগৰ পৰা বাৰাম্বাৰ ৰে’ল কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে।

 

অনিৰ্বান ৰায়

অনিৰ্বান ৰায়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

অযোধ্যা ৰাম মন্দিৰৰ দানৰ ধন চুৰি কাণ্ড: নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ ন্যাসৰ প্ৰধান চম্পত ৰায় আৰু অনিল মিশ্ৰৰ

June 26, 2026 2:44 pm
ব্যৱসায়ী কেতন  আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

ব্যৱসায়ী কেতন আগৰৱালাৰ হত্যা! প্ৰেমিকক লগত লৈ ছিয়াই ৰচিছিল ষড়যন্ত্ৰ; শিহৰণকাৰী ঘটনাৰ ৰহস্য ফাদিল

June 26, 2026 1:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

প্ৰথমবাৰৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে অপাৰেচন সিন্দুৰত শ্বহীদ হোৱা ৬গৰাকী জোৱানৰ নাম

June 26, 2026 3:20 pm
হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

হলিউডৰ সোণালী যুগৰ অন্যতম জনপ্ৰিয় তাৰকা অভিনেত্ৰী এন ব্লাইথৰ দেহাৱসান

June 26, 2026 3:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd