• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ দিনত অসমত কৰ সংগ্ৰহ বৃদ্ধি পাইছে : বিত্তমন্ত্ৰী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 16, 2018 7:41 am

2 min read

12-03-18-Guwahati-Assembly-Himanta-Biswa-addressing-media-2-570x320
66
VIEWS
Share on FacebookShare on Twitter

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ তুলনাত বিজেপি চৰকাৰৰ দিনত ৰাজ্যখনত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পাইছে। এই বৃদ্ধি পোৱা ৰাজহৰ লগতে কেন্দ্ৰীয় কৰৰ অংশ, কেন্দ্ৰীয় পুঁজি আৰু বিত্তীয় আয়োগৰ অনুদানৰ জৰিয়তে চৰকাৰে বাজেটত ঘোষণা কৰা আঁচনিসমূহ কাৰ্যকৰী কৰিব।

২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেট আলোচনাৰ উত্তৰ দি বৃহস্পতিবাৰে বিধানসভাত এইদৰে মন্তৱ্য কৰে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰাজ্যখনত কৰ সংগ্ৰহৰ এক পৰিসংখ্যা দাঙি ধৰি বিত্তমন্ত্ৰী গৰাকীয়ে সদনত জনায় যে কংগ্ৰেছৰ শাসনকালত ২০১১-১২ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ নিজা কৰ সংগ্ৰহ পূৰ্বৰ বছৰবোৰৰ তুলনাত ২৬.৫২ শতাংশ বৃদ্ধি হৈছিল। এই কৰ সংগ্ৰহৰ হাৰ ক্ৰমে কমি গৈ ২০১৪-১৫ বিত্তীয় বৰ্ষত মাত্ৰ ১.৩৯ শতাংশ হৈছিলগৈ।

কৰ সংগ্ৰহৰ হাৰ এনেদৰে কমি যোৱা ঘটনাৰ প্ৰকৃততে চিবিআই তদন্ত হ’ব লাগিছিল বুলিও মন্তৱ্য কৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, ২০১৬-১৭ বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ পূৰ্বৰ বছৰতকৈ ৩.৩৯ শতাংশ বৃদ্ধি পোৱা বুলি মন্ত্ৰীগৰাকীয়ে সদনক জানিবলৈ দিয়ে। তেওঁ লগতে সদনক জনায় যে চলিত বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ প্ৰায় ১৭ শতাংশ বৃদ্ধি পাইছে।

চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ফলত পৰিবহন বিভাগৰ কৰ সংগ্ৰহ ২২ শতাংশলৈ আৰু আবকাৰী বিভাগৰ কৰ সংগ্ৰহ পূৰ্বৰ ২ শতাংশৰ পৰা ১৮ শতাংশলৈ বৃদ্ধি পাইছে।

বিক্ৰী কৰৰ ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি পূৰ্বৰ ৩-৪ শতাংশৰ পৰা বৰ্তমান চৰকাৰৰ দিনত ১৪ শতাংশ বৃদ্ধি পাইছে।

অহা বিত্তীয় বৰ্ষত ১৯.২ শতাংশ বৃদ্ধি পাব বুলি দাবী কৰি বিত্তমন্ত্ৰীগৰাকীয়ে ইয়াৰ ফলত ৰাজকোষলৈ ১৭,৪৫২ কোটি আহিব বুলি জানিব দিয়ে।

Recent News

Jerenga Modi

ইতিহাস প্ৰসিদ্ধ জেৰেঙা পথাৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিবনে প্ৰধান মন্ত্ৰী মোদীয়ে?

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অসম আৰক্ষীত অতি শীঘ্ৰে হ’ব খালী হৈ থকা পদত নিযুক্তি

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

অৰুণাচল প্ৰদেশত চীনা গাঁও স্থাপন; সদৌ অৰুণাচল ছাত্ৰ সন্থাৰ চীনৰ বিৰুদ্ধে প্ৰতিবাদ

Ajmal VS muminul

ৰং সলাইছে নেতাই! বদৰুদ্দিন আজমল এজন সাম্প্ৰদায়িক মানুহ :মুমিনুল আৱাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd