বিধায়ক শিলাদিত্য দেব কিয় সুখী নহ’ল এন আৰ চিৰ চূড়ান্ত খচৰাত?

প্ৰথম খচৰাত নাম নহা বিজেপিৰ বিধায়ক শিলাদিত্য দেবৰ এন আৰ চিৰ সম্পূৰ্ণ খচৰাত নাম অন্তৰ্ভুক্ত হৈছে। কিন্তু নিজৰ নাম থকা সত্ত্বেও এন আৰ চিক লৈ এশ শতাংশ সুখী হ’ব পৰা নাই হোজাইৰ বিজেপি বিধায়কজন। কাৰণ তেওঁৰ মতে বহু হিন্দুৰ নাম বাদ পৰিছে চূড়ান্ত খচৰাৰ পৰা।

আজি ৩০ জুলাইত খচৰা প্ৰকাশৰ কিছু সময়ৰ পাছতেই নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা বাৰ্তালাপত বিধায়ক শিলাদিত্য দেবে কয়, “চূড়ান্ত খচৰাত মোৰ নাম আহিছে, তথাপি মোৰ দুখ। কাৰণ প্ৰত্যেকজন হিন্দুৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছত যদি মোৰ নাম আহিল হেঁতেন তেতিয়া মই বেছি ভাল পালো হেঁতেন। আজি যদি এজনো হিন্দুৰ নাম বাদ পৰিছে সেইটো মই দুৰ্ভাগ্যৰ কথা বুলি ভাবো।”

তেওঁ এই খচৰাৰ পৰা বহু সংখ্যক হিন্দু মানুহৰ নাম বাদ পৰিছে বুলিও মন্তব্য কৰে। লগতে কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ এটা নিৰ্দেশনা যোগে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ২০১৪ চনলৈকে ভাৰতলৈ প্ৰব্ৰজন ঘটা হিন্দুসকলক নাগৰিকত্ব প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয়, “১৯৭১ চনৰ পৰা ২০১৪ চনলৈ বাংলাদেশৰ পৰা অসমলৈ বেছি হিন্দু লোক অহা নাই।”

ইয়াৰ উপৰি বাংলাদেশৰ পৰা অসমলৈ অহা হিন্দুসকলৰ বহুতৰে প্ৰযোজনীয় নথি নাই আৰু এন আৰ চিৰ ক্ষেত্ৰত প্ৰব্ৰজনৰ প্ৰমান পত্ৰ (Migration Certificate) গ্ৰহণ নকৰাৰ ফলতো বহুতৰ নাম বাদ পৰা বুলি তেওঁ মন্তব্য কৰে।

ইয়াৰ লগতে হিন্দু সকলো যাব লাগিব বুলি হেনো ইচলামিক মৌলবাদী সংগঠনেহে কৈ আছে বুলি শিলাদিত্য দেবে মন্তব্য কৰে। তেওঁ কয়, “যিমান হিন্দু ইয়াৰ পৰা ওলাই যাব সিমানে তেওঁলোকৰ সংখ্যা বৃদ্ধি পাব।”

ইয়াৰ লগতে হিন্দুৰ সংখ্যা হ্ৰাস পালে অসমীয়া ভাষাৰ সংকট নামি আহিব বুলিও শিলাদিত্য দেবে মন্তব্য কৰে। তেওঁ কয়, “এতিয়া সোণৰ অসম নাই, সকলো বাংলাদেশী মুছলমানে গ্ৰাস কৰি পেলালে। ধৰ্মৰ ওপৰত আগ্ৰাসন হ’লেহে অসমীয়া বিপদত পৰিব।”

ইয়াৰ লগতে তেওঁ কয়, “এন আৰ চি হৈছে কাগজৰ খেল। যিয়ে কাগজ দেখুৱাব পাৰিব তেওঁৰ নাগৰিক আৰু যিয়ে কাগজ দেখুৱাব নোৱাৰে তেওঁ নাগৰিক নহয়।”

কোনোবা ডেকা, শইকীয়া, সোণোৱাল আদি উপাধিৰ কোনো লোকে যদি কাগজ দেখুৱাব নোৱাৰিলে তেওঁলোক বিদেশী হ’ব নেকি বুলিও প্ৰশ্ন কৰে বিধায়ক শিলাদিত্য দেবে।

উল্লেখ্য যে সততে বিতৰ্কিত মন্তব্যৰে চৰ্চাত থকা হোজাইৰ বিধায়ক শিলাদিত্য দেবৰ নাম বাদ পৰিছিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত।

ইপিনে এন আৰ চিৰ ভিত্তি বছৰক লৈ সন্তুষ্ট নহয় শিলাদিত্য দেব। তেওঁ কয়, “এন আৰ চিক লৈ ১০০ শতাংশই সুখী তেতিয়াহে হ’ম যেতিয়া আমাৰ ভিত্তি বছৰ ’৭১ৰ ঠাইত ’৫১ হ’ব। সমগ্ৰ ভাৰতবৰ্ষত ভিত্তি বছৰ হৈছে ’৫১ কিন্তু আমি আন্দোলন কৰি, ত্যাগ স্বীকাৰ কৰি ২০ বছৰ পিছুৱাই গলো। আজি ৪০ লাখ মানুহৰ নাম কৰ্তন হৈছে, কিন্তু যদি ১৯৫১ চন ভিত্তি বছৰ হ’ল হেঁতেন তেতিয়া হ’লে প্ৰায় ১ কোটি মানুহৰ নাম কৰ্তন হ’লহেতেন। তেতিয়াহে আমি ক’ব পাৰিম অসম বিদেশীমুক্ত হৈছো আৰু অসমীয়াৰ অস্তিত্ব থাকিব।”

এই প্ৰসংগতে অসম আন্দোলনৰ নেতৃত্বৰ সমালোচনাতো মুখৰ হ’ল শিলাদিত্য দেব।

“অসমখনক বিদেশীমুক্ত কৰিব লাগে, কিন্তু কোনোৱাই মুখ্য মন্ত্ৰী হ’ব বা কোনোবাই মন্ত্ৰী হ’ব আৰু তেওঁলোকে ৰাতি ৰাতি গৈ অসম চুক্তি স্বাক্ষৰ কৰি ১৯৫১ৰ ঠাইত ১৯৭১ কৰিব, সেইটো অসমৰ ৰাইজে মানি ল’ব নেকি? তেওঁলোকে অসমৰ মানুহক ১৯৭১ ভিত্তি বছৰ কৰিবনে নাই সুধিছিল নেকি?’, দেবৰ প্ৰশ্ন।

তেওঁ লগতে কয়, “মই অসম চুক্তিক সমৰ্থন কৰো, কিন্তু ভিত্তি বছৰতো সমৰ্থন নকৰো।”

ইয়াৰ বিপৰীতে তেওঁ এন আৰ চিক লৈ ৪০ শতাংশ হে সুখী বুলি জানিবলৈ দিয়ে। তেওঁ কয়, ‘একো হোৱা নাছিল, কিন্তু এতিয়া কিবা এটা হৈছে।”