• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিত্তীয় বিষয়ত সোণোৱাল চৰকাৰে প্ৰথমৰ পৰাই আভুৱা ভাঁৰি আহিছে অসমৰ ৰাইজক : তৰুণ গগৈ

NE NOW NEWS কল্পজ্যোতি শইকীয়া
গুৱাহাটী , April 27, 2018 11:01 pm

2 min read

Tarun-Gogoi
100
VIEWS
Share on FacebookShare on Twitter

বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে অসম চৰকাৰক মাহী আইৰ চকুৰে চাইছে আৰু ‘মই সুখী যে সৰ্বানন্দ সোণোৱালে আওপকীয়াকৈ এই কথাটোৱেই ক’ব বিচাৰিলে’ বুলি আজি ২৭ এপ্ৰিলত এক সংবাদ মেলযোগে মন্তব্য কৰে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে। অসমৰ মুখ্য সচিবে অসমৰ ৮৪০০ কোটি টকা লোকচান হৈছে বুলি কোৱা প্ৰসংগত তেওঁ এই মন্তব্য কৰে।

‘প্ৰথমতে অসমৰ বিত্ত মন্ত্ৰীয়ে কৈছিল ১০ হাজাৰ কোটি টকা ধাৰৰ বোজা লোৱা বুলি, কিন্তু পিছতটো ওলাই পৰিল ১০ হাজাৰ কোটি টকা জমাহে আছে’ বুলি উল্লেখ কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে কয় যে এই চৰকাৰখনে প্ৰথম দিনাৰ পৰাই অসমৰ ৰাইজক ফাঁকি কথা কৈ আভুৱা ভাঁৰি আহিছে।

অসমৰ বিশেষ ৰাজ্যৰ মৰ্য্যাদা নোহোৱা কৰাক লৈ গগৈয়ে কয় যে চৰকাৰে পুনৰ সেইটো প্ৰদান কৰিবৰ বাবে ক’ব লাগিছিল।

যোৱা বৃহস্পতিবাৰে হৈ যোৱা ১৫ সংখ্যক বিত্তীয় আয়োগ সন্দৰ্ভত গগৈয়ে কয় ’১৫ সংখ্যক বিত্তীয় আয়োগে কৈছিল যে স্বাস্থ্য, আন্তঃগাঁথনি, কৃষি আৰু উদ্যোগমুখী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। উন্নয়নৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ইয়াৰ অৰ্থ কি, মানে অসম পিছুৱাই আছে।’

‘আমি যেতিয়া শাসনলৈ আহিছিলো ২০০১ চনত তেতিয়া জনমূৰি আয় ১৩,০৫৯ টকা আছিল। যদিও বৰ্তমান ৬২,৬২০ টকা। কিন্তু ভাৰতত  ১,০৩,৮৭০ টকা’ বুলিও গগৈয়ে উল্লেখ কৰে।

‘কালি বিত্তীয় আয়োগক যিখন স্মাৰক পত্ৰ অসম চৰকাৰে দিছে, মই ভাবো অসম চৰকাৰে য’ত আটাইতকৈ বেছি ফ’কাচ কৰিব লাগিছিল তাত ফ’কাচ কৰা নাই’ বুলি মন্তব্য কৰি গগৈয়ে কয় যে আটাইতকৈ বেছি গুৰুত্ব দিব লাগিছিল গৰাখহনীয়াৰ ওপৰত।

গগৈয়ে লগতে কয় যে গৰাখহনীয়াই মাটি নাইকিয়া কৰি দিয়ে, উপাৰ্জন নাইকিয়া কৰি দিয়ে, খেতি নাইকিয়া কৰি দিয়ে। সেই হিচাপত বছৰে বছৰে প্ৰায় ৮০০০ হেক্টৰ মাটি ধ্বংস হয়।

Recent News

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd