• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশিষ্ট শিক্ষক, অসম আন্দোলনৰ অগ্ৰণী নেতা বিকুল শইকীয়াৰ মৃত্যুত শোকস্তব্ধ আমগুৰি

ৰাজীৱ দত্ত by ৰাজীৱ দত্ত
May 31, 2018 3:10 pm
IMG-20180530-WA0022
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ, অসম আন্দোলনৰ অক্লান্ত কৰ্মী, বিশিষ্ট সমাজ সেৱক বিকুল শইকীয়া (৮৩)ৰ বুধবাৰে আকস্মিকভাৱে মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁ পত্নী, তিনিজন পুত্ৰ, বোৱাৰী সহ বহু আত্মীয় স্বজনক ইহ সংসাৰত এৰি থৈ যায়।

উল্লেখ্য যে আমগুৰি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি, অৱসৰপ্ৰাপ্ত শিক্ষক সদ্য প্ৰয়াত ডিম্বেশ্বৰ শইকীয়াৰ স্মৃতি চাৰণ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন পৌৰপতি জনৰ আদ্যশ্ৰাদ্ধৰ উপলক্ষ্যত প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিয়েই হঠ্যৎ অসুস্থ হৈ পৰে। শিক্ষাবিদগৰাকীক লগে লগে আমগুৰিৰ সামূহিক স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

Apply Now

শিক্ষাবিদ গৰাকীৰ আকস্মিক বিয়োগৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ আমগুৰিবাসী শোকস্তব্ধ হৈ পৰে। আমগুৰি নগৰৰ সমীপৰ হিলৈদাৰী গাঁৱৰ নিৱাসী শইকীয়াই আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মজীৱন পাতনি মেলি ১৯৯৮ চনৰ ৩১ জানুৱাৰীত এই বিদ্যালয়ৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে।

অংক বিষয়ৰ এগৰাকী দক্ষ শিক্ষক হিচাপে সু-নাম থকা বিকুল শইকীয়া এজন দক্ষ প্ৰশাসকো। অঞ্চলটোৰ সামাজিক, শৈক্ষিক, সাংস্কৃতিক আৰু ক্ৰীড়া আদি সকলো দিশতে জড়িত থকা শইকীয়া এগৰাকী দক্ষ অভিনেতা হিচাপেও প্ৰবীণ চামৰ মাজত বেচ জনপ্ৰিয় আছিল। আমগুৰিৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান য়ুনিয়ন ক্লাব, নৱৰূপ শিল্পী সমাজ আদি অনুষ্ঠান-প্ৰতিষ্ঠানৰ ক্ষেত্ৰত বিশেষভাৱে অগ্ৰণী ভূমিকা পালন কৰিছিল।

জনপ্ৰিয় সমাজকৰ্মী গৰাকীৰ মৃত্যুৰ বাতৰি পোৱাৰ লগে লগে অসংখ্য গুণমুগ্ধ তেওঁৰ বাসগৃহত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। এই উপলক্ষে আয়োজিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমগুৰি আউনীআটীয় হেমচন্দ্ৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সমূহ শিক্ষক-কৰ্মচাৰী গোট, আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা, আমগুৰি বালিকা উচ্চ মাধ্যমিক বিদ্যালয়, আমগুৰি মহাবিদ্যালয়, আমগুৰি য়ুনিয়ন ক্লাব, আমগুৰি ক্ৰীড়া সন্থা, আমগুৰি জ্যেষ্ঠ নাগৰিক সংস্থা, আমগুৰি সাংবাদিক সন্থা, হিলৈদাৰী গাঁও নামঘৰ সমিতি, আমগুৰি ভাগৱত সমাজ, শিৱসাগৰ জিলা ছাত্ৰ সন্থা, আমগুৰি আঞ্চলিক ছাত্ৰ সন্থা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আমগুৰি আঞ্চলিক সমিতি, অৰুণোদয় একাডেমি, নেশ্যনেল একাডেমি, অসম কলেজ শিক্ষক সন্থা শিৱসাগৰ মণ্ডল, জাঁজী হেমনাথ শৰ্মা মহাবিদ্যাল, অগপ আমগুৰি সমষ্টি সমিতি, আমগুৰি কংগ্ৰেছ, আমগুৰি বিজেপি, আমগুৰি ব্যৱসায় সন্থা, মাৰোৱাৰী সমাজ, সংগ্ৰামী যুৱ পৰিষদ, পুবেৰুণ শিল্পী সমাজ, লেখিকা সমাৰোহ সমিতি, আহোম জাতীয় গণমঞ্চ, বঙালী ছাত্ৰ ফেডাৰেচন, আমগুৰি নাগৰিক সমিতি সহ শতাধিক অনুষ্ঠান-প্ৰতিষ্ঠানে শিক্ষাবিদ তথা সমাজকৰ্মীগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

ৰাজীৱ দত্ত

ৰাজীৱ দত্ত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

নিৰ্ভয়ে কৰ্তব্য পালন কৰক, সকলো দায়িত্ব মোৰ: নিট প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান চালনাৰ পিছত আৰ এ এফ জোৱানক সমৰ্থন চি আৰ পি এফৰ ডি জিৰ

July 30, 2026 11:25 am
উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়: লিফ্ট দুৰ্ঘটনাত নিৰ্মাতা আৰু ভৱন কৰ্তৃপক্ষৰ যৌথ দায়বদ্ধতা

July 30, 2026 9:47 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd