• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত নিটি আয়োগৰ প্ৰতিনিধি দলে পৰিদৰ্শন কৰিলে বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
June 3, 2018 4:24 pm
niti-aayog-comp

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী বিদ্যালয়, স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰৰ কাম-কাজৰ বুজ ল’বলৈ শনিবাৰে বৰপেটা জিলাত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ নিটি আয়োগৰ প্ৰতিনিধিৰ এটা দল। নিটি আয়োগৰ নতুন দিল্লীৰ পৰা স্বাস্থ্য পৰামৰ্শ দাতা আলোক কুমাৰৰ নেতৃত্বত অহা প্ৰতিনিধি দলটোৱে পুৱা বৰপেটা জিলাত উপস্থিত হৈ জিলাখনৰ কেইবাখনো বিদ্যালয়, উপ-স্বাস্থ্য কেন্দ্ৰ আৰু অংগনবাড়ী কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়।

প্ৰতিনিধি দলটোৱে জিলাখনত উপস্থিত হৈ প্ৰথমতে দাবালীয়াপাৰা অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰে। কেন্দ্ৰটোৰ অধীনত থকা ল’ৰা-ছোৱালীৰ শিক্ষা সম্পৰ্কীয় তথ্য-পাতি চোৱাচিতা কৰাৰ লগতে শিশু তথা গৰ্ভৱতী মহিলাসকলক যোগান ধৰা খাদ্যৰো বুজ লয়। ইয়াৰ পাছতে প্ৰতিনিধি দলটোৱে মৈৰামাৰা বালিকা প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ শৈক্ষিক ক্ষেত্ৰখনৰ বুজ লোৱাৰ উপৰি প্ৰতিনিধি দলটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱক-অভিভাৱিকাসকলৰ লগত মত বিনিময় কৰে।

Apply Now

দুপৰীয়া প্ৰতিনিধি দলটোৱে জিলাখনৰ পশ্চিম মণিপুৰ নামৰ গাঁৱত ভ্ৰাম্যমাণ চিকিৎসা গোটে আগবঢ়োৱা চিকিৎসা সেৱা সম্পৰ্কত বুজ লয়। চিকিৎসাৰ ক্ষেত্ৰত পিচ পৰি থকা অঞ্চলটোত ভ্ৰাম্যমাণ চিকিৎসা গোটে ৰাইজক কি ধৰণৰ স্বাস্থ্য সেৱা আগবঢ়াই আহিছে সেই সম্পৰ্কত বিভিন্নজনৰ পৰা বুজ লয় প্ৰতিনিধি দলটোৱে।

ইয়াৰ উপৰি প্ৰতিনিধি দলটোৱে জাৰাবাৰী উপ-স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ প্ৰাক্ প্ৰসৱকালীন সেৱা, টীকাকৰণ কাৰ্যসূচীৰ তথ্যপাতি আৰু প্ৰসৱকালীন ব্যৱস্থাৰো বুজ লয়।

প্ৰতিনিধি দলটোৱে এ এন এম, আশা চুপাৰভাইজাৰ, আশা, চি এইচ ও-ৰ লগত মত বিনিময় কৰি স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন কাম-কাজৰ খতিয়ান লয়। দলটোৱে উপ-স্বাস্থ্য কেন্দ্ৰখনৰ অন্তৰ্গত ৰাইজৰ লগতে মত বিনিময় কৰে।

ইয়াৰ পিছতে দলটোৱে গোমূৰা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ পৰিদৰ্শন কৰে। প্ৰতিনিধি দলটোক পৰিদৰ্শন কালত বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে সহযোগিতা কৰা পৰিলক্ষিত হয়।

প্ৰতিনিধি দলটোৱে জিলাখনৰ বিভিন্ন উপ-স্বাস্থ্য কেন্দ্ৰ আৰু বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছতে সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক সভাতো অংশগ্ৰহণ কৰে। বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই সভাত নিটি আয়োগৰ প্ৰতিনিধি দলটোৱে প্ৰশাসনিক, শিক্ষা, স্বাস্থ্য আৰু সমাজ কল্যাণ বিভাগৰ বিষয়াসকলৰ লগত বিভিন্ন দিশ সম্পৰ্কে পৰ্যালোচনা কৰে।

প্ৰতিনিধি দলটোৱে সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক স্বাস্থ্য আৰু শিক্ষা সম্পৰ্কত বিভিন্ন নীতি-নিৰ্দেশনা প্ৰদান কৰা বুলিও জানিব পৰা গৈছে। নিটি আয়োগৰ প্ৰতিনিধি দলটোত ডঃ কে মদন গোপাল, ডঃ আৰ ভি পি সিঙৰ উপৰি¸ পিৰামল স্বাস্থ্য সেৱাৰ দল এটাও উপস্থিত আছিল।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd