উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকৰ আয় আগন্তুক ২০২২ চনৰ ভিতৰত দুগুণ কৰাৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িক কৰাৰ বাবে সুসংবদ্ধ কৃষি ব্যৱস্থাই এক গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। এই উদ্দেশ্যে মণিপুৰৰ সেনাপতি জিলাৰ পুৰুল গাৱঁত ধান আৰু মৎস পালন ক্ষেত্ৰ এটাৰ নিৰ্মাণ কৰা হৈছে।
মণিপুৰৰ ইৰোইছেম্বাৰ কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক এম প্ৰেমজিতে কৈছে যে অঞ্চলটোত সুসংবদ্ধ কৃষি ব্যৱস্থাৰ সফল ৰূপায়ণৰ বাবে জলবায়ু নিৰপেক্ষতা সহ গুণগতমান বিশিষ্ট বীজ, ৰোপন কৰা আহিলা, বৰষুণৰ পানী জমাকৰণ ব্যৱস্থা ইত্যাদিৰ প্ৰযোজন। তেওঁ জনাইছে যে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহত সুসংবদ্ধ কৃষি ব্যৱস্থা বাস্তৱায়িত কৰাৰ বাবে গৱেষণাভিত্তিক সমাধানসূত্ৰ জমা দিছে।
কিন্তু উপযুক্ত জলসিঞ্চন ব্যৱস্থা অবিহনে চৰকাৰে কেবল উন্নত মানৰ বীজ যোগান ধৰিলেই নহ’ব। বৰষুণৰ পানী জমাকৰণৰ (অথবা নিজৰাৰ পানী জমাকৰণ) সুবিধা অবিহনে জলসিঞ্চন সুবিধা প্ৰদান কৰাটো কঠিন।
উন্নত মানদণ্ডৰ বীজৰ উচ্চ চাহিদাৰ কথাটো বিৱেচনা কৰি কৃষকসকলৰ সহযোগত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এন্দ্ৰো এলেকাত ১৫০-১৭০ মেট্ৰিক টন উন্নত মানৰ ধানৰ বীজ উৎপাদনৰ উদ্যোগ গ্ৰহণ কৰিছে।
ইয়াৰ বাবে কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ১৩খন কৃষি, জীৱজন্তু পালন আৰু মৎস পালনৰ ১৩ খন হাবিদ্যালয়ৰ ৭ খনৰ সহযোগত কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা কেতবোৰ দক্ষতা বিকাশৰ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে।
অধ্যাপক ৰতন কুমাৰে কৈছে যে সুসংবদ্ধ কৃষি ব্যৱস্থাই ঝুম খেতি হ্ৰাস কৰিব।
২০১৭ চনৰ হিচাপ মতে মণিপুৰৰ মুঠ ঝুম খেতিৰ এলেকা প্ৰায় ১,২২,১৪৭ হেক্টৰ আৰু প্ৰায় ৪ লাখ পৰিয়াল ঝুম খেতিৰ ওপৰত নিৰ্ভৰশীল।
মণিপুৰ বিশ্ববিদ্যালয়ত সদ্য সমাপ্ত ভাৰতীয় বিজ্ঞান সমাৱেশত কৃষি মহাবিদ্যালয়ৰ ডীন ইউ কে বেহেৰা চি এ ইউ, মেঘালয়ে কৈছে যে সুসংবদ্ধ কৃষি ব্যৱস্থাই কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰিব পাৰে।
এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে ২০২২ চনৰ ভিতৰত কৃষকৰ আয় দুগুমলৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। ইয়াৰ বাবে চৰকাৰে উৎপাদন বৃদ্ধি, ইনপুট ব্যয়ৰ সঠিক ব্যবহাৰ, চপোৱাৰ পাছৰ লোকচান হ্ৰাস কৰা, মূল্য যোজন আৰু কৃষি বজাৰৰ সংস্কাৰ আদি ৭ দফীয়া কৌশল হাতত লৈছে।