বিশ্বনাথৰ বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে অংগনবাদী কেন্দ্ৰত প্ৰদান কৰা বিনামূলীয়া দৰব সেৱন কৰি এজনী ৪ বছৰীয়া কন্যাশিশু শিশু অসুস্থ হৈ পৰিছে।বিনামূলীয় দৰবৰ পৰা হোৱা পাৰ্শ্বক্ৰিয়াৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাৰ পাছত সম্প্ৰতি অঞ্চল ব্যাপি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।
বহু দিন ধৰি চিকিৎসক তথা চিকিৎসা সেৱাৰ লগত জড়িত একাংশ চিকিৎসক-কৰ্মচাৰীৰ দৌৰাত্ম্যই বাৰুকৈয়ে জ্বলা-কলা খুৱাইছে বিশ্বনাথৰ ৰাইজক৷
বিহালীৰ বাঘমৰা সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ ৰতোৱা মাহিলী বস্তি অংগনবাদী কেন্দ্ৰত বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ভ্ৰাম্যমান শিবিৰৰ জৰিয়তে এটা শিশুৰস্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়োজন কৰা হৈছিল। এই স্বাস্থ্য পৰীক্ষা শিবিৰটোত নাছিৰ মোল্লা নামৰ চৰকাৰী ঔষধ বিতৰক এজনৰ তত্বাৱধানত কেন্দ্ৰটোৰ শিশু সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামুলীয়া ঔষধ বিতৰণ কৰা হৈছিল।
এই স্বাস্থ্য শিবিৰটোত স্থানীয় ৰুস্তম আলী নামৰ ব্যক্তি জনৰ আৰিজা খাতুন নামৰ ৪ বছৰীয়া কন্যা সন্তানটিক স্বাস্থ্য পৰীক্ষাৰ অন্তত চিকিৎসকে “DOMPERIDONE SUSPENSION IP” নামৰ এটা দৰবৰ বটল দিয়ে। ঘৰলৈ আনি অভিভাৱকে দৰব খুৱাই দিয়াৰ পিচতে শিশুটি চেতনাহীন হৈ পৰে। লগে লগে শিশুটিক স্থানীয় চিকিৎসকৰ ওচৰলৈ নি চিকিৎসা কৰোৱাৰ পিচত শিশুটি সামান্য পৰিমাণে আৰোগ্য হয়।
পিছত উক্ত ভ্ৰাম্যমান শিবিৰত দিয়া দৰবৰ বটলটো পৰীক্ষা কৰাত প্ৰকৃত ৰহস্য পোহৰলৈ আহে।
২০১৭ চনৰ জানুৱাৰী মাহতে দৰবৰ বটলটোৰ উকলি গৈছিল ম্যাদ। ঘটনা পোহৰলৈ অহাৰ পিছতে স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে৷ ঔষধ বিতৰকজনক এই বিষয়ে সোধা-পোছা কৰাত তেওঁ তুলুঙা যুক্তিৰে দায় সৰাৰ চেষ্টা কৰা দেখা যায়৷
এনেদৰে কণমানি শিশুক ম্যাদ উকলা দৰৱ বিতৰণ কৰা কাৰ্যই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।