বি টি এ ডি ভংগ কৰি দিয়াৰ বাবে ঐক্যবদ্ধভাৱে দাবী তুলিলে ৫ টা সংগঠনে

বি টি এ ডিত বড়োসকলৰ স্বাৰ্থক সুৰক্ষা দিয়াৰ অচিলাত অবড়ো জাতি-জনজাতিৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰ খৰ্ব কৰিবলৈ ওলোৱাত চাৰিওফালৰ পৰা এই বি টি এ ডিৰ বৈধতা তথা প্ৰয়োজনীয়তাক লৈয়ে প্ৰশ্ন উত্থাপন হ’বলৈ ধৰিছে।

বি টি এ ডিত ইমান দিনে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি অহা অজনজাতীয় অৰ্থাৎ অবড়ো জনগোষ্ঠীৰ লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ বাবে শেহতীয়াকৈ হাগ্ৰামা  মহিলাৰী নেতৃত্বাধীন পৰিষদীয় প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্তই এই অঞ্চলটোত পুনৰ অশান্তি বিয়পি পৰা তথা সংঘাতময় পৰিস্থিতি সৃষ্টি হোৱাৰ বাট মুকলি কৰিবলৈ ওলাইছে।

উল্লেখযোগ্য যে বি টি এ ডিত বসবাস কৰা কোচ ৰাজবংশী, নেপালী, চাওতাল, আদিবাসী আৰু নাথযোগী সম্প্ৰদায়ৰ লোকসকলে ইমানদিনে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা লাভ কৰি আহিছে। কিন্তু শেহতীয়াকৈ যোৱা ১২ জানুৱাৰিত অনুষ্ঠিত বি টি চি পৰিষদৰ এক বৈঠকত এই সিদ্ধান্ত লোৱা হৈছে যে বি টি এ ডিত কেৱল জনজাতি বা বড়ো সকলেহে (ৰাভা আৰু গাৰোও) সংৰক্ষিত শ্ৰেণী হিচাপে ভূমিৰ অধিকাৰ লাভ কৰিব। আনসকল সংৰক্ষিত শ্ৰেণীৰ বাহিৰত থাকিব। অৰ্থাৎ অবড়োসকলে ভূমিৰ অধিকাৰৰ ক্ষেত্ৰত সংৰক্ষিত শ্ৰেণীৰ সুবিধা নাপাব আৰু তেওঁলোকে নিজৰ ইচ্ছামতে মাটিবাৰী কিনাবেচা, হস্তান্তৰ আদি কৰিব নোৱাৰিব।

হাগ্ৰামা মহিলাৰীৰ নেতৃত্বাধীন পৰিষদীয় প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ইতিমধ্যে বিভিন্ন স্তৰত প্ৰতিবাদ আৰম্ভ হৈছে। ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ হৈছে সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা হেৰুৱাবলৈ ওলোৱা জনগোষ্ঠীসকলৰ সংগঠনসমূহ। তেওঁলোকে কেৱল এই সিদ্ধান্তৰে বিৰোধিতা কৰা নাই, লগতে বি টি এ ডি ভংগ কৰি দিয়াৰো দাবী তুলিছে। তেওঁলোকে অঞ্চলটোত নিজৰ অধিকাৰ সাব্যস্ত কৰাৰ দাবীত এখন যৌথ সমিতি গঠন কৰিছে। এই সমিতিৰ নেতৃত্বত তেওঁলোকে বি টি এ ডি ভংগৰ দাবীত আন্দোলনৰ কাৰ্যসূচী লোৱাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

জানিব পৰামতে সংগঠনসমূহে মঙলবাৰে গোসাইগাঁৱত এক বৈঠকত  মিলিত হৈ যৌথ সমিতি গঠন কৰাৰ লগতে আন্দোলনৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে।

এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণৰ বাবে মঙলবাৰে গোসাইগাঁও চহৰৰ দলগাঁৱত থকা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ (আক্ৰাছু) কাৰ্যালয়ত আক্ৰাছুৰ লগতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা), সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (আগছু), নাথ যোগী ছাত্ৰ সংগঠন আৰু সদৌ চাওতাল ছাত্ৰ সন্থাৰ (এছু) নেতাসকলৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।

এই যৌথ সভাখনত বি টি এ ডি প্ৰশাসনৰ অন্যায় তথা অগণতান্ত্ৰিক সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

এই সভাতে বি টি এ ডি প্ৰশাসনৰ স্বৈৰাচাৰিতাৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে সংগ্ৰাম চলাই যোৱাৰ উদ্দেশ্যে আক্ৰাছুৰ উপদেষ্টা হিতেশ বৰ্মনক মুখ্য আহ্বায়ক আৰু উপস্থিত প্ৰতিটো সংগঠনৰ সভাপতিক আহ্বায়ক হিচাপে লৈ এখন যৌথ মঞ্চত গঠন কৰা হয়। বৈঠকৰ অন্তত আয়োজন কৰা এখন সংবাদমেলত এই যৌথ মঞ্চই অতি শীঘ্ৰে বি টি এ ডি বাতিল কৰিবলৈ দাবী জনায়। মঞ্চই বি টি এ ডি প্ৰশাসনে গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীত অহা ৬ মাৰ্চত ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ আহ্বান জনায়।

‘১৮৮৬ চনৰ ভূমি আইন অনুসৰি এই জনগোষ্ঠীবোৰে ভূমিৰ অধিকাৰ লাভ কৰি আহিছে। কিন্তু বি টি এ ডি প্ৰশাসনে ষড়যন্ত্ৰমূলকভাৱে এই জনগোষ্ঠীবোৰক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ পৰিকল্পনা কৰিছে।‘ এইদৰে কয় যৌথ মঞ্চৰ আহ্বায়ক হিতেশ বৰ্মনে।

তেওঁ অনতি পলমে বি টি এ ডি বাতিল কৰিব লাগে বুলি দাবী জনায়। তেওঁ হাগ্ৰামা মহিলাৰীৰ দল বি পি এফৰ সৈতে জড়িত হৈ থকা সকলো কোচ ৰাজবংশী সম্প্ৰদায়ৰ লোকক দলটোৰ পৰা ওলাই আহিবলৈ আহ্বান জনায়।

আনহাতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালকো বিষয়টো গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ মঞ্চই আহ্বান জনাইছে।

আছাৰ সভাপতি ষ্টিফেন লাক্ৰাই কয় যে বি টি এ ডি এলেকাত সম্প্ৰতি ৰাজনৈতিক অস্থিৰতাই দেখা দিছে। ইয়াৰ বাবে তেওঁ বৰ্তমানৰ বিজেপি চৰকাৰ তথা পূৰ্বৰ কংগ্ৰেছ চৰকাৰকে জগৰীয়া কৰে। নেতাজনে কয় যে ২০০৩ চনত বি টি এ ডি গঠনৰ সময়তে বিভিন্ন দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু সেই সময়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কোনো প্ৰতিবাদক গুৰুত্ব নিদিয়াৰ ফল এতিয়া সকলোৱে ভুগিব লগীয়া হৈছে। বি টি এ ডিৰ এই পৰিস্থিতিৰ বাবে এই চুক্তিয়েই দায়ী। অল্পসংখ্যক বড়ো লোকৰ স্বাৰ্থত অঞ্চলটোৰ গৰিষ্ঠসংখ্যক জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ খৰ্ব কৰা হৈছে।

তেওঁ কয় যে বি টি এ ডিৰ সংখ্যগৰিষ্ঠ সম্প্ৰদায়ৰ লোকে ইচ্ছা কৰিলেও ৰাজনীতিত অংশগ্ৰহণ কৰিব নোৱাৰে। কাৰণ পৰিষদৰ চল্লিচখন আসনৰ ত্ৰিচখনেই জনজাতীয় লোকৰ বাবে সংৰক্ষিত।

উল্লেখযোগ্য যে বি টি চি চুক্তি অনুসৰি পৰিষদীয় এলেকাত জনজাতীয় লোকসকলৰ লগতে সংৰক্ষিত লোকসকলৰ বাহিৰে আন কোনো লোকে ভূমি ক্ৰয়-বিক্ৰয় কৰিব নোৱাৰে। তাত পূৰ্বৰে পৰা থকা অজনজাতীয় লোকে নিজৰ ভূমি কোনো  জনজাতীয় অথবা সংৰক্ষিত লোককহে বিক্ৰী কৰিব পাৰিব। কিন্তু তেওঁলোকে কোনো ভূমি কিনিব নোৱাৰে।