• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে খচৰাৰ পৰা বাদ পৰা মানুহখিনিক ৰাজনৈতিক অংকত ব্যৱহাৰ কৰিব বিচাৰিছে : দেৱব্ৰত শইকীয়া

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
August 7, 2018 9:12 pm
Debabrata Saikia

এন আৰ চিৰ খচৰাৰ পৰা বহু লাখ ভাৰতীয় লোকৰ নাম বাদ পৰাৰ বাবে চৰকাৰ আৰু এন আৰ চি কৰ্তৃপক্ষক দোষাৰোপ কৰি অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল। ফটো : য়ু বি।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিয়ে এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা বাদ পৰা মানুহখিনিক ৰাজনৈতিক ইচ্ছ্যু হিচাপে ব্যৱহাৰ কৰিব বিচৰাৰ অভিযোগ আনিলে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

মঙলবাৰে গুৱাহাটীৰ এখন হোটেলত সংবাদমেল সম্বোধন কৰি শইকীয়াই কয়, “বিজেপিয়ে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা লোকৰ সংখ্যা বৃদ্ধি কৰিব বিচাৰিছে আৰু সেই সংখ্যাৰ ভিত্তিত তেওঁলোকে ভোট সংগ্ৰহ আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ বাবে জনসমৰ্থন আদায়ৰ চেষ্টা কৰিছে। বিজেপিয়ে জনগণক এটা ধাৰণা দিবলৈ চেষ্টা কৰিছে যে নতুনকৈ অহা যথেষ্ট সংখ্যক বাংলাদেশী লোকৰ নাম খচৰাৰ পৰা বাদ পৰি আছে গতিকে আমি নাগৰিকত্ব সংশোধনী বিধেয়কখন গ্ৰহণ কৰিব লাগে। বিজেপিয়ে তেনেকুৱা এটা বাতাবৰণ যেন সৃষ্টি কৰিব বিচাৰিছে, সেইটোৱে ভাব হয়।”

Apply Now

সংবেদমেলত শইকীয়াই কয় যে বিজেপিয়ে বিভিন্ন কৌশলেৰে এন আৰ চিৰ খচৰাৰ পৰা বাদ পৰা মানুহৰ সংখ্যা বঢ়াই দেখুৱাবৰ চেষ্টা কৰিছে।

তেওঁ কয়, “এটা গোচৰত উচ্চতম ন্যায়ালয়ে পঞ্চায়ত নথিসমূহ ভালদৰে ‘ৰেকৰ্ড মেইনটেইন’ কৰাৰ ব্যৱস্থা কৰি সেইবোৰ গ্ৰাহ্য কৰিবলৈ কৈছিল। সেইমতে বহু অঞ্চলত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি পঞ্চায়তৰ নথিসমূহ চোৱা হ’ল। কিন্তু তাৰ পাছতো সেই নামসমূহ সুমুৱাই দিয়া নাই।”

তেওঁ লগতে কয় যে বহু লোকৰ শিক্ষাৰ অভাৱৰ বাবে আন নথি নাথাকে। তেওঁলোকে পঞ্চায়তৰ নথি দাখিল কৰিছিল। তৰোপৰি মহিলাসকলৰ ক্ষেত্ৰত পঞ্চায়তৰ নথি প্ৰয়োজন হৈছিল বিবাহ সূত্ৰে গৈ এটা নতুন অঞ্চলত নাম অন্তৰ্ভুক্ত কৰা বাবে। তেওঁলোকৰ পিতৃৰ ফালৰ পৰা লিগেচি আছিলেই। তৎসত্ত্বেও পঞ্চায়তৰ প্ৰমাণপত্ৰ অগ্ৰাহ্য কৰি বৰ্তমানৰ চৰকাৰখনে এটা ৰাজনীতি কৰিব বিচাৰিছে।

এন আৰ চিখন অসমৰ ৰাইজে শুদ্ধভাৱে হোৱাটো বিচাৰি আছে। কিন্তু চৰকাৰে ইয়াক যিমান পাৰি শুদ্ধ কৰাৰ যত্ন কৰা নাই। তাৰ সলনি বিজেপি দলে ৰাজনৈতিক ৰহণ সানি এই প্ৰক্ৰিয়াটোক এটা ৰাজনৈতিক ইচ্ছ্যু কৰিব বিচাৰিছে বুলি শইকীয়াই দাবী কৰে।

একেখন সংবাদমেলতে দেৱব্ৰত শইকীয়াই ১৯৭১ চনৰ বহু আগৰ আনকি ভাৰত স্বাধীন হোৱাৰো পূৰ্বৰে পৰা ভাৰতত থকা বহুকেইটা পৰিয়ালৰ লোকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত নোহোৱাৰ তথ্য দাঙি ধৰে। এই সম্পৰ্কত বিজেপিক কটাক্ষ কৰি তেওঁ কয়, “পুৰণি মানুহখিনিকে বিজেপিয়ে ন্যায় দিব পৰা নাই। কিন্তু তেওঁলোকে ২০১৪ চনলৈ অহাখিনিক গ্ৰহণ কৰিবলৈ এখন আইনৰ কথা কয়।”

আনহাতে বিৰোধী দলপতিজনে দাবী কৰে যে কংগ্ৰেছৰ দিনতে সৰ্বাধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে। তথ্য দাঙি ধৰি তেওঁ কয়, কংগ্ৰেছে অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছৰ পৰা ৮২ হাজাৰ অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰিছে। তাৰ বিপৰীতে বিজেপিৰ দিনত বহিষ্কৃত অবৈধ বাংলাদেশী ২ হাজাৰো নহয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

মেলবৰ্ণত মোডীক হত্যাৰ ষড়যন্ত্ৰ! ভ্ৰমণৰ পূৰ্বে অনলাইনত ভাবুকি; অষ্ট্ৰেলিয়া প্ৰশাসনে দিলে নিৰাপত্তাৰ আশ্বাস

July 5, 2026 7:37 am
মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

মিক্সাৰ গ্ৰাইণ্ডাৰ চাফা কৰাৰ সহজ উপায়: বেছি কষ্ট নকৰাকৈ মিক্সী আৰু জাৰৰ লেতেৰা চাফা কৰক

July 5, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

July 5, 2026 8:51 am
বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

বিপদত ত্ৰাণকৰ্তা এমবাপে, পেৰাগুৱেৰ প্ৰত্যাহ্বান নেওচি বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত ফ্ৰান্স

July 5, 2026 8:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd