• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিদ্যুৎ সংযোগ দাবী কৰি ৰাজপথ উত্তাল কৰিলে বুঢ়া-বুঢ়ী গাৱঁৰ বাসিন্দাই

NE NOW NEWS ছফিকুল আহমেদ
গোৱালপাৰা , May 4, 2018 9:03 pm

2 min read

bura buri gaon
90
VIEWS
Share on FacebookShare on Twitter

গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়া-বুঢ়ী গাৱঁৰ বাসিন্দাসকলে বৃহস্পতিবাৰে বিদ্যুত সংযোগ নিদিয়াৰ বাবে হাতত লেম চাকি লৈ ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। কালপানী চান্দমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত  বিশেষকৈ গাৰো জনগোষ্ঠীয় লোকৰ আৱাসভূমি এই গাওঁখনৰ ৰাইজে অলপতে প্ৰধান মন্ত্ৰী মোদীয়ে দেশৰ সকলো স্থানতে বিদ্যুত সংযোগ সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰাৰ বাৰ্তা লাভ কৰা পাছত এইদৰে প্ৰতিবাদ মুখৰ হৈ ৰাজপথলৈ ওলাই আহে।

অৱশ্যে এই প্ৰতিবাদৰ পৃষ্ঠভূমিত কোনো ৰাজনৈতিক দল জড়িত নাই বুলি জানিব পৰা গৈছে।

ইতিমধ্যে ছাব মেনেজাৰ ৰেভিনিউ- বিদ্যুত বিভাগৰ সহকাৰী অভিযন্তা পৰ্যায়ৰ বিষয়া কৃষাণু দাসে জানিবলৈ দিয়া মতে এই গাওঁখনত বিদ্যুত সংযোগ কৰা হোৱা নাই। দাসে জানিবলৈ দিয়া মতে এই গাঁওখনক চৰকাৰৰ সৌভাগ্য আঁচনিৰ অধীনলৈ অনা হৈছে যদিও ইয়াত আৰু অতিৰিক্ত ২০টা সংযোগৰ প্ৰয়োজন আছে, সেয়েহে অতিৰিক্ত পেৰা-মিটাৰ, ট্ৰেন্সফৰ্মাৰ আৰু তাঁৰ যোগান ধৰাৰ বাবে উৰ্ধতৰ কৰ্তৃপক্ষলৈ লিখা হৈছে।

কৃষাণু দাসে জানিবলৈ দিয়া মতে যি সমূহ গাওঁত ২০ টাতকৈ কম সংযোগৰ প্ৰয়োজন আছে সেই সেই গাঁওত যুদ্ধকালীন তৎপৰতাৰে সংযোগ দি থকা হৈছে। এই সপ্তাহতে তেওঁলোকে কদমতলা আৰু দেউলগুৰি গাওঁত বিদ্যুত সংযোগ সম্পূৰ্ণ কৰিছে বুলি জনাইছে।

এচাম লোকে অভিযোগ কৰিছে যে ডাইমণ্ড নামৰ এজন ঠিকাদাৰক বুঢ়া-বুঢ়ী গাৱঁত বিদ্যুত সংযোগ দিয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছিল যদিও অজ্ঞাত কাৰণত তেওঁ সেই কাম অসম্পূৰ্ণ কৰি এৰি গৈছে।এই চাম লোকেই এই গাওঁখন কিয় ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকীকৰণ আঁচনি বা দীনদয়াল আঁচনিৰ অধীনলৈ অনা হোৱা তাকে লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Recent News

Image_1610887061085~2

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd