• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব ত্ৰিপুৰা

বিভিন্ন লোভনীয় প্ৰতিশ্ৰুতিৰে ত্ৰিপুৰা নিৰ্বাচনৰ ভিজন ডকুমেণ্ট প্ৰকাশ বিজেপিৰ

NE NOW NEWS এন ই নাও নিউজ
আগৰতলা , February 12, 2018 9:21 am

2 min read

BJP releases vision document for upcoming Tripura assembly election
75
VIEWS
Share on FacebookShare on Twitter

আসন্ন ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে দেওবাৰে প্ৰকাশ কৰি উলিয়াই ২৮ পৃষ্ঠাযুক্ত তেওঁলোকৰ নিৰ্বাচনী ভিজন ডকুমেণ্ট। বিজেপিয়ে নিবনুৱা সংস্থাপন, স্নাতক পৰ্যায়লৈ ছোৱালীক বিনামূলীয়া শিক্ষাগ্ৰহণ, প্ৰত্যেক সমষ্টিতে একোখনকৈ মহাবিদ্যালয় স্থাপন আৰু নৱপ্ৰজন্মক বিনামূলীয়া স্মাৰ্টফোন প্ৰদান আদি বিভিন্ন লোভনীয় প্ৰতিশ্ৰুতিৰে এই ভিজন ডকুমেণ্ট প্ৰকাশ কৰি উলিয়াই।

‘প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উন্নয়নৰ প্ৰতিফলন ঘটে এই ঘোষণা পত্ৰত’ ঘোষণা পত্ৰ মুকলি কৰা সময়ত এইদৰে কয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে।

ইয়াৰ উপৰি বিনামূলীয়া ঘৰ প্ৰদান কৰাৰ লগতে বিপিএল সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য বীমা, সকলো লোককে খোৱা পানী যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাও দেখা যায় ভিজন ডকুমেণ্ট খনৰ জৰিয়তে।

উল্লেখ্য যে বিজেপি শাসনলৈ আহিলে শ্ৰমিকসকলৰ বৰ্তমানৰ ১৭৭ টকাৰ হাজিৰাৰ বিপৰীতে ৩৪০ টকা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে। আনহাতে দলটো শাসনলৈ অহাৰ এসপ্তাহৰ ভিতৰতে সপ্তম দৰমহা আয়োগ কাৰ্য্যকৰী কৰিব বুলি কালি প্ৰকাশিত ঘোষণা পত্ৰত স্পষ্ট উল্লেখ আছে।

উন্নয়নৰ ক্ষেত্ৰতো বিজেপিয়ে সংযোগ, গতিশীলতা, আন্তঃগাথনিৰ উন্নয়ন আৰু চহৰ সমূহত সকলো সা-সুবিধা প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰা দেখা যায়।

নিষ্ক্ৰীয় হৈ থকা ৰাজহুৱাখণ্ডৰ উদ্যোগসমূহক পুনৰজ্জীৱিত কৰা আৰু নতুন উদ্যোগ স্থাপনৰ ক্ষেত্ৰতো বিজেপিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি ঘোষণা পত্ৰত উল্লেখ কৰে। ইয়াৰ উপৰি ৰাজ্যখনত খালী হৈ থকা প্ৰায় ৫০ হেজাৰ চৰকাৰী চাকৰি অতি শীঘ্ৰে পূৰণ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

‘যদিহে বিজেপি নেতৃত্বাধীন এখন চৰকাৰ গঠন হয় তেন্তে কেন্দ্ৰৰ সহযোগত ৰাজ্যখনৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰি তুলিব পাৰিম’, এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে অৰুণ জেটলীয়ে।

জেটলীয়ে চিপিআই(এম)ৰ লগতে কংগ্ৰেছকো সমালোচনা কৰা দেখা যায়। কংগ্ৰেছৰ দুৰ্বল বিৰোধীতাৰ কাৰণে ত্ৰিপুৰাত উন্নয়ন সম্ভৱ নহ’ল। তেওঁ লগতে কয় যে উত্তৰ-পূবৰ একমাত্ৰ বিৰোধী কংগ্ৰেছে ৰাইজক বিশ্বাসঘাতকতা কৰিছে যাৰ ফলত ৰাইজে বিজেপিক আকোৱালি লৈছে।

Recent News

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

মিজোৰামত ৯ লাখৰো অধিক মূল্যৰ হিৰোইন জব্দ অসম ৰাইফলছৰ

ajit

কাজিৰঙাত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত ভয়ংকৰ সংঘৰ্ষ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

টেষ্টত ৰাবাডাৰ ২০০ উইকেট সম্পূৰ্ণ; এই কৃতিত্ব অৰ্জন কৰা দক্ষিণ আফ্ৰিকাৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

orange

আজৱ কাণ্ড! বেগেজৰ ভাড়া বচাবলৈ ৩০ মিনিটত ৩০ কেজি কমলা খাই পেলালে দুই পৰ্যটকে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd