• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোকৰাঝাৰত বিহাৰৰ অপহৃত লোকক উদ্ধাৰ, আদিবাসী সন্ত্ৰাসবাদী সংগঠনৰ অপহৰণকাৰী সদস্যক গ্ৰেপ্তাৰ

NE NOW NEWS ৰিনয় বসুমতাৰী
কোকৰাঝাৰ , June 19, 2018 10:02 am

2 min read

kok-kidnap-570x320
89
VIEWS
Share on FacebookShare on Twitter

অসম আৰক্ষীৰ বাবে উল্লেখনীয় সফলতা। আদিবাসী সন্ত্ৰাসবাদী সংগঠন নেশ্যনেল লিবাৰেশ্যন চাওতালি আৰ্মীয়ে কোকৰাঝাৰৰ পৰা অপহৰণ কৰি নিয়া বিহাৰৰ লোকজনক সোমবাৰে নিশা উদ্ধাৰ কৰে। তাৰোপৰি অপহৰণৰ লগত জড়িত থকা লোক এজনকো আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

বিহাৰৰ দাৰভাঙা জিলাৰ প্ৰয়াত দেৱনজি লাল দিওৰ পুত্ৰ শিৱাজী লাল দিওক আদিবাসী সন্ত্ৰাসবাদী সংগঠনটোৱে গোসাঁইগাঁৱৰ পৰা অপহৰণ কৰি নি এখন ভিতৰুৱা গাঁৱত আৱদ্ধ কৰি ৰাখিছিল বুলি কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে সংবাদ মাধ্যমক জনায়।

সন্ত্ৰাসবাদী সংগঠনটোৱে শিৱাজী লাল দিওক অপহৰণ কৰা বুলি লোকজনৰ ঘৰত খবৰ দিয়াত তেওঁৰ ভায়েকে গোসাঁইগাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনত এটা গোচৰ ৰুজু কৰে।

গোচৰৰ পাছতে আৰক্ষীয়ে জোৰদাৰ তদন্ত আৰম্ভ কৰি বিভিন্ন শুত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত সোমবাৰে নিশা গুমা সংৰক্ষিত বনাঞ্চলৰ পৰা পাঁচ কিলোমনিটাৰ নিলগত অৱস্থিত সত্যপুৰ গাঁৱৰ পৰা আৰক্ষীৰ অভিযানকাৰী দলটোৱে লোকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে।

kok-arrest-225x300

আনহাতে ঘটনাস্থলীৰ পৰা চলেমান চৰেন (৪৭) নামৰ এজন অপহৰণকাৰীকো গ্ৰেপ্তাৰ কৰে। ইফালে ঘটনাৰ লগত জড়িত অন্য অপহৰণকাৰীসকল ঘন জংঘলৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে অপহৃত লোকজনক সুৰক্ষিতভাৱে গোসাঁইগাঁও আৰক্ষী থানালৈ লৈ আনি স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে।

ইফালে আটকাধীন সদস্যজনৰ পৰা আৰক্ষীয়ে বিভিন্ন মাৰানস্ত্ৰৰ লগতে আপত্তিজনক নথিপত্ৰ সংগ্ৰহ কৰা বুলি জনায়। তাৰোপৰি ঘটনাস্থলীৰ পৰা ঘন জংঘলৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হোৱা দলটোৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে ব্যাপক অভিযান চলোৱা বুলিও জনায় আৰক্ষী অধীক্ষক ৰাজেন সিঙে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰা সন্ত্ৰাসবাদী সংগঠনজনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে  সোধা পোচা অব্যাহত ৰাখিছে।

Recent News

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

ঐতিহাসিক জেৰেঙা পথাৰত উপস্থিত প্ৰধান মন্ত্ৰী মোদী; ১ লাখ লোকক প্ৰদান কৰিব ভূমি পট্টা

Calcutta-High-Court-Taxscan

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

Paresh-Baruah-1-750x375

প্ৰধান মন্ত্ৰীৰ শিৱসাগৰ ভ্ৰমণৰ পূৰ্বে ডিগবৈৰ সেনা শিবিৰত আলফা(স্বা)ৰ বোমা বিস্ফোৰণ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

ভৈয়ামৰ মেটমৰা খাদ্য সম্ভাৰ লৈ উৰুকা উদযাপনৰ বাবে পুনৰ পাহাৰলৈ মামা-মামী, জোনবিল মেলাত জনসমূদ্ৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd