• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হোলীগীত প্ৰতিযোগিতা

NE NOW NEWS পুলেন দাস
বৰপেটা , February 27, 2018 10:30 pm

2 min read

HoliGeet

ফাইল ফটো{

272
VIEWS
Share on FacebookShare on Twitter

দৌল উৎসৱ উপলক্ষে সত্ৰনগৰী বৰপেটাৰ চৌদিশ আন্দোলিত হ’ল হোলীগীতৰ মধুৰতাত। উল্লেখযোগ্য যে বৰপেটাৰ প্ৰধান উৎসৱ দৌল উৎসৱ আজিৰ পৰা আৰম্ভ হৈছে।

এই উপলক্ষে বিগত কেইবছৰৰ দৰে এইবাৰো আজি বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰে হোলীগীত প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ জৰিয়তে আয়োজকসকলে প্ৰতিজনৰ মাজতে অধিক উছাহ-উদ্দীপনা কঢ়িয়াই অনাৰ প্ৰয়াস চলায়।

আজি বৰপেটা মটৰ শ্ৰমিক য়ুনিয়ন কাৰ্যালয় প্ৰাংগণত আজি অনুষ্ঠিত কৰা এই হোলীগীত প্ৰতিযোগিতা পুৱা দহ বজাত উদ্বোধন কৰে বৰপেটা জিলাৰ উপ-আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই। উদ্বোধনী ভাষণত উপ-আৰক্ষী অধীক্ষক গৰাকীয়ে কয় যে, গুৰুজনাৰ পবিত্ৰ ভূমিত উদযাপন হোৱা এই হোলী উৎসৱে সামাজিক বান্ধোন অধিক মজবুত কৰি তোলাত অন্যতম ভূমিকা গ্ৰহণ কৰিব। এনে প্ৰতিযোগিতাসমূহে অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক দিশত আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব বুলি উল্লেখ কৰে বৈশ্যই।

উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰদীপ দাস, বৰপেটা জিলা ছাত্ৰ সন্থাৰ সভাপতি কৃষ্ণকান্ত দাসে ভাষণ প্ৰদান কৰে।

দুটা শাখাত অনুষ্ঠিত হোৱা  এই প্ৰতিযোগিতাত ‘ক’ শাখাত ১২ টা দলে আৰু ‘খ’ শাখাত ২০ টা দলে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত ‘ক’ শাখাত ৰংপুৰহাটীৰ বিদিস্মিতা দাসৰ দলে প্ৰথম স্থান, গণককুছি পাথাৰহাটীৰ সুস্মিতা দাসৰ দলে দ্বিতীয় স্থান আৰু পাটবাউসী শংকৰী সংগীত বিদ্যালয়ে তৃতীয় স্থান দখল কৰে।

একেদৰে প্ৰতিযোগিতাখনৰ ‘খ’ শাখাত বিলৰতাৰিহাটীৰ সৌৰভ দাসৰ দলে প্ৰথম স্থান, ভকতপাৰাৰ দক্ষ দাসৰ দলে দ্বিতীয় স্থান আৰু বৃন্দাবনহাটীৰ উষা দাসৰ দলে তৃতীয় স্থান দখল কৰে। প্ৰতিযোগিতাৰ অন্তত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰা হয়।  দলসমূহে পৰিৱেশন কৰা হোলীগীতসমূহে দৰ্শক ৰাইজক আপ্লুত কৰি তোলে।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd