DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মণিপুৰ

মণিপুৰৰ থাদৌ জনগোষ্ঠীৰ হুন উৎসৱ উদযাপনত অংশ লৈ বিভাজনমূলক শক্তিক প্ৰশ্ৰয় নিদিবলৈ ৰাজ্যপাল নাজমা হেপতুল্লাৰ আহ্বান

সভাপতি চামম by সভাপতি চামম
April 8, 2018 1:09 pm
HunFest
378
VIEWS
Share on FacebookShare on Twitter

মণিপুৰৰ থাদৌ জনগোষ্ঠীয়ে শস্যৰ গজালি মেলা আৰু শস্যৰ প্ৰচুৰ উৎপাদনৰ লগত সংগতি ৰাখি উদযাপন কৰা ‘হুন’ উৎসৱ কালি ৰাজ্যখনৰ কাংপকপি জিলাৰ কেইথেলমেনবি মিলিটেৰি কলনিত উদযাপন কৰা হয়। কৃষি ভিত্তিক এই উৎসৱটোত শস্যৰ প্ৰাচুৰ্য্যময় উৎপাদনৰ বাবে ধন্যবাদ জ্ঞাপনৰ কাৰ্য্যসূচী লোৱা হয়।

অনুষ্ঠানটোৰ মূল কাৰ্য্যসূচীত ৰাজ্যখনৰ ৰাজ্যপাল ড০ নাজমা হেপটুল্লাৰ লগতে কৃষি মন্ত্ৰী ভি হংখলিয়ান আৰু সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন মুখ্য অতিথি হিচাপে উপস্থিত আছিল।

উপস্থিতসকলৰ আগত ভাষণ দি ৰাজ্যপাল হেপটুল্লাই কয় থাদৌ জনজাতিটোৰ থাদৌ উৎসৱটোৱে ৰাজ্যখনৰ ভাতৃত্ববোধ অধিক মজবুত কৰিব বুলি তেওঁ আশা ৰাখিছে। লগতে তেওঁ এই উৎসৱটোক আনন্দ আৰু মংগলময়তাৰ উৎসৱ বুলি কয়। তেওঁ কয়, হুন উৎসৱ বসন্তৰ সময়ত উদযাপিত হয় আৰু এই উৎসৱটোৱে আমাক কেৱল আনন্দই নিদিয়ে, লগতে অতীতলৈ ঘূৰি চোৱা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাৰো সুযোগ দিয়ে।

এই উৎসৱটোক তেওঁ থাদৌ জনগোষ্ঠীৰ লোকসকলৰ জীৱন যাপনৰ প্ৰতীক আৰু ই সদায় তেওঁলোকৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ থাকিব। আনহাতে ৰাজ্যপাল হেপতুল্লাই কয় যে ৰাজ্যখনৰ এটা বৃহৎ সম্প্ৰদায় হিচাপে ৰাজ্যখনৰ ঐক্যত তেওঁলোকৰ বৃহৎ বৰঙনি আছে। ১৯১৭-১৯ত হোৱা এংলো-কুকি যুদ্ধই তেওঁলোকৰ সাহস আৰু স্বাধীনতা প্ৰিয় মনটোৰ প্ৰমাণ দিয়ে। তেওঁ জনসাধাৰণক বিভাজনমূলক শক্তিৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ আহ্বান জনায়। তেওঁ কয় যে থাদৌসকলৰ হুন উৎসৱে কেৱল থাদৌসকলৰ সগোত্ৰীয় জনগোষ্ঠীবোৰৰ সামগ্ৰিক পৰিচয়ক দাঙি ধৰা নাই, লগতে শান্তি, প্ৰেম, বন্ধুত্ব আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বঢ়াত সহায় কৰিব। তেওঁ সকলো ধৰণৰ মতভেদ আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰা উচিত বুলিও মত দিয়ে। বন্ধ-অৱৰোধে দুখীয়া শ্ৰেণীটোৰহে ক্ষতি কৰে বুলিও কয়।

আনহাতে কৃষি মন্ত্ৰী হংখালিয়ানে কয় যে তেওঁলোকৰ উপৰিপুৰুষসকলে এই উৎসৱটোক গুটি সিঁচাৰ উৎসৱ হিচাপে পালন কৰিছিল। সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপজেনেও এই উৎসৱটোৱে সকলোকে একেলগ হোৱাৰ বাবে এখন মঞ্চ দিছে। উপৰিপুৰুষ সকলে তেওঁলোকলৈ এই উৎসৱক উত্তৰাধিকাৰ এৰি গৈছে বুলি তেওঁ কয়। উৎসৱৰ কাৰ্য্যসূচীটোত ভালে সংখ্যক লোকৰ লগতে বহুকেইজন সমাজকৰ্মীও উপস্থিত আছিল।

Recent News

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Punjab CM Bhagwant Mann আজি পুনৰ দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’ব পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান, কইনা ডাঃ গুৰপ্ৰীত কৌৰ

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Real Hero শ্ৰেণীত নাই ছাত্ৰ-ছাত্ৰী, সততাৰ পৰিচয় দি দুবছৰৰ ২৩ লক্ষাধিক টকাৰ দৰমহাৰ ধন ঘূৰাই দিলে অধ্যাপক লালন কুমাৰে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd