বাক্সাৰ তামুলপুৰত অবৈধ কাঠফলা মিল উচ্ছেদ বন বিভাগৰ

baksa

বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ তামুলপুৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়ৰ অধীনৰ নাগ্রীজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত লতিবাৰীৰ মাজগাড়ী আৰু সৰু বালিসিহা গাৱঁত এছ এছ বি আৰু বন বিভাগে অভিযান চলাই আজি ২ জুলাইত দুটা অবৈধ কাঠ ফলা মিল উচ্ছেদ কৰে।

জব্দকৃত মিলৰ মেচিন, জেনেৰেটৰ আৰু কাঠৰ কুন্ডাখিনিৰ মূল্য প্ৰায় তিনি লাখ টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিছে৷

কিন্তু মিল দুটাৰ এজনো কৰ্মচাৰীক কৰিব নোৱাৰিলে অভিযানকাৰী দলে।

এচ এচ বিৰ ২৪ নং বেটেলিয়নৰ সহযোগত তামুলপুৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ বন বিষয়া ফুকন চন্দ্ৰ ডেকাৰ নেতৃত্বত দিনৰ ভাগত অভিযানটো চলোৱা হৈছিল।

ভৱিষ্যতেও এনে অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে চোৰাং কাঠ ব্যৱসায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰিছে বন বিভাগে।