DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 3, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতত পাত্ৰ তাঁতী সমাজৰ জন জাগৰণ সমাবেশ : নাগৰিকত্ব বিধেয়কৰ তীব্ৰ বিৰোধিতা

উত্তম শইকীয়া by উত্তম শইকীয়া
June 4, 2018 4:44 pm
Patra Tanti Samaj
100
VIEWS
Share on FacebookShare on Twitter

অসমৰ চাহ শ্ৰমিক সকলৰ এক অন্যতম প্ৰধান সম্প্ৰদায় পাত্ৰ তাঁতী সমাজৰ ভাষা, লোক সংস্কৃতিসমূহ ডাঙি ধৰাৰ মানসেৰে বোকাখাতৰ পুৱতি সাহিত্য সভা ভৱনত আজি এখন জন জাগৰণ সমাবেশ অনুষ্ঠিত কৰা হয় ৷

নগাঁও, যোৰহাট আৰু গোলাঘাট জিলাত বসবাস কৰা পাত্ৰ তাঁতী সমাজৰ লোকক সামৰি অনুষ্ঠিত হোৱা জন জাগৰণ সমাবেশত তিনিখন জিলাৰ প্ৰতিনিধিৰ লগতে সাধাৰণ পাত্ৰ তাঁতী সমাজৰ লোকে অংশ গ্ৰহণ কৰে ৷

পাত্ৰ তাঁতী সমাজ পৰিচালনা সমিতিৰ সভাপতি দেৱেন পাত্ৰই পুৱা পতাকা উত্তোলন আৰু সম্পাদক বিপিন তাঁতীয়ে স্মৃতি তৰ্পণ কৰাৰ পিছতে পাত্ৰ তাঁতী সমাজৰ এখন লোক সাংস্কৃতিক সমাবেশ অনুষ্ঠিত হয় ৷

দিনৰ ১১ বজাৰ পৰা দেৱেন পাত্ৰৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰা অৰূপ জ্যোতি তাঁতী, নিহা তাঁতী আৰু ৰিতুল পাত্ৰক ৰাজহুৱাভাৱে মানপত্ৰ, কিতাপৰ টোপোলা আৰু নগদ ধনেৰে সম্বৰ্দ্ধনা জনোৱা হয় ৷

সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অসম চাহ মজদুৰ সংঘৰ বোকাখাত শাখাৰ সম্পাদক তপন কৰ্মকাৰে পাত্ৰ তাঁতীৰ জাতিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত পাত্ৰ তাঁতী সমাজ পৰিচালনা সমিতিক গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰাৰ আহ্বান জনায় ৷ সভাত প্ৰতিদিন টাইমৰ বোকাখাতৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাই শুভেচ্ছামুলক বক্তব্য আগবঢ়ায় ৷

ইয়াৰ উপৰি সভাত ৩ খন জিলাৰ প্ৰতিনিধিৰ লগতে পাত্ৰ তাঁতী সমাজক প্ৰতিনিধিত্ব কৰা গাঁওবূঢ়া সকলেও বক্তব্য প্ৰদান কৰে।

সম্পাদক বিপিন তাঁতীয়ে আঁত ধৰা এই সভাত পাত্ৰ তাঁতী সমাজৰ অস্তিত্ব অক্ষুন্ন ৰখাৰ বাবে জাতিটোৰ ভাষা, লোক সংস্কৃতি সংৰক্ষণ, শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

তদুপৰি উক্ত সভাতে নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বাতিলৰ দাবীৰ লগতে কেন্দ্ৰীয় চৰকাৰে বিধেয়কখন প্ৰৱৰ্তন কৰি অসমত বহিৰাগত বাংলাদেশীক সংস্থাপনৰ যি অভসন্ধি ৰচনা কৰিছে, তাক কোনো কাৰণতে মানি লোৱা নহ’ব বুলি স্পষ্ট কৰি দি এই ক্ষেত্ৰত সৰ্বানন্দ সোনোৱালৰ নিৰৱ ভুমিকাকো তীব্ৰ সমালোচনা কৰাৰ লগতে মুখ্য মন্ত্ৰীক দৃঢ় পদক্ষেপ ল’বৰ বাবে সভাই সকিয়াই দিয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে পাত্ৰ তাঁতী সমাজৰ এক সজাতি দলে অতি শীঘ্ৰে মুখ্য মন্ত্ৰীক সাক্ষাৎ কৰি মুখ্য মন্ত্ৰীৰ জৰিয়তে যুটীয়া সংসদীয় সমিতিৰ অধ্যক্ষলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰাৰ বাবে সিধান্ত গ্ৰহন কৰে ৷

পাত্ৰ তাঁতী সমাজৰ পৰৱৰ্তি অধিৱেশন ২০১৯ চনৰ ফেব্ৰুৱাৰিত নগাঁও জিলাৰ বাগৰিত অনুষ্ঠিত কৰাৰ বাবেও সভাই সিদ্ধান্ত লয়।

সভাৰ সামৰণিৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আধা ঘন্টা সময় বোকাখাত নগৰৰ ডিফলু পথ অৱৰোধ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, বিজেপি চৰকাৰ গ’বেক আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিবেশ উত্তাল কৰি তোলে ৷

Recent News

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

Bumrah’s all-round show: দুৰ্দান্ত বেটিঙৰ পিছত বলিঙেৰেও চমক অধিনায়ক বুমৰাহৰ; এজবাষ্টনত চালকৰ আসনত ভাৰত

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

No link with Terror outfit: “জেহাদী”ৰ ভূতে খেদিছে মহানগৰ আৰক্ষীক! জেহাদীৰে লিংক বিচাৰি নাপাই যাবলৈ দিয়া হ’ল ইনামুলক

Murder for Land dispute

ওদালগুৰিত ভূমি বিবাদৰ চূড়ান্ত ৰূপ: জেষ্ঠ ভাতৃয়ে প্ৰাণ ল’লে কনিষ্ঠ ভাতৃৰ

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

অসম ছাত্ৰ পৰিষদৰ বঙাইগাঁও বিধান পৰিষদৰ উদ্যোগত ১৩৩ গৰাকী কৃতি ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd