• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বৰপথাৰত বিষাক্ত সুৰা সেৱন কৰি সাতজন লোকৰ মৃত্যু, দহজন আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 4, 2018 7:16 am
সুৰা সেৱন কৰি মৃত্যু

প্ৰতিনিধিত্বমূলক ফটো

97
VIEWS
Share on FacebookShare on Twitter

ধনশিৰি মহকুমাৰ বৰপথাৰত বিষাক্ত সুৰা সেৱন কৰি সাতজনকৈ লোকৰ মৃত্যু হোৱাৰ ঘটনাই গোটেই অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। শুকুৰবাৰে আৰম্ভ হোৱা এই ঘটনাত শনিবাৰলৈকে সাত জন লোকে প্ৰাণ হেৰুৱাব লগা হৈছে। তদুপৰি আন দহজন লোক আক্ৰান্ত হৈছে।

জানিব পৰা মতে বৰপথাৰৰ নগৰৰ চাৰি নং ৱাৰ্ডৰ কালীবাড়ীৰ পিন্টু পাল নামৰ লোকজনৰ ছাট হাউছত অবৈধভাৱে বিক্ৰী কৰা চুলাই মদ সেৱন কৰাৰ পিছতেই লোককেইজনৰ মৃত্যু হৈছে। শৌচ, বমি, পেটৰ বিষত আক্ৰান্ত হৈ মুখেৰে ফেন ওলাই মৃত্যুবৰণ কৰা সুৰাপায়ী লোককেইজনে উক্ত ছাট হাউছৰ পৰা সুৰা ক্ৰয় কৰি খোৱাৰ পিছতেই এইদৰে প্ৰাণ হেৰুৱাবলগীয়া হৈছে বুলি সকলোৱে নিশ্চিত হৈছে।

উক্ত ছাট হাউছৰ সুৰা ক্ৰয় কৰি খাই প্ৰাণ হেৰুওৱা লোক কেইজন হ’ল- চানু দাস, কান্তা হৰিজন, ধৰণী দেৱী, দীপক দেৱ, প্ৰকাশ কৈৰী, প্ৰভু কুমাৰ আৰু বুধুৱা ৰাজপুত। লোককেইজন দৈনিক হাজিৰা কৰি খোৱা লোক আৰু আনদিনৰ দৰে সেইদিনা সন্ধিয়া ছাট হাউছখনৰ পৰা চুলাই মদ ক্ৰয় কৰি সেৱন কৰিছিল।

আনহাতে, সেই সুৰা সেৱন কৰি সৰুমাই তাঁতী নামৰ এগৰাকী মহিলা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসাধীন হৈ আছে। দুৰ্ভাগ্যজনকভাৱে কান্তা হৰিজন নামৰ লোকজনে আগদিনা মাতৃৰ মৃতদেহ সৎকাৰ কৰি ঘৰলৈ অহাৰ পিছত মদ সেৱন কৰি মৃত্যুমুখত পৰে।

উক্ত ঘটনাৰ সম্ভেদ পাই বৰপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজৰ সহযোগত বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াজনক ঘটনাটো অৱগত কৰাৰ পিছত শনিবাৰে নিশাই আৰক্ষীয়ে পিন্টু পালক আটক কৰে। আৰক্ষীয়ে লগতে পিন্টু পালৰ ঘৰৰ পৰা অবৈধ চুলাই মদৰ লগতে অবৈধভাৱে মজুত ৰখা বিলাতী সুৰাৰ বটল জব্দ কৰে। আৰক্ষীয়ে পালৰ স্বীকাৰোক্তিৰ ভিত্তিত চুলাই মদ যোগান ধৰা নাৰায়ন কোঁচ নামৰ ব্যক্তি এজনকো আটক কৰিছে।

বৰপথাৰৰ বিভিন্ন স্থানত বিশেষকৈ নগৰখনৰ উপকণ্ঠ অঞ্চলত বিগত কেইমাহ মানৰ পৰা আৰক্ষীৰ জ্ঞাতসাৰেই অবৈধ মদৰ ব্যৱসায় চলি থকাৰ অভিযোগ উত্থাপিত হৈছে।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd