DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপিৰ দিনত হিন্দু বাংলাদেশীৰ মইমতালিতো অলপ বেছি বাঢ়িছে : বাঙালী যুৱ-ছাত্ৰ নেতাৰ মন্তব্যত প্ৰতিক্ৰিয়া অনুপ চেতিয়াৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 15, 2018 8:42 pm
অনুপ চেতিয়া

অনুপ চেতিয়া

127
VIEWS
Share on FacebookShare on Twitter

বিজেপিৰ ‘দিনতেই, বিজেপি চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে হিন্দু অবৈধ বাংলাদেশীসকলৰ মইমতালিতো অলপ বেছি বাঢ়িছে।’ বিজেপি চৰকাৰে সংসদত নাগৰিকত্ব আইন সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ চেষ্টা কৰাৰ সময়তে হিন্দু বাংলাদেশীক লৈ আজি বৃহস্পতিবাৰে নৰ্থ ইষ্ট নাওৰ ওচৰত এইদৰে মন্তব্য কৰিছে আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰা সদৌ অসম বাঙালী যুৱ-ছাত্ৰ ফেডাৰে’চনৰ নেতা সুকুমাৰ বিশ্বাসে বুধবাৰে অসম বিধানসভাৰ বাহিৰত ‘হিন্দু বাংলাদেশীক নাগৰিকত্ব ১০০%ই দিবই লাগিব’ আৰু ইয়াৰ বিৰোধিতা কৰাৰ ‘অধিকাৰ অসমৰ কোনো সংগঠনৰে নাই’ বুলি কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া কৰি আলফা নেতাজনে আজি এই মন্তব্য কৰে।

চৰকাৰক এই সন্দৰ্ভত কি আহ্বান জনাব বুলি সোধাত চেতিয়াই কয় যে চৰকাৰক কি আহ্বান জনাম? চৰকাৰেতো তেওঁলোকৰ পক্ষতেই মাত মাতি আছে।

হিন্দু বাংলাদেশীক ‘ৰক্ষণাৱেক্ষণ দিম বুলিয়েই’ চৰকাৰে ‘নাগৰিকত্ব সংশোধনী বিধেয়ক আনিছে’ আৰু সংসদত গৃহীত কৰিবলে ‘চেষ্টা কৰি আছে’ বুলি আলফা নেতাজনে অভিযোগ কৰে।

‘এজন অনুপ্ৰৱেশকাৰীয়ে’ তেওঁলোকক নাগৰিকত্ব দিবই লাগিব বুলি অসমৰ ৰাজধানীত ‘সগৌৰৱে ঘোষণা’ কৰাটোক ‘উদ্ভণ্ডালি’ বুলি আলফা নেতাজনে ‘ধিক্কাৰ’ দিয়ে আৰু ইয়াৰ ‘যোগ্য প্ৰত্যুত্তৰ দিয়াৰ বাবে সাজু হ’বলৈ অসমৰ সকলো খিলঞ্জীয়া জাতি-জনগোষ্ঠীক’ তেওঁ ‘আহ্বান’ জনায়।

অসমবিৰোধী চক্ৰক প্ৰতিৰোধ কৰাৰ বাবেই খিলঞ্জীয়া মঞ্চ, অসম গঠন কৰা বুলি উল্লেখ কৰি চেতিয়াই কয় যে এই চক্ৰৰ বিৰুদ্ধে অসমৰ খিলঞ্জীয়াসকল ঐক্যবদ্ধ হ’ব নোৱাৰিলে প্ৰতিৰোধ গঢ়ি তুলিব পৰা নাযাব।

গুৱাহাটীৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত মটক জনগোষ্ঠীৰ নাগৰিক অভিৱৰ্তনত ভাগ লোৱাৰ পিছতে নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত আলফা নেতাজনে এইদৰে মত প্ৰকাশ কৰে।

আনহাতে ‘অসমীয়াৰ স্বাৰ্থক নস্যাৎ কৰি কোনোবা বহিৰাগতই ইয়াত থিতাপি ল’বলৈ দিবই লাগিব বুলি দিয়া হুমকিক প্ৰতিহত কৰিবলৈ আমি যিকোনো ধৰণে সাজু আছো’ বুলি ঘোষণা কৰিছে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনৰ উপদেষ্টা মিণ্টু বৰপাত্ৰই।

Recent News

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Drugs peddler বঙাইগাঁৱত ড্ৰাগছসহ এজন যুৱক আটক

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Northeast Now Impact: নৰ্থইষ্ট নাওৰ বাতৰিৰ প্ৰভাৱ! পকী পথ নিৰ্মাণত অনিয়মৰ বিৰুদ্ধে তদন্ত কৰিবলৈ প্ৰতিনিধি প্ৰেৰণ অখিল গগৈৰ

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd