• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশৰ সৈতে চুক্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী আছুৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , February 24, 2018 7:52 am

2 min read

220px-All_Assam_Students_Union_logo
109
VIEWS
Share on FacebookShare on Twitter

অসমৰ পৰা অবৈধ বাংলাদেশীক বহিস্কাৰ কৰিবলৈ ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে শীঘ্ৰেই এখন চুক্তি সম্পাদন কৰিব লাগে বুলি দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাই। আনহাতে, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে বাংলাদেশী বহিস্কাৰৰ বাবে চুক্তিৰ প্ৰয়োজন নাই বুলি কৈছিল।

ৰিজিজুৱে বাংলাদেশী বহিস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে বুলিও কৈছিল। গতিকে প্ৰত্যৰ্পণ চুক্তিৰ প্ৰয়োজন নহ’লে প্ৰচলিত আইনৰ আধাৰতে অবৈধ বাংলাদেশী বহিস্কাৰৰ শক্তিশালী প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এটা বিবৃতিত লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মন্তৱ্য অবাঞ্চনীয়।

আছুৱে কয় যে ভাৰত এখন সাৰ্বভৌম দেশ। আমাৰ দেশৰ নিজৰ সংবিধান আছে। স্বাধীনতাৰ পিছৰে পৰা তেতিয়াৰ পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ পৰা অবিৰতভাৱে ঘটা অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ জনগাঁথনি সলনি কৰিছে। অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় সংকটত পৰিছে।

সন্থাই লগতে উনুকিয়াই দিয়ে যে এই বিষয়টোক লৈয়েই বিশ্ববিখ্যাত অসম আন্দোলন আৰম্ভ হৈছিল আৰু ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল।

অসম চুক্তি অনুসৰি বৰ্তমান নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকীত নাগৰিক পঞ্জীৰ কাম চলি আছে। এনে সময়তে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাৰ বক্তৱ্য হস্তক্ষেপৰ বাহিৰে একো নহয়। হাছিনাৰ মন্তৱ্যই দেশৰ উচ্চতম ন্যায়ালয়কো অৱমাননা কৰিছে বুলি কয় ছাত্ৰ সংগঠনটোৱে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণক লৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনা শংকিত হোৱাটোৱে আকৌ এবাৰ অসম আন্দোলন আৰু অসম চুক্তিৰ তাৎপৰ্য প্ৰতিপন্ন কৰিলে বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰহমানে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰতিশ্ৰুতি দিছিল যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকলো লোককে বাংলাদেশে ঘুৰাই ল’ব।

আছুৱে দাবী কৰে যে পিতৃৰ প্ৰতিশ্ৰুতিৰ ৰক্ষা কৰি হাছিনাই প্ৰতিজন অবৈধ বাংলাদেশীক ঘুৰাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। বিবৃতিটোত কোৱা হৈছে যে অসম চুক্তি অনুসৰি অবৈধ বাংলাদেশী বহিস্কাৰৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। সেয়েহে বহিস্কৰণৰ পথ প্ৰশস্ত কৰিবলৈ ভাৰত চৰকাৰে শ্বেখ হাছিনাৰ লগত আলোচনা কৰা উচিত।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd