• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচীৰ পাতনি মেলিলে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব দেৱে

NE NOW NEWS পিনাকী দাস
আগৰতলা , June 11, 2018 10:12 am

2 min read

CM meets Mayor 1
92
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি বিজেপিয়ে আৰম্ভ কৰা জনসম্পৰ্ক অভিযানৰ অংশ স্বৰূপে দেওবাৰে ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে আগৰতলা পৌৰ নিগমৰ মেয়ৰ ড০ প্ৰফুল্লজিৎ সিনহা আৰু ৰাজ্যখনৰ প্ৰতিভাধৰ কিকবক্সাৰ তথা ৰাছিয়াত অনুষ্ঠিত বিশ্ব কিক বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক দখল কৰা নিতিশা চক্ৰৱৰ্তীক সাক্ষাৎ কৰে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এনডিএ চৰকাৰখনে বিগত চাৰিটা বছৰত পোৱা বিভিন্ন সাফল্য তথা অনাগত দিনত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেই সম্পৰ্কে বিশিষ্ট বুদ্ধিজীৱি, চিন্তাবিদ আদিৰ লগত আলোচনা কৰি তেওঁলোকৰ উপদেশ সমূহ গ্ৰহণ কৰাৰ বাবেই সমগ্ৰ দেশতে বিজেপিয়ে এই অভিযান আৰম্ভ কৰিছে।

মুখ্য মন্ত্ৰী দেবে প্ৰথমতে মেয়ৰৰ ঘৰলৈ যায়। আৰু তাত মুখ্য মন্ত্ৰীগৰাকীয়ে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সফলতাসমূহৰ বিষয়ে আলোচনা কৰে। বিজেপি চৰকাৰৰ সাফল্যসমূহৰ বিষয়ে উল্লেখ থকা বুকলেট এখনো মেয়ৰ সিনহাক প্ৰদান কৰে।

সিনহাক সাক্ষাৎ কৰাৰ পাছতে মুখ্য মন্ত্ৰী দেৱে নিতিশাৰ ঘৰলৈ যায়। বিজেপিৰ সফলতাৰ বিষয়ে নিতিশাৰ লগতে তেওঁৰ পৰিয়ালৰ আন আন সদস্যসকলৰ সৈতে মত বিনিময় কৰা দেখা যায়।

বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে এই অভিযান সম্পৰ্কে উল্লেখ কৰি কয় যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিগত চাৰিবছৰত ভাৰতৰ কি পৰিৱৰ্তন কৰিলে বা কিমান উন্নয়ন হ’ল আদি বিষয় জনসাধাৰণক অৱগত কৰোৱাৰ বাবে সমগ্ৰ দেশতে এনেধৰণৰ অভিযান আৰম্ভ কৰিছে।

উল্লেখ্য যে মুখ্য মন্ত্ৰী বিপ্লব দেৱে ওপৰোক্ত ব্যক্তি দুজনৰ উপৰি ৰাজ্যখনৰ বিভিন্ন বিশিষ্ট ব্যক্তিসমূহকো সাক্ষাৎ কৰি চৰকাৰৰ কাম-কাজক লৈ আলোচনা তথা পৰামৰ্শ গ্ৰহণ কৰে।

Recent News

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

অসম ৰাইফলছৰ অভিযানত হেৰোইন, বিদেশী চিগাৰেট আৰু বীয়েৰ জব্দ, দুজন সৰবৰাহকাৰীক আটক

Goat-kid

এইবিধ জন্তুই চাঞ্চল্যৰ সৃষ্টি কৰিলে দেশৰ এখন ৰাজ্যত ,কি জন্তু এয়া?

IMG-20210126-WA0031

বঙাইগাঁৱত পেঞ্চনপ্ৰাপ্ত মুক্তিযুঁজাৰু মহম্মদ আলী সৰকাৰৰ পত্নীৰ মৃত্যু : অঞ্চলজুৰি শোকৰ ছাঁ

bhaba

অসম গাঁওৰক্ষী সংগঠনৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd