• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰে চাহ শ্ৰমিকক বঞ্চনা কৰাৰ প্ৰতিবাদত ৪ জুলাইত বাগিচাই-বাগিচাই ধৰ্ণা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , June 26, 2018 12:24 pm

2 min read

Athabari Tea Estate, Dimou

প্ৰতিনিধিত্বমূলক চিত্ৰ

84
VIEWS
Share on FacebookShare on Twitter

‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ ৰাজ্য চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি বৃদ্ধি নকৰি কৌশলগতভাৱে শ্ৰমিকসকলক প্ৰতাৰণা কৰি আহিছে। চৰকাৰে দিয়া সময় ছমাহ উকলি যোৱাৰ পাছতো চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি নোপোৱাটোৱে চৰকাৰৰ মিথ্যাচাৰক উদঙাই দিছে’। সোমবাৰে অসম চাহ মজদুৰ সংঘ, পানীতোলা শাখাৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে এই অভিযোগ উত্থাপন কৰিছে।

বিজ্ঞপ্তিটোৰ জৰিয়তে তেওঁ আৰু কয় যে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত স্পষ্ট ৰূপত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু এতিয়া বিজেপিৰ প্ৰতিশ্ৰুতি ধোৱা চাঙত উঠিছে।

বিগত দুটা বছৰে বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ বাবে কিয় কোনো ধৰণৰ ব্যৱস্থা হাতত নল’লে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰাজু চাহুৱে।

চাহুৱে বিজেপি চৰকাৰক ধনী শ্ৰেণীৰ চৰকাৰ বুলি কটাক্ষ কৰি কয় যে চৰকাৰে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ বাবে ৱেজ ব’ৰ্ড গঠন কৰিছিল কিন্তু বিগত ছমাহে মজুৰি বৃদ্ধি নকৰি পাকে-প্ৰকাৰে চাহ বাগিচাৰ মালিকসকলক সহায় কৰা পৰিলক্ষিত হৈছে।

বিজ্ঞপ্তিযোগে তেওঁ কয় যে বৰ্তমান মূল্যবৃদ্ধিৰ যুগত দৈনিক মাত্ৰ ১৩৭ টকাৰে চাহ শ্ৰমিকসকলে পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত চাহুৱে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনায়।

উল্লেখ্য যে মজুৰি বৃদ্ধি, বোনাছ কমকৈ পোৱা আদি বিভিন্ন সমস্যা সমাধানৰ দাবীত অহা ৪ জুলাইত অসমৰ বাগিচাই-বাগিচাই এঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি প্ৰেছ বিজ্ঞপ্তিটোত ৰাজু চাহুৱে উল্লেখ কৰে।

যদি চৰকাৰে এই সমস্যা সমাধানৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে পৰৱৰ্তী সময়ত বাগিচাৰ সকলো শ্ৰমিক ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ব আৰু অসম চাহ মজদুৰ সংঘয়ো তীব্ৰ আন্দোলন গঢ়ি তুলিব।

Recent News

Jemima-Khan-Peter-Morgan

নতুন প্ৰেমিকৰ সৈতে একেলগে বাস কৰিছে পাকিস্তানী প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ প্ৰাক্তন পত্নীয়ে

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd