DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, May 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰাকত বান পৰিস্থিতিৰ অধিক অৱনতি: দুজনৰ মৃত্যু, কাছাৰত শতাধিক গাঁও প্লাবিত

গৌতম তালুকদাৰ by গৌতম তালুকদাৰ
June 16, 2018 1:13 pm
ATTACHMENT
557
VIEWS
Share on FacebookShare on Twitter

যোৱা কেইদিনমানৰ পৰা চলি থকা নেৰানেপেৰা বৰষুণৰ ফলত বৰাক আৰু  কুচিয়াৰা নদীৰ পানী বিপদ সীমাৰ ওপৰলৈ বৈ যোৱাত বান পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে। সেয়েহে সম্প্ৰতি ভয়াৱহ ৰূপ লৈছে বৰাক উপত্যকাৰ বানে।

উল্লেখযোগ্য যে বৰাকৰ লগতে উপনৈ মধুৰা, সোণাই, ধলেশ্বৰী, চিৰি, জিৰি,ডলু , জাতিংগা, কাটাখাল আদি নৈৰ বাঢ়নী পানীয়ে বান পৰিস্থিতিয়ে অধিক ভয়াৱহ ৰূপ লৈছে। ইতিমধ্যে ডলু নদীৰ বাঢ়নী পানীৰ প্রবল সোঁতত ৰীণা মূৰা (৪০)নামৰ এজনী মহিলাৰ লগতে লক্ষীপুৰত আন এজন লোক উটি যায়। সম্প্ৰতি শিলচৰৰ বৰাক নদীৰ অন্নপূৰ্ণা ঘাটত বিপদসীমা 19,83 মিটাৰ। আজি পুৱা সাতমান বজাত 21,27 চেন্টিমিটাৰ ওপৰেদি পানী বাগৰিছে।

কাছাৰ জিলাৰ উপায়ুক্ত এছ লক্ষনাণে এই সন্দৰ্ভত কয় যে ডলু নদী পাৰ হ’বলৈ গৈ এজনী মহিলাৰ মৃত্যু হোৱাৰ পাছত আৰু এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে। ইতিমধ্যে কাছাৰ জিলাৰ ১২০ খন গাঁও পানীৰ তলত বুৰ গৈছে আৰু প্ৰায় ১৫ হেজাৰ লোক বানৰ কবলত পৰিছে। শিলচৰ চহৰত অতি কমেও প্ৰায় এহেজাৰ লোক চৰকাৰী স্কুলৰ আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে।

ATTACHMENT বৰখলা সমষ্টিৰ দুৰ্গত লোকক উদ্ধাৰৰ বাবে আছাম ৰাইফলছৰ জোৱান আৰু লক্ষীপুৰত এছডিআৰএফৰ সহায় লৈছে প্ৰশাসনে। আনহাতে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্রী পৰিমল শুক্লবৈদ্যই শিলচৰৰ আশ্ৰয়  শিবিৰ সমূহ পৰিদর্শন কৰি পৰ্যাপ্ত সাহাৰ্য সামগ্ৰী বিতৰণৰ নিৰ্দেশ দিছে। ইপিনে শিলচৰ- কৰিমগঞ্জ ৰাষ্ট্রীয় ঘাইপথ আৰু শিলচৰ- আইজল পথ পানীৰ তলত বুৰ যোৱাত যান-বাহনৰ চলাচল বন্ধ ৰখা হৈছে। কেইবা ঠাইত ভূমিস্খলন হোৱাত শিলচৰ-লামডিং ৰেলপথ যোৱা দুই দিনৰ পৰা বন্ধ থকাত বৰাক ,ত্ৰিপুৰাৰ  ৰেল যাতায়াত বন্ধ ৰখা হৈছে৷  বৰাক নদীৰ পানী বিপদ সীমাৰ ওপৰেৰে যোৱাত নাও চলাচল বন্ধ ৰখা হৈছে।

তদুপৰি কাটিগৰাৰ শিয়ালটেক এলেকাত  আশ্ৰয় শিবিৰ খোলা হৈছে । কাছাৰ জিলাত ২৪ টা গড়কাপ্তানী পথ পানীৰ তলত বুৰ যোৱাত যাতায়াত ব্যৱস্থা বন্ধ ৰখা হৈছে। বৰ্তমানলৈ জিলাখনৰ প্ৰায় পাচঁ শতাধিক হেক্টৰ কৃষি ভূমি বানৰ কবলত পৰিছে। জিলাখনৰ ঠায়ে ঠায়ে মথাউৰি ছিগাৰ উপৰি শিলচৰ চহৰৰ শ্লুইচ গেটৰ ওপৰেদি বাঢ়নী পানী সোমাই অহাত বহু এলেকা পানীৰ তলত বুৰ গৈছে।

Recent News

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

দুপৰীয়াৰ আহাৰত গো-মাংস! গোৱালপাৰাত গ্ৰেপ্তাৰ প্ৰধান শিক্ষয়িত্ৰী

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

জাপানীজ এনকেফেলাইটিছ সম্পৰ্কত জিলা টাস্ক ফোৰ্চৰ জৰুৰী সভা

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

দিল্লীৰ উপ ৰাজ্যপাল অনিল বাইজালৰ আকস্মিক পদত্যাগ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

প্ৰাক্তন মন্ত্ৰী নীলমণিসেন ডেকাক কংগ্ৰেছৰ পৰা বহিষ্কাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd