DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশ্বনাথৰ ফাৰ্মেচিত ঔষধ পৰিদৰ্শকৰ অভিযান : দুখন ফাৰ্মেচিৰ অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিলৰ পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 13, 2018 1:18 pm
PharmacyCouncilofIndia
99
VIEWS
Share on FacebookShare on Twitter

ফাৰ্মাচি কাউন্সিলৰ নীতি-নিৰ্দেশনা উলংঘা কৰি ব্যৱসায় চলাই থকা তথা বিশ্বনাথৰ ফাৰ্মাচিবোৰৰ বিৰুদ্ধে কঠোৰ হৈছে জিলা প্ৰশাসন। জানিব পৰামতে, জিলাখনৰ ভাৰপ্ৰাপ্ত উপায়ুক্ত পাৰভেজ আমিনৰ নিৰ্দেশত ১২ জুনত বিশ্বনাথৰ ৰাজহচক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বিশ্বজিৎ শইকীয়াৰ নেতৃত্বত এজন ঔষধ পৰিদৰ্শক আৰু আৰক্ষী বিষয়াৰ এটা দলে বিশ্বনাথ চাৰিআলিৰ কেইবাখনো ফাৰ্মাচিত অভিযান চলায়। এই অভিযানৰ সময়ত ফাৰ্মাচিবোৰৰ অনুজ্ঞাপত্ৰকে ধৰি বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰা হয়।

সূত্ৰটোৱে জনোৱামতে, চহৰখনৰ এমি ফাৰ্মাচিউটিকেলছ আৰু এছ বি মেডিকেল নামৰ ফাৰ্মাচি দুখনে ফাৰ্মাচী কাউন্সিলৰ নীতি-নিৰ্দেশনা উলংঘা কৰা বুলি অভিযানকাৰীৰ অনুসন্ধানত ধৰা পৰে। অভিযানৰ সময়ত ফাৰ্মাচি দুখনে উপযুক্ত নথি-পত্ৰ অবিহনে বিদেশী ঔষধ মজুত ৰখাৰ তথ্য পোৱা বুলি দলটোৱে জানিবলৈ দিয়ে। ফলত ঔষধ পৰিদৰ্শকজনে দুয়োখন ফাৰ্মাচিৰে অনুজ্ঞাপত্ৰ সাময়িকভাৱে বাতিলৰ বাবে জনাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিছে।

আনহাতে একে সময়তে বিশ্বনাথৰ নিৰ্বাচনী বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ আবুল কালামৰ নেতৃত্বত আন এটা অভিযানকাৰী দলে বিশ্বনাথ চাৰিআলি চহৰৰ বিভিন্ন স্থানত অভিযান চলাই কাৰ্বাইডযুক্ত ফল-মূল জব্দ কৰে। দলটোৱে জনায় যে এই ফল-মূলবোৰে অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ডাঙৰ ভাবুকি সৃষ্টি কৰিব পাৰে। লগতে দলটোৱে পলিথিনজাতীয় সামগ্ৰীৰ বিৰুদ্ধেও কঠোৰতা প্ৰদৰ্শন কৰি কিছুমান পৰিলিথিনজাতীয় সামগ্ৰীও জব্দ কৰে।

Recent News

BJP

বিজেপিৰ ৰাজনীতি আৰু অমিত শ্বাহৰ দাম্ভিক ভৱিষ্যতবাণী বনাম দেশৰ গণতান্ত্ৰিক ব্যৱস্থা

Assam Govt

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত: ৰাজ্যৰ পাঁচ ইছলাম ধৰ্মীয় জনগোষ্ঠীলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি

Kirtikamal Borah encounter

ভুৱা প্ৰমাণিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ: আৰক্ষী বিষয়া প্ৰদীপ বনিয়াৰ বিৰুদ্ধে CID- এ দাখিল কৰিলে চাৰ্জশ্বীট

Hissing noise from private part

অণ্ডকোষৰ পৰা ওলায় সাপৰ ফুচফুচনিৰ দৰে শব্দ! বিৰল ঘটনাই লগাইছে খলকনি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd