• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি চৰকাৰৰ ২০১৭-১৮ বৰ্ষৰ বাজেট আৱেগিক কথাৰে ভৰা আছিল : বিধায়ক আমিনুল ইছলাম

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 11, 2018 3:38 pm
AminulIslam

এ আই য়ু ডি এফৰ বিধায়ক আমিনুল ইচলাম। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter
“বিজেপি চৰকাৰে যোৱা বছৰ বাজেটত সাহিত্যিক ভাষা প্ৰয়োগ কৰি এখন ৰংচঙীয়া বাজেট প্ৰস্তুত কৰিছিল। বিভিন্ন আৱেগিক কথাৰে জনসাধাৰণক আকৃষ্ট কৰিবলৈ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিছিল।” -আজি এ আই ইউ ডি এফৰ মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত এইদৰে কয় দলটোৰ বিধায়ক আমিনুল ইছলামে।
উল্লেখযোগ্য যে কাইলৈ বিজেপি নেতৃত্বাধীন চৰকাৰে বিধানসভাৰ মজিয়াত বাজেট দাখিল কৰিব। ইতিপূৰ্বে বিগত বৰ্ষৰ বাজেটত ঘোষণা কৰা সিংহভাগ কাম আৰম্ভ কৰাই নহ’ল বুলি তথ্যসহকাৰে কৃষক মুক্তিয়ে সাংবাদিকৰ আগত দাঙি ধৰিছিল। ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো নতুন দিল্লীত এক সংবাদমেল আয়োজন কৰি ১০ মাৰ্চত একেই অভিযোগ কৰিছিল।
আজি প্ৰায় একেই অভিযোগ কৰে এ আই য়ু ডি এফৰ বিধায়কজনে।
নতুন বাজেট ঘোষণাৰ প্ৰাকমুহূৰ্তত এইদৰে আগৰ বাজেটৰ পৰ্য্যালোচনা তথা সমালোচনা হোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।
আজি সংবাদমেলত আমিনুল ইছলামে অভিযোগ কৰি কয়, “বিজেপি চৰকাৰৰ বিত্ত বিভাগে বাজেটৰ ১০ শতাংশ কামো সম্পূৰ্ণ কৰিব নোৱাৰিলে। যোৱা বৰ্ষৰ বাজেট পাঁচ বছৰীয়া বাজেট আছিল যদিও এক বছৰত কমেও ২৫ শতাংশ কাম সম্পূৰ্ণ হোৱাটো বিচাৰিছিলো।”
তদুপৰি তেওঁ বাজেটত নিৰ্ধাৰিত ধনৰ কিমান শতাংশ খৰচ কৰা হ’ল বুলি বিধান সভাত এক প্ৰশ্ন উত্থাপন কৰিছিল বুলি মন্তব্য কৰি কয় “বৰ্তমানলৈকে ৪৪ শতাংশ কামহে বিজেপি চৰকাৰে সম্পূৰ্ণ কৰিব পাৰিছে বুলি মোৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীয়ে কয়। এটা বছৰত ৫০ শতাংশ ধন খৰচ কৰিব নোৱাৰাটো লজ্জাজনক কথা।”
আনহাতে তেওঁ কাইলৈ দাখিল হ’বলগীয়া বাজেট সন্দৰ্ভত কয় “আমি এই বাজেটখন বাস্তৱমুখী আৰু জনমুখী হোৱাটো বিচাৰো। এই বাজেটত এনে ধৰণৰ আঁচনি ৰূপায়িত হওক যাতে জনসাধাৰণৰ মৌলিক সমস্যাসমূহ সমাধান কৰিব পাৰে। বিশেষকৈ স্বাস্থ্য, পৰিবহণ, শিক্ষা, যোগাযোগ ইত্যাদি গুৰুত্বপূৰ্ণ দপ্তৰসমূহৰ অধীনত আন্তঃগাঁথনি নিৰ্মাণ কৰিব পৰা বাজেট বিচাৰিছো। লগতে নিবনুৱা সমস্যা সমাধান আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণমুখী আঁচনি থকা বাজেট আমি কামনা কৰিছো।”
তাৰোপৰি তেওঁ কয় “জনসাধাৰণৰ মৌলিক সমস্যা সমূহ পূৰণ কৰিব নোৱৰা বাজেট ৰূপায়ণ হ’লে আমি বিজেপি চৰকাৰে ৰাজনৈতিক মুনাফা আদায়ৰ বাবে জনসাধাৰণক প্ৰতাৰণা কৰা বুলি ভাবিবলৈ বাধ্য হ’ম।”
আনহাতে তেওঁ শিক্ষা বিভাগৰ ক্ষেত্ৰত চৰকাৰ চৰম ব্যৰ্থ বুলি মন্তব্য কৰি কয় “ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগটো অতি গুৰুত্বপূৰ্ণ বিভাগ যদিও এই শিক্ষা বিভাগতে বহুতো অপ্ৰাদেশীকৃত বিদ্যালয় প্ৰাদেশীকৰণ নোহোৱাৰ লগতে শিক্ষকসকলৰ চাকৰি নিয়মীয়াৰণ হোৱা নাই। তদুপৰি শিক্ষা অধিকাৰ আইন ২০০৯ অনুসৰি প্ৰয়োজনীয় স্থান সমূহত বিদ্যালয় নিৰ্মাণ কৰা ক্ষেত্ৰতো চৰকাৰ চৰম বিফল হৈছে।”
ইয়াৰোপৰি তেওঁ পৰীক্ষা পদ্ধতিতো যোৱা কেইবছৰমান ধৰি চৰম গাফিলতিৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে।
এই সন্দৰ্ভত তেওঁ কয় “কোনোবা বছৰ যদি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহী গৰুৱে খাইছে আন কোনোবা বছৰ আকৌ প্ৰশ্ন কাকত ফাদিল হৈছে।”
আনহাতে তেওঁ বিজেপি চৰকাৰে হিন্দুত্ববাদী ৰাজনীতি কৰা বুলি আখ্যা দি কয়, “যিসকল ধৰ্ম নিৰপেক্ষ লোক আৰু ধৰ্মীয় সংখ্যালঘু লোকসকলৰ ভোট নাপাম বুলি ভাবিয়ে বিজেপি আৰু অগপ দল মিলিত হৈছে। এয়া দুয়োটা দলৰ মাজত গোপন বুজাবুজি। লগতে অসমবাসীয়ে নিশ্চয়কৈ তেওঁলোকৰ নাটকবাজি বুজি পাইছে।”
আজিৰ এই সংবাদমেলত তেওঁ নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত কয় “অগপ আৰু বিজেপিয়ে এই বিধেয়কৰ ক্ষেত্ৰতো নাটকৰ কৰিছে। তেওঁলোকে একেখন ফ্লাইটতে দিল্লীলৈ যায় আৰু প্ৰথমতে বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবৰ বাবে ৰাজনাথ সিঙক লগ কৰি অনুৰোধ জনায়। তাৰ পিছতে আকৌ মিত্ৰ দল অগপই এই বিধেয়ক নাকচ কৰিবৰ বাবে ৰাজনাথ সিঙক আহ্বান জনায়। এয়া হৈছে দুয়োটা দলৰে ৰাজনৈতিক ষড়যন্ত্ৰ।”
আনহাতে অগপ আৰু বিজেপিয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাজনৈতিক কৌশলৰে বিজেপিয়ে হিন্দুত্ববাদী ভোট আৰু অগপই ধৰ্ম নিৰপেক্ষ ভোটেৰে জয়ী হোৱাৰ চেষ্টা চলাইছে বুলি এ আই ইউ ডি এফৰ বিধায়ক জনে মন্তব্য কৰে।
আনহাতে বিজেপি চৰকাৰে বাংলাদেশী সমস্যা সমাধানৰ বাবে বাংলাদেশৰ চৰকাৰৰ সৈতে কোনো আলোচনাত মিলিত হোৱা নাই বুলি বিধায়ক আমিনুলে মন্তব্য কৰে। লগতে বাংলাদেশীৰ সমস্যাটো তেওঁলোকে সঠিক সমাধান কেতিয়াও নিবিচাৰে  বুলি মন্তব্য কৰি কয় যে যদি বিচাৰিলেহেঁতেন তেন্তে নিশ্চয়কৈ বাংলাদেশৰ প্ৰধান মন্ত্ৰী আৰু ৰাষ্ট্ৰপতিক লগ পোৱাৰ পাছতো তেওঁলোকে এই সমস্যাৰ বিষয়ে কিয় উল্লেখ নকৰিলে?
Apply Now
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

দোহাত আমেৰিকা আৰু ইৰাণৰ বৈঠকৰ পূৰ্বে হৰমুজ প্ৰণালীক লৈ তীব্ৰ উত্তেজনা! প্ৰতি বেৰেলত ৭৩ ডলাৰলৈ বৃদ্ধি ব্ৰেণ্ট ক্ৰুডৰ মূল্য

June 30, 2026 9:24 am
অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

পানীৰ ওপৰত ওপঙি থাকিব বিমানবন্দৰ! নিৰ্মাণ হ’ব ভাৰতৰ প্ৰথমটো ভাসমান এয়াৰপোৰ্ট

June 30, 2026 10:09 am
প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

প্ৰাকৃতিক দুৰ্যোগৰ সুযোগ লৈ অৰুণাচলত লুটপাত! ভূমিস্খলনত আৱদ্ধ বাহনৰ পৰা যন্ত্ৰাংশ চুৰি দুৰ্বৃত্তৰ

June 30, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd