• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিয়ে ধ্বংস কৰিলে অসমৰ সকলোতকৈ উৎকৃষ্ট খেলপথাৰখন, অভিযোগ অসম কৃষি বিশ্ববিদ্যালয়ৰ

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
June 7, 2018 7:49 pm
aau playground at Khanapara
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীক ‘ভাৰতৰ ক্ৰীড়া ৰাজধানী’ কৰি তুলিবলৈ সৰ্বপ্ৰচেষ্টা চলাই অহাৰ পৰতে অসমৰ এখন উৎকৃষ্ট খেলপথাৰ ‘ধ্বংস’ কৰাৰ অভিযোগত অভিযুক্ত হৈছে শাসনাধিষ্ঠ বিজেপি।

গুৱাহাটীৰ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ ধ্বংস কৰাৰ বাবে জগৰীয়া বিজেপি আৰু কামৰূপ (মঃ) জিলা প্ৰশাসন। এক আৰ টি আই আবেদনৰ উত্তৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সহযোগী সঞ্চালক ৰঞ্জিত নেওগে এই অভিযোগ আনিছে।

Apply Now

যোৱা ৫ বছৰত বৃহৎ ৰাজনৈতিক সমাৱেশ, প্ৰদৰ্শনী আৰু ক্ৰীড়াৰ লগত সম্পৰ্ক নথকা আন আন কাৰ্য্যকলাপৰ থলীত পৰিণত হৈছে গুৱাহাটী মহানগৰৰ দক্ষিণ প্ৰান্তৰ সুদৃশ্য বহুমুখী ক্ৰীড়া প্ৰকল্পটো।

নেওগে জনাই ক্ৰীড়া প্ৰকল্পটোত যোৱা ২০১১ চনৰ মে’ত আৰম্ভ কৰা যুৰীয়া ক্ৰিকেট পিত্চখন ‘বিজেপিৰ অসম প্ৰদেশে মাটিৰে পুতি পেলোৱাৰ ফলত’ বৰ্তমান আৰু ই খেলিব পৰা অৱস্থাত নাই। ক্ৰিকেটৰ প্ৰসাৰৰ বাবে অভিজ্ঞ ক্যুৰেটৰৰ তত্বাৱধানত এই পিত্চখন প্ৰস্তুত কৰা হৈছিল।

কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সঞ্চালকজনে কয় যে যোৱা ২০১৭ চনৰ মে’ত কেন্দ্ৰৰ এন ডি এ’ চৰকাৰৰ তৃতীয় তথা অসমৰ বিজেপি চৰকাৰৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত ভাগ ল’বলৈ অহা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভ্ৰমণৰ সময়ত বিজেপিয়ে ক্ৰিকেট পিত্চখন মাটিৰে পুতি পেলাইছিল।

৪৬.৬০ বিঘা এলেকাজুৰি পশু চিকিৎসা মহাবিদ্যালয়ত থকা বহুমুখী ক্ৰীড়া প্ৰকল্পটোলৈ চাৰিওফালৰ পৰা প্ৰৱেশ কৰিব পৰাকৈ পথ আছে। বিভিন্ন ক্ৰীড়াৰ বিকাশৰ বাবে ১৯৭৭ চনত ইয়াক স্থাপন কৰা হৈছিল।

ফুটবল, ক্ৰিকেট, লন টেনিছ, বাস্কেট বল আৰু ভলি বলৰ লগতে এই খেলপথাৰত অশ্বচালনকে ধৰি ঘোঁৰা চালনাৰ অন্যান্য বিভিন্ন খেলৰ প্ৰশিক্ষণৰো ব্যৱস্থা আছে।

ৰাজনৈতিক দলবোৰৰ কাৰ্য্যসূচীসমূহৰ পূৰ্বে নিজৰ খেলপথাৰৰ পৰাই চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক খেদাই পঠোৱা হয় বুলি তেওঁলোকে অভিযোগ কৰে। আনকি এই বছৰৰ ২০ আৰু ২১ জানুৱাৰিত আৰ এচ এচৰ ‘লুইতপৰীয়া হিন্দু সমাৱেশ’ৰ এদিন আগতে খেলপথাৰখনত খোজ কাঢ়িবলৈ যোৱা কৃষি বিশ্ববিদ্যালয়ৰ এজন জ্যেষ্ঠ অধ্যাপককো আনকি আৰক্ষীয়ে খেদাই পঠোৱাৰ দৰে অভিযোগো আছে।

RSS-rally-in-Assam

ক্ৰীড়াৰ লগত সম্পৰ্ক নথকা এনে কাৰ্য্যসূচীসমূহৰ আয়োজনকালত খেলপথাৰখনত দেখা যায় ট্ৰাককে ধৰি বিভিন্ন গধূৰ যান-বাহন যিবোৰে অসম কৃষি বিশ্ববিদ্যালয়ে যোৱা ৪ দশকজুৰি সযত্নে ৰক্ষা কৰি অহা উচ্চমানৰ ঘাঁহৰ দলিচাখন নষ্ট কৰি পেলালে।

ফুটবল খেলুৱৈসকলে অভিযোগ কৰে যে খেলপথাৰখন এতিয়া ইমান কঠিন হৈ পৰিল যে তেওঁলোকৰ বুটজোটাৰ প্লাষ্টিক স্পাইকেৰে ইয়াত খেলিবলৈ খোপনি ল’ব নোৱাৰি। তাৰোপৰি সমাৱেশসমূহৰ আয়োজকে এৰি যোৱা গঁজালৰ লগতে আন হূল-জেঙৰ পৰাও তেওঁলোক সাৱধান হ’ব লগা হয়।

ৰঞ্জিত নেওগে লগতে জনাই যে যোৱা লোকসভা নিৰ্বাচনৰ পূৰ্বে নৰেন্দ্ৰ মোদীৰ এক জনসভাৰ বাবে আইন-শৃংখলাৰ ব্যৱস্থা কৰিবলৈ ক্ৰীড়া প্ৰকল্পটোৰ সীমাৰ দেৱাল ভাঙি দিবলৈ যোৱা ২০১৪ চনৰ ফেব্ৰুৱাৰিত দিচপুৰ ৰাজহ চক্ৰৰ বিষয়াই নিৰ্দেশ দিছিল।

প্ৰতিশ্ৰুতি অনুসৰি দেৱালৰ সেই ভঙা অংশসমূহ বিজেপিৰ অসম প্ৰদেশে ঠিক কৰাৰ কথা আছিল বুলি উল্লেখ কৰি নেওগে জনাই যে দেৱালবোৰ ভঙাৰ চাৰি বছৰ উকলি যোৱাৰ পিছতো আজিপৰ্য্যন্ত এইসমূহ পুনৰ্নিৰ্মাণ কৰা নহ’ল।

‘অসম কৃষি বিশ্ববিদ্যালয়ৰ কোনো বিষয়াই কোনো সংগঠনকে এই দেৱালসমূহ ভাঙিবলৈ কৰ্তৃত্ব দিয়া নাছিল আৰু কোনো সংগঠনে বিশ্ববিদ্যালয়ক কোনো ক্ষতিপূৰণ দিয়া নাই,’ বুলি উল্লেখ কৰি নেওগে জনায় যে অতি শীঘ্ৰে এই ভঙা দেৱালসমূহ নিৰ্মাণ কৰি দিবলৈ বিজেপিৰ সৈতে যোগাযোগ চলাই থকা হৈছে।

বিশ্ববিদ্যালয়ৰ বিষয়াজনে লগতে জনাই ভিভিআইপিৰ মসৃণ অৱৰোহণৰ বাবে অস্থায়ী হেলিপেদ তৈয়াৰ কৰিবলৈ কামৰূপ জিলা প্ৰশাসনে খেলপথাৰখনৰ পশ্চিম অংশৰ বহুঠাইত ৯১১৩০টা পকী ব্লক স্থাপন কৰিছিল। এই পকী ব্লকসমূহেৰে খেলপথাৰখনৰ প্ৰায় ১৯৩৮.৯৪ বৰ্গ মিটাৰ এলেকা ঢাকি পেলোৱা হ’ল।

এই কামটো অসমৰ গড়কাপ্তানি বিভাগে কৰা বুলি উল্লেখ কৰি নেওগে কয় ‘ক্ৰীড়া প্ৰকল্পটোত এই ব্লকবোৰ স্থাপন কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়ে কাকো কোনো ধৰণৰ অনুমতি প্ৰদান কৰা নাছিল।’

এই ব্লকসমূহ গুচাবৰ বাবে কৃষি বিশ্ববিদ্যালয়ৰ কোনো পৰিকল্পনা নাই বুলি সদৰী কৰি বিষয়াজনে জনাই যে এইবোৰ আঁতৰ কৰিবলৈ কমেও ১০ হাজাৰ টকাৰ প্ৰয়োজন হ’ব। তেওঁ জনাই যে এই ব্লকসমূহ গুচোৱাৰ খৰচ কামৰূপ (মঃ) জিলা প্ৰশাসনে বহন কৰিবনে নাই সেই সন্দৰ্ভত কৃষি বিশ্ববিদ্যালয় অৱগত নহয়।

পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ কাব্য জ্যোতি বৰাই নৰ্থ ইষ্ট নাও-ক বৃ্হস্পতিবাৰে কয় ‘শাসনাধিষ্ঠ চৰকাৰ আৰু কামৰূপ (মঃ) প্ৰশাসনে অসমৰ এখন উৎকৃষ্ট খেলপথাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ দৰে কাম কৰাটো আশ্চৰ্য্যজনক।’

খেলপথাৰখন পুনৰ্নিমাণ যুদ্ধকালীন ক্ষীপ্ৰতাৰে কৰাৰ বাবে অসম বিজেপিৰ নেতৃত্বক ৰাজ্য চৰকাৰে শীঘ্ৰে জোৰ দিব লাগে বুলিও বিক্ষুব্ধ বৰাই দাবী কৰে।

‘গুৱাহাটীত মুকলি ঠাই নোহোৱা হৈ অহাৰ সময়ত অসম কৃষি বিশ্ববিদ্যালয়ে খানাপাৰাৰ ক্ৰীড়া প্ৰকল্পত খেলৰ সৈতে সম্পৰ্ক নথকা কোনো কাৰ্য্যসূচীৰ বাবে অনুমতি দিব নালাগে,’ তেওঁ কয়।

ৰাজনৈতিক সমাৱেশ বা প্ৰদৰ্শনীৰ বাবে গুৱাহাটীত ৰাজ্য চৰকাৰে বিকল্প স্থান চিনাক্ত কৰিব নোৱৰাটো আশ্চৰ্য্যকৰ। খানাপাৰাৰ খেলপথাৰখন ৰক্ষা কৰিবলৈ যদি চৰকাৰ সজাগ নহয়, গুৱাহাটীক ‘ভাৰতৰ ক্ৰীড়া ৰাজধানী’ কৰি তোলাৰ মুখ্য মন্ত্ৰীৰ সপোন অপূৰ্ণ সপোন হৈয়ে ৰ’ব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

এছ আই আৰ বিতৰ্কক লৈ এন ডি এত অস্বস্তি; নিৰ্বাচন আয়োগৰ পৰা স্পষ্ট ব্যাখ্যা বিচাৰিছে ৩ মিত্ৰদলে

September 26, 2026 10:47 am
নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

নিৰ্বাচনত জয়ী হৈ দল সলনি ১১১ বিধায়ক-সাংসদৰ! দল সলনিৰ শীৰ্ষত উত্তৰ-পূৰ্বাঞ্চলৰ এইখন ৰাজ্য

September 26, 2026 9:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

গুৱাহাটীৰ হোমষ্টেত উদ্ধাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃতদেহ; এজনক আটক

September 26, 2026 1:03 pm
জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

জ্ঞানেশ কুমাৰৰ কন্যাৰ গোচৰত বিচাৰপীঠ সলনিৰ প্ৰতিবাদত উচ্চতম ন্যায়ালয়লৈ মুকলি পত্ৰ

September 26, 2026 12:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd