• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাল্যবিবাহ : মাতব্বৰ-গাঁওবুঢ়াসহ ৪জন লোকক আটক লতাশিল আৰক্ষীৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 15, 2018 9:44 am

2 min read

444
109
VIEWS
Share on FacebookShare on Twitter

একাংশ এলান্ধুকলীয়া চিন্তাধাৰাৰ লোকৰ বাবে এতিয়াও বাল্যবিবাহৰ দৰে কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই অসম।

বাল্যবিবাহক অপৰাধ হিচাপে গণ্য কৰা হয় যদিও এইবাৰ গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদতেই বুধবাৰে তেনে এক ঘটনা সংঘটিত হোৱাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে।

দুৰ্ভাগ্যজনকভাৱে, মাতব্বৰ, গাঁওবুঢ়াৰ সহযোগতেই  ৯ বছৰীয়া এটি কন্যা শিশুক কইনা সজাই বিয়া দিয়াৰ প্ৰচেষ্টা চলোৱাৰ সময়তে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয় চৌহদত ধৰা পৰে বাল্যবিবাহৰ ঘটনা।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল উচ্চ ন্যায়ালয়ৰ অধিবক্তা বুলি দাবী কৰা এগৰাকী অধিবক্তাৰ সহযোগতেই উচ্চ ন্যায়ালয় চৌহদত এই বাল্যবিবাহৰ প্ৰচেষ্টা চলোৱা হৈছিল যদিও একাংশ জ্যেষ্ঠ অধিবক্তা, ন্যায়ালয়ৰ নিৰাপত্তাৰক্ষী আৰু মহানগৰ আৰক্ষীৰ তৎপৰতাত দুষ্ট চক্ৰটো আটক হয় যদিও উক্ত অধিবক্তাগৰাকী পলাই যাবলৈ সক্ষম হয়।

৯ বছৰীয়া কন্যা শিশুটিৰ লগতে দৰা চুৰমান আলী, মাতব্বৰ ছামচুল হক আৰু গাঁওবুঢ়া ইয়ানুছ আলীক লতাশিল আৰক্ষীয়ে আটক কৰিছে  ।

বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত উচ্চ ন্যায়ালয়ৰ পুৰণি বিল্ডিং চৌহদত এগৰাকী কন্যা শিশুক কইনা সজাই লগত অহা একাংশ লোকে অৱস্থান কৰাত সন্দেহৰ সৃষ্টি হৈছিল একাংশ অধিবক্তাৰ।

জ্যেষ্ঠ অধিবক্তা ভীম সিং সিনহাই ঘটনাটো প্ৰত্যক্ষ কৰি তেওঁলোকৰ কাষলৈ আহি ঘটনাৰ বুজ লোৱাৰ চেষ্টা কৰে।  এ কে আজাদ নামৰ অধিবক্তাজনক মাতব্বৰ যেন লগা লোকজনে দুহেজাৰটকীয়া বাণ্ডিলৰ পৰা কেইবাখনো  নোট উলিয়াই দিয়াৰ দৃশ্যও উপস্থিত অধিবক্তাসকলে প্ৰত্যক্ষ কৰে।

অধিবক্তা সিনহাই সন্দেহবশতঃ ছোৱালীজনীক বিয়া দিবলৈ অনা হৈছে নেকি বুলি সোধাৰ পাছতেই অধিবক্তাজনে পলায়ন কৰাত ইয়াৰ সত্যতা প্ৰতিপন্ন হয়। পৰৱৰ্তী সময়ত চক্ৰটোৰ আৰু এজন লোক পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে।

উচ্চ ন্যায়ালয়ৰ অধিবক্তা, ন্যায়ালয়ৰ নিৰাপত্তাৰক্ষী আৰু স্থানীয় লতাশিল আৰক্ষীৰ সহযোগতএই সম্পৰ্কত চাৰিজন লোকক আটক কৰা হয়।

লতাশিল আৰক্ষীৰ জিম্মাত থকা লোককেইজনে অধিবক্তা এ কে আজাদে কন্যাটিৰ আইনী বিবাহ সম্পন্ন কৰাবৰ বাবে তেওঁলোকক মাতি অনা বুলি স্বীকাৰ কৰিছে।

জানিব পৰা মতে, ছয়গাঁৱৰ গৰৈমাৰীৰ কন্যাটিক তোলনীয়া পিতৃয়ে একে গাঁৱৰে মিস্ত্ৰী চুৰমান আলী (২১)লৈ বিয়া দিয়াৰ ষড়যন্ত্ৰ কৰিছিল।

Recent News

a mori

গণৰাজ্য দিৱস উদযাপন সন্দৰ্ভত মৰিগাঁৱত পৰ্যালোচনা সভা

3cc7ae1a4adc52c5d680f64cc290d44091aa9c846eb8c05567d7b88e61b981b1

অন্ত পৰিব কৃষক বিদ্ৰোহ!, ২১ জানুৱাৰিত সৰ্বোচ্চ ন্যায়ালয়ে গঠন কৰি দিয়া সমিতিৰ সৈতে প্ৰতিবাদকাৰী কৃষকৰ বৈঠক

aa covw3

কোভিডৰ ভেকচিন লৈ এইবাৰ পশ্চিমবংগত অসুস্থ ১৪ জন, দুজনৰ অৱস্থা সংকটজনক

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলা জয়ৰ পিছতেই ভাৰতীয় দললৈ কোটি টকাৰ পুৰস্কাৰ ঘোষণা BCCI-ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd