DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বেমাৰী তথা দুৰ্বল ছাগলী যোগান ধৰিছে গুৱাহাটী পৌৰ নিগমে : গুৱাহাটী মাংস ব্যৱসায়ী সন্থা

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 17, 2018 5:45 pm
Meat seller union's General secretary Makbul Ahmed

গুৱাহাটী মাংস ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে

174
VIEWS
Share on FacebookShare on Twitter

সুস্থ-সৱল ছাগলী যোগান ধৰাৰ বিপৰীতে গুৱাহাটী পৌৰ নিগম আৰু উত্তৰ পূৱ কাউঞ্চিল খাদ্য প্ৰক্ৰিয়াকৰণ প্ৰাইভেট লিমিটেডে গুৱাহাটীৰ মাংস ব্যৱসায়ী সকলক বেমাৰী তথা দুৰ্বল ছাগলী যোগান ধৰি আহিছে।

আজি প্ৰকাশ কৰা এখন প্ৰেছ বিজ্ঞপ্তি যোগে এই অভিযোগ কৰে গুৱাহাটী মাংস ব্যৱসায়ী সন্থাই।

বিজ্ঞপ্তি খনৰ মতে গুৱাহাটী পৌৰ নিগমে যোৱা ১ ফেব্ৰুৱাৰিত গুৱাহাটী মাংস ব্যৱসায়ী সকলক প্ৰতিদিনে ১০০ টাকৈ সুস্থ সৱল ছাগলী ধৰিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও উক্ত প্ৰতিশ্ৰুতি ৰক্ষা কৰাত পৌৰ নিগম ব্যৰ্থ হৈছে।

সন্থাৰ সাধাৰণ সম্পাদক মকবুল আহমেদে কয় ‘প্ৰতিদিনে ১০০ টাকৈ ভাল ছাগলী দিয়া হ’ব বুলি গুৱাহাটী পৌৰ নিগমে আমাৰ সৈতে চুক্তি কৰিছিল। কিন্তু যোৱাকালি তেওঁলোকে বিহাৰৰ পৰা অনা বেমাৰী, দুৰ্বল তথা মাইকী ছাগলী আনি তাত চৰকাৰী ছিল-মোহৰ মাৰি আমাক বিক্ৰী কৰিবৰ বাবে দিছে।’

অৱশ্যে এনেকুৱা ধৰণৰ ছাগলী পৌৰ নিগমৰ পৰা ক্ৰয় কৰাৰ পৰা তেওঁলোক বিৰত থাকিব বুলি তেওঁ নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

আনহাতে ঘোষণা কৰাৰ পিছৰে পৰা এটা দিনটো গুৱাহাটী পৌৰ নিগমে তেওঁলোকক ১০০ টাকৈ ছাগলী যোগান ধৰা নাই বুলিও মাংস ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক গৰাকীয়ে অভিযোগ কৰে।

এই সন্দৰ্ভত তেওঁ নৰ্থ ইষ্ট নাওক কয় “৭ ফেব্ৰুৱাৰিত তেওঁলোকে ছাগলী যোগান ধৰিম বুলি কৈছিল যদিও তেওঁলোক যোগান ধৰাত বিফল হ’ল। আনহাতে ১০০ টাকৈ ছাগলী যোগান ধৰিম বুলি কৈ আমাক ৮ ফেব্ৰুৱাৰি দিনা ২০ টা ছাগলীহে যোগান ধৰিলে।”

ইয়াৰোপৰি ৯ ফেব্ৰুৱাৰিত গুৱাহাটী পৌৰ নিগম ছাগলী যোগান ধৰাৰ পৰা বিৰত থকাৰ বিপৰীতে ১০,১১,১২ আৰু ১৩ ফেব্ৰুৱাৰিত ক্ৰমে ২৩ টা, ২৮ টা আৰু ১৩ টা ছাগলী যোগান ধৰে বুলি তেওঁ জানিবলৈ দিয়ে।

গুৱাহাটী মাংস ব্যৱসায়ী সন্থাই গুৱাহাটী পৌৰ নিগমক তেওঁলোকৰ অধীনত নিৰ্মীয়মান বজাৰ গৃহত কছাইখানা নিৰ্মাণ কৰি দিবৰ বাবে দাবী জনায়। আনহাতে, যদিহে পৌৰ নিগমে মাংস ব্যৱসায়ীসকলক NEC Food Processing Pvt. Ltd আৰু ALPCO ৰ অধীনত যাবলৈ বাধ্য কৰাই তেওঁলোকে মাংস দোকান বন্ধ কৰি প্ৰতিবাদত নামি পৰিব বুলি হুংকাৰ প্ৰদান কৰে।

Recent News

US on India Approach On Russian Oil

কূটনৈতিক বিজয়! ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ত আপত্তি নাই আমেৰিকাৰ

Earthquake in Turkey Syria

মৃত্যু উপত্যকাত পৰিণত তুৰস্ক-ছিৰিয়া: ভূমিকম্পত নিহতৰ সংখ্যা ১৫ হাজাৰলৈ বৃদ্ধি

Deaths In Police Custody

দেশত পাঁচ বছৰত আৰক্ষীৰ জিম্মাত মৃত্যু ৬৬৯ গৰাকীৰ: সংসদত কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰীৰ তথ্য

World War II bombs found

মণিপুৰত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ দুটা বোমা: নিৰাপদে নিষ্ক্ৰিয় কৰিলে আৰক্ষীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd