মঙলবাৰে নিশা কলিয়াবৰৰ স্থানীয় ৰাইজে জব্দ কৰিলে এখন সূঁতা ভৰ্তী বাহন

IMG-20180321-WA0007

মঙলবাৰে নিশা কলিয়াবৰৰ হাতীয়েখোৱাত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় এটা পুথিভঁড়ালত অসম গণ পৰিষদ দলে মজুত কৰি ৰখা সূঁতা নিশাৰ ভাগত অন্য ঠাইলৈ সৰবৰাহ কৰোতে স্থানীয় ৰাইজে এখন বাহন জব্দ কৰিবলৈ সক্ষম হয়। ফলত গোটেই অঞ্চলজুৰি সৃষ্টি হয় এক উত্তেজনাময় পৰিৱেশ।

উল্লেখ্য যে গাঁওখনৰ সৰ্ব্বোদয় পুথিভঁড়ালত অগপৰ দলীয় কৰ্মীয়ে মজুত কৰি ৰাখিছিল এই বুজন পৰিমাণৰ সূঁতা। জানিবপৰা মতে যোৱা ৫ মাৰ্চতে পুথিভঁড়ালটোত জমা কৰি ৰখা এই সূঁতাখিনি বিগত কেইদিনমান ধৰি নিশাৰ ভাগত গোপনে অগপৰ এগৰাকী পালিনেতাই অন্য স্থানলৈ সৰবৰাহ কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে।

লক্ষ্যণীয় যে অইন দিনাৰ দৰে মঙলবাৰেও নিশা সূঁতা সৰবৰাহৰ বাবে চেষ্টা চলাওতেই স্থানীয় ৰাইজে AS 02 E 9438 নম্বৰৰ টাটা ডি আই বাহনখন কৰায়ত্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

হিতাধিকাৰীৰ মাজত বিতৰণৰ বাবে পুথিভঁড়ালটোত মজুত কৰি ৰখা চৰকাৰী আঁচনিৰ বুজন পৰিমাণৰ সূঁতা মুন কুমাৰ নাথ নামৰ অগপৰ এগৰাকী দলীয় নেতাই গোপনে বিক্ৰী কৰা বুলি একাংশ ৰাইজে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে আন একাংশৰ অভিযোগ অনুসৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপৰ প্ৰাৰ্থীৰ প্ৰতি ভোটাৰক আকৃষ্ট কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদৰ পালিনেতাই আমদানি কৰিছে এই বুজন পৰিমাণৰ সূঁতা। আৰু নিশাৰ ভাগত কলিয়াবৰৰ ভিন্ন ঠাইলৈ গোপনে সৰবৰাহ কৰি আছে এই সূঁতাসমুহ।

নিশা এইদৰে সূঁতাভৰ্তি বাহন আৱদ্ধ কৰা প্ৰসংগক লৈ সৃষ্টি হোৱা উত্তেজনাময় পৰিৱেশ নিয়ন্ত্ৰণত অনাৰ বাবে পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু সূঁতাভৰ্তি বাহনখন জব্দ কৰে।