বড়োলেণ্ড সম্পৰ্কত ২৬ এপ্ৰিলৰ পূৰ্বে আলোচনা নহ’লে পুনৰ আন্দোলনৰ ভাবুকি

Bodoland

প্ৰতিনিধিত্বমূলক ফটো।

পৃথক বড়োলেণ্ডৰ বিষয়ত ৰাজনৈতিক পৰ্যায়ৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত নকৰিলে আলোচনা নকৰিলে পুনৰাই আন্দোলনৰ কাৰ্য্যসূচী ল’ব বুলি ভাবুকি দিছে এবছু, এন ডি এফ বি (প্ৰ) আৰু পি জে এ চি বি এমে।

লগতে তেওঁলোকে ২৬ এপ্ৰিলৰ দিনটোক প্ৰতাৰণাৰ দিন হিচাপে উদ্‌যাপন কৰিব। আন্দোলনৰ কাৰ্য্যসূচী হিচাপে সংগঠনকেইটাই ২ মে’ৰ পৰা পাঁচদিনীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ল’ব। তাৰ পিছে পিছে ৩৬ ঘণ্টীয়া চকা বন্ধৰ আহ্বান জনোৱা হ’ব।

কোকৰাঝাৰৰ এবছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত ১০ এপ্ৰিলত অনুষ্ঠিত এক সংবাদমেল দি এবছুই এই কথা জানিবলৈ দিয়ে। সংবাদমেলত এবছুৰ সভাপতি প্ৰমোদ বড়োৱে বিজেপি চৰকাৰক প্ৰতাৰক আখ্যা দিয়ে। লগতে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুকো আক্ৰমণৰ লক্ষ্য কৰি লয় এবছুৰ সভাপতিজনে।

তেওঁ কয় যে জনজাতীয় সমস্যাৰে ভাৰাক্ৰান্ত অঞ্চল এটাৰ পৰা প্ৰতিনিধিত্ব কৰি কেন্দ্ৰৰ গৃহ বিভাগৰ দায়িত্বত থকা স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী কিৰেন ৰিজিজুৱে জনজাতীয় সমস্যাসমূহ সমাধান নকৰিলে ইতিহাসে তেওঁক ক্ষমা নকৰিব।

তাৰোপৰি বড়োৱে কয় যে আত্মনিয়ন্ত্ৰণৰ স্বাৰ্থত আৰম্ভ কৰা পৃথক বড়োলেণ্ড গঠনত ৰাজ্যৰ কেবিনেটৰ অনুমোদনৰ কোনো প্ৰয়োজন নাই বুলি সংবাদমেলত সদৰী কৰি এয়া এক সাংবিধানিক অধিকাৰ বুলি দাবী কৰে।

সংবাদমেলখনত এন ডি এফ বি (প্ৰ)ৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰীকে ধৰি পি জে এ চি বি এমৰ নেতৃবৃন্দ উপস্থিত আছিল।