• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত অংশগ্ৰহণ কৰিব ১৭ খন দেশৰ প্ৰতিনিধিয়ে

NE NOW NEWS নবাৰুন গুহ
গুৱাহাটী , February 1, 2018 4:34 pm

2 min read

Chandra Mohan Patowary press meet

চন্দ্ৰ মোহন পাটোৱাৰীৰ সংবাদ মেল

95
VIEWS
Share on FacebookShare on Twitter

এডভান্তে’জ আছাম- বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ত ১৭ খন দেশৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।

সন্মিলনক লৈ আজি আয়োজিত এক সংবাদমেলত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, ‘সন্মিলনখনত আমি সঁচাকৈয়ে এক বিশ্বজোৰা উপস্থিতি পাম। এতিয়ালৈকে ১৭ খন দেশৰ প্ৰতিনিধিয়ে সন্মিলনত অংশগ্ৰহণ নিশ্চিত কৰিছে। ৰাতিলৈকে আমি আৰু কিছু প্ৰতিনিধিৰ নিশ্চিতি পাব পাৰো। আমি বিশ্বৰ বিভিন্ন প্ৰান্তৰ কমেও ২০০ গৰাকী বিনিয়োগকাৰী আশা কৰিছো।’

তেওঁ লগতে কয়, ‘এতিয়ালৈকে বাংলাদেশ, ভূটান, কানাদা, কেম্ব’দিয়া, চেক গণৰাজ্য, জাৰ্মেনি, ইণ্ডোনেছিয়া, ইজৰায়েল, জাপান, কোৰিয়া, লাওচ, ম্যানমাৰ, নেপাল, নেদাৰলেণ্ডচ, সংযুক্ত আমিৰ শ্বাহী, এমেৰিকা আৰু ভিয়েটনামে উপস্থিতি নিশ্চিত কৰিছে। ভিয়েটনাম, লাওচ, ম্যানমাৰ, ভূটান, বাংলাদেশ আৰু কেম্ব’দিয়াৰ প্ৰতিনিধি দলক সংশ্লিষ্ট দেশসমূহৰ একোজনকৈ মন্ত্ৰীয়ে নেতৃত্ব দিব। তাৰোপৰি সন্মিলনখনতে ভাৰত আৰু ভূটানৰ মাজত অসমত প্ৰথম বাৰৰ বাবে এখন দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হ’ব। উক্ত আলোচনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত থাকিব।’

পাটোৱাৰীয়ে লগতে জনায় যে জাপান, কেম্ব’দিয়া, বাংলাদেশ আৰু চেক ৰিপাব্লিকৰ অংশগ্ৰহণেৰে এখন চাৰিদেশীয় আলোচনা চক্ৰও অনুষ্ঠিত হ’ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩ ফেব্ৰুৱাৰিত এই দুদিনীয়া সন্মিলনখনৰ উদ্বোধন কৰিব।

পথ পৰিৱহন আৰু ঘাইপথ মন্ত্ৰী নিতিন গাদকাৰি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী সুৰেশ প্ৰভু, আইন আৰু ন্যায় মন্ত্ৰী ৰৱি শংকৰ প্ৰসাদ, বস্ত্ৰ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী স্মৃতি ইৰানি, পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰী জিতেন্দ্ৰ সিং আৰু গৃ্হ ৰাজ্য মন্ত্ৰী কিৰেন ৰিজিজুকে ধৰি বহু সংখ্যক কেন্দ্ৰীয় মন্ত্ৰীয়েও এই সন্মিলন খনত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

Recent News

index.jpgz

দেশজুৰি পুনৰ কোভিড আতংক : এপ্ৰিলত অনুষ্ঠিতব্য JEEৰ মূল পৰীক্ষা স্থগিত

index

কোভিড আতংক! : ডিব্ৰুগড় বিশ্বিদ্যালয়ৰ স্নাতকোত্তৰ পৰীক্ষা স্থগিত

index.jpg2

তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ ২০২১-২৩ বৰ্ষৰ নতুন সমিতিৰ আনুষ্ঠানিকভাৱে দ্বায়িত্ব গ্ৰহণ

index.jpg1

এতিয়াৰে পৰা ৰাজহুৱা স্থানত পিক পেৱোলা বন্ধ কৰক; মাস্ক পিন্ধক : নিয়ম উলংঘা কৰিলে ভুগিব লাগিব শাস্তি!

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd