• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ সৈতে চুক্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী আছুৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 24, 2018 7:52 am
220px-All_Assam_Students_Union_logo
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা অবৈধ বাংলাদেশীক বহিস্কাৰ কৰিবলৈ ভাৰত চৰকাৰে বাংলাদেশৰ সৈতে শীঘ্ৰেই এখন চুক্তি সম্পাদন কৰিব লাগে বুলি দাবী তুলিছে সদৌ অসম ছাত্ৰ সন্থাই। আনহাতে, কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে বাংলাদেশী বহিস্কাৰৰ বাবে চুক্তিৰ প্ৰয়োজন নাই বুলি কৈছিল।

ৰিজিজুৱে বাংলাদেশী বহিস্কাৰৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছে বুলিও কৈছিল। গতিকে প্ৰত্যৰ্পণ চুক্তিৰ প্ৰয়োজন নহ’লে প্ৰচলিত আইনৰ আধাৰতে অবৈধ বাংলাদেশী বহিস্কাৰৰ শক্তিশালী প্ৰশাসনীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

Apply Now

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এটা বিবৃতিত লগতে কয় যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সম্পৰ্কে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ মন্তৱ্য অবাঞ্চনীয়।

আছুৱে কয় যে ভাৰত এখন সাৰ্বভৌম দেশ। আমাৰ দেশৰ নিজৰ সংবিধান আছে। স্বাধীনতাৰ পিছৰে পৰা তেতিয়াৰ পূব পাকিস্তান তথা বৰ্তমানৰ বাংলাদেশৰ পৰা অবিৰতভাৱে ঘটা অবৈধ বিদেশীৰ প্ৰব্ৰজনে অসমৰ জনগাঁথনি সলনি কৰিছে। অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় সংকটত পৰিছে।

সন্থাই লগতে উনুকিয়াই দিয়ে যে এই বিষয়টোক লৈয়েই বিশ্ববিখ্যাত অসম আন্দোলন আৰম্ভ হৈছিল আৰু ঐতিহাসিক অসম চুক্তি সম্পাদিত হৈছিল।

অসম চুক্তি অনুসৰি বৰ্তমান নাগৰিক পঞ্জী উন্নীতকৰণৰ কাম চলি আছে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু তদাৰকীত নাগৰিক পঞ্জীৰ কাম চলি আছে। এনে সময়তে বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনাৰ বক্তৱ্য হস্তক্ষেপৰ বাহিৰে একো নহয়। হাছিনাৰ মন্তৱ্যই দেশৰ উচ্চতম ন্যায়ালয়কো অৱমাননা কৰিছে বুলি কয় ছাত্ৰ সংগঠনটোৱে।

উচ্চতম ন্যায়ালয়ৰ তদাৰকত চলি থকা অসমৰ নাগৰিকপঞ্জী উন্নীতকৰণক লৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰী হাছিনা শংকিত হোৱাটোৱে আকৌ এবাৰ অসম আন্দোলন আৰু অসম চুক্তিৰ তাৎপৰ্য প্ৰতিপন্ন কৰিলে বুলি সংগঠনটোৱে প্ৰকাশ কৰে।

বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পিতৃ শ্বেখ মজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথমজন প্ৰধানমন্ত্ৰী আছিল। দায়িত্বভাৰ গ্ৰহণ কৰিয়েই ৰহমানে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰতিশ্ৰুতি দিছিল যে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত প্ৰৱেশ কৰা সকলো লোককে বাংলাদেশে ঘুৰাই ল’ব।

আছুৱে দাবী কৰে যে পিতৃৰ প্ৰতিশ্ৰুতিৰ ৰক্ষা কৰি হাছিনাই প্ৰতিজন অবৈধ বাংলাদেশীক ঘুৰাই লোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক। বিবৃতিটোত কোৱা হৈছে যে অসম চুক্তি অনুসৰি অবৈধ বাংলাদেশী বহিস্কাৰৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ। সেয়েহে বহিস্কৰণৰ পথ প্ৰশস্ত কৰিবলৈ ভাৰত চৰকাৰে শ্বেখ হাছিনাৰ লগত আলোচনা কৰা উচিত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ      

ভাঙি পৰিল সচিবালয়ৰ সন্মুখৰ গছৰ ডাল: কথমপি প্ৰাণ ৰক্ষা সাংবাদিক মহেশ ডেকাৰ, বিস্তৰ ক্ষতিসাধন বাহনৰ    

July 16, 2026 4:26 pm
আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

আমেৰিকাৰ শীৰ্ষ বেংকৰ ‘সংস্কাৰ’ টাস্ক ফ’ৰ্চত ৰঘুৰাম ৰাজন; গুৰুত্বপূৰ্ণ পদত আৰু দুজন ভাৰতীয়

July 16, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

ইছৰো এৰিলে ১০০ গৰাকী বিজ্ঞানীয়ে! গগনযানকে ধৰি কেইবাটাও প্ৰকল্পত প্ৰভাৱ, কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

July 16, 2026 5:22 pm
কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

কোঠাত স্বামীৰ ৰক্তাক্ত শৰীৰ! গুৰুতৰভাৱে আহত সন্তান, কাষত বহি মোবাইল স্ক্ৰল কৰাত ব্যস্ত পত্নী

July 16, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd