নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিবাদ- বিক্ষোভৰ জুই জ্বলি থকাৰ মাজতে হিন্দু বাংলাদেশীৰ হৈ ওকালতি কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ৰাজ্যৰ শিক্ষা মন্ত্ৰী সিদ্ধান্ত ভট্টাচাৰ্য।
শেহতীয়াভাৱে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিক্ৰিয়া আগবঢ়াই কয়— ‘ধৰ্মৰ ভিত্তিত ভাৰত বিভাজন হৈছিল, সেয়ে বাংলাদেশত থকা হিন্দু লোকসকলক ভাৰতত আশ্ৰয় দিয়াটো আমাৰ দায়িত্ব। দলৰ নীতি- আদৰ্শৰ পৰা আমি বিচ্যুত নহওঁ’।
একেটা প্ৰসংগতে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই কংগ্ৰেছক সমালোচনা কৰি কয় যে ‘নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দুমুখীয়া স্থিতি লৈছে কংগ্ৰেছে’। সকলোৱে পঢ়ক নাগৰিকত্ব সংশোধনী বিধেয়কখন। হিন্দু লোকক আমি আশ্ৰয় দিয়াত আপত্তি ক’ত?
আনহাতে আন এক বিস্ফোৰক মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় যে ৰোহিংগীয়া মুছলমানৰ বাবে দীঘলীপুখুৰীপাৰত মম জ্বলোৱা লোকসকলে হিন্দু লোকসকলক আশ্ৰয় দিয়াত বাধা দিছে কিয়?
সম্প্ৰতি মন্ত্ৰী ভট্টাচাৰ্যৰ মন্তব্যক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।বিশেষকৈ সমগ্ৰ ৰাজ্যবাসীয়ে বিতৰ্কিত বিধেয়কখনৰ বিৰোধিতা কৰি থকাৰ মাজতে সোণোৱাল মন্ত্ৰীসভাত নতুনকৈ অন্তৰ্ভুক্ত হোৱা মন্ত্ৰী গৰাকীয়ে হিন্দু বাংলাদেশীৰ হৈ ওকালতি কৰা বিষয়টোৱে এতিয়া ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।