• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাজেটত ৰাজ্যৰ কৃষকৰ বাবে একোৱেই নাই : কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 13, 2018 5:41 pm
Krishak_Shramik
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি উত্থাপন কৰা বাজেটখন একত্ৰীকৰণ, সম্প্ৰসাৰণ তথা উত্তৰণমুখী বুলি নিজে অভিহিত কৰাৰ বিপৰীতে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতি প্ৰদীপ কলিতাই এই বাজেটখনত কৃষকৰ বাবে বিশেষ একো আঁচনি নল’লে বুলি অভিযোগ তোলে।

আজি এখন সংবাদমেলৰ পিছত কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ ৰাজ্যিক সভাপতি প্ৰদীপ কলিতাই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা এক সাক্ষাৎকাৰত উল্লেখ কৰে যে কালিৰ বাজেটে অসমৰ কৃষকসকলৰ প্ৰতি একো বিশেষ ভাল খবৰ কঢ়িয়াই অনা নাই। বাজেটখন কৃষক ৰাইজক শত্ৰু জ্ঞান কৰা এখন বাজেট বুলি তেওঁ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে।

Apply Now

উল্লেখযোগ্য যে কালি দাখিল কৰা বাজেটখনত হিমন্ত বিশ্ব শৰ্মাই কৃষকৰ পুৰণি ঋণৰ বোজা হ্ৰাস কৰাত কৃষকসকলক সহায় কৰাৰ বাবে লোৱা আঁচনিৰ নামত ৫০০ কোটি টকা ধাৰ্য্য কৰাৰ লগতে কৃষি উপকৰণ ক্ৰয়ৰ বাবে কৃষকসকলক ৭৫ শতাংশ ৰাজ সাহায্য (সৰ্বাধিক ৫০০০ টকা) দিয়াৰ ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে কৃষক-শ্ৰমিক উন্নয়ন পৰিষদৰ সভাপতিগৰাকীয়ে ‘’কালিৰ বাজেটত কৃষকক কে চি চি ঋণ প্ৰদান কৰাৰ কথা উল্লেখেই নকৰিলে লগতে বান গৰাখহনীয়াৰ বাবদ কোনো ধন ধাৰ্য্য নকৰিলে‘’ বুলি অভিযোগ কৰে।

ইয়াৰোপৰি বান-গৰাখহনীয়াৰ সন্দৰ্ভত সংস্থাৰ সভাপতিজনে কয় ‘’গৰাখহনীয়াৰ ফলত ৰাজ্যৰ কৃষকসকলৰ কৃষিভূমি ধ্বংসৰ গৰাহত পৰিছে। তাৰোপৰি মই এই বিজেপি চৰকাৰৰ দিনতে কৃষি বিষয়াৰ মুখ্য কাৰ্য্যালয়ত গৰাখহনীয়াৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কৃষিভূমিৰ সঠিক হিচাপ বিচাৰি, ৰাজহ গাওঁৰ ক্ষতিগ্ৰস্তৰ খাতিয়ান বিচাৰি আৰ টি আই কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনক কথা যে তেওঁলোকে এই আৰ টি আইৰ বৰ্তমান পৰ্যন্ত উত্তৰ দিব পৰা নাই।‘’

এই উত্তৰ দিব নোৱৰা বাবে কৃষি বিভাগক ধিক্কাৰ প্ৰদান কৰি তেওঁ কয়, ‘’উত্তৰ দিব নোৱৰাটোৱে বাজেটত কোনোধৰণৰ আঁচনি ধাৰ্য্য নকৰাটোকেই সূচায়।‘’

ইয়াৰোপৰি যোৱা বছৰ বাৰিষাৰ সময়ত কলিয়াবৰৰ হাতীমূৰা মথাউৰি ব্ৰহ্মপুত্ৰৰ কোবাল সোঁতে ভাঙিছিল। ইয়াৰ ফলস্বৰূপে কলিয়াবৰৰ বহুতো গাওঁ জলমগ্ন হৈ পৰিছিল।

অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী তথা কলিয়াবৰৰ বিধায়ক কেশৱ মহন্তই এই মথাউৰি ততাতৈয়াকৈ নিৰ্মাণ কৰি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও বৰ্তমানলৈকে নিৰ্মাণ কৰা নাই বুলি কলিয়াবৰবাসী ৰাইজে অভিযোগ তুলিছে। সৌ সিদিনা কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই এই মথাউৰি নিৰ্মাণৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী তথা মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছিল।

এই সন্দৰ্ভত প্ৰদীপ কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত কয়, ‘’ হাতীমূৰাকে ধৰি অসমৰ ১৪৯টা মথাউৰি বানপানীৰ ফলত ভাগিছে। এই বিষয়ে আমি কলিয়াবৰত কেশৱ মহন্তক সাক্ষাৎ কৰি ততাতৈয়াকৈ মথাউৰিকেইটা পুনৰ নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছিলো। কিন্‌তু দুৰ্ভাগ্যৰ বিষয় যে বাৰিষা কাল আহি পাবৰ হোৱাতো তেওঁলোকে মথাউৰি মেৰামতিৰ কাম আৰম্ভ কৰাত ব্যৰ্থ হ’ল।

তেওঁৰ মতে, ‘মন্ত্ৰী বিধায়কসকলে কমিশ্যন খোৱাৰ অংকত বছৰৰ শেষলৈকে উন্নয়নমূলক কাম কৰিবলৈ ৰৈ থাকে।’

তদুপৰি তেওঁ মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি কয়, ‘মাৰ্চ মাহ শেষ হ’বলৈ হ’ল তথাপি মথাউৰি নিৰ্মাণৰ নামত ধাৰ্য্য কৰা ধন খৰচ কৰাত ব্যৰ্থ হ’ল। গতিকে আমি ক’ব বিচাৰিছো যে বিজেপি চৰকাৰৰ জলসম্পদ বিভাগকে ধৰি আটাইকেইটা বিভাগ উন্নয়নমূলক কাম কৰাৰ ক্ষেত্ৰত চৰম বিফল।’

হাতীমূৰা মথাউৰিকে ধৰি ৰাজ্যৰ অন্যান্য অঞ্চলৰ জহি-খহি যোৱা মথাউৰি নিৰ্মাণত চলি আছে ব্যাপক কেলেংকাৰি হৈ আছে বুলি প্ৰদীপ কলিতাই দাবী কৰে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am
কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

কোন এই নিদাল হাছান? কিয় আমেৰিকাৰ প্ৰাক্তন সৈনিকৰ মৃত্যুদণ্ডৰ লাইভ সম্প্ৰচাৰৰ সিদ্ধান্ত লোৱা হ’ল?

October 10, 2026 10:54 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd