DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 22, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘বুক ৰিভিউ: এ পিপ ইন টু দা ৱৰ্কছ অব মহেশ্বৰ নেওগ’ গ্ৰন্থৰ ওপৰত এটা আলোচনা

ড০ আনন্দ বৰমুদৈ by ড০ আনন্দ বৰমুদৈ
May 3, 2018 8:41 pm
cover-maheswarneog-1-570x320

গ্ৰন্থখনৰ বেটুপাত

1.2k
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিভাগৰ শেহতীয়া প্ৰকাশন ‘বুক ৰিভিউ: এ পিপ ইন টু দা ৱৰ্কছ অব মহেশ্বৰ নেওগ’ হৈছে সুপণ্ডিত মহেশ্বৰ নেওগৰ ৰচনাৱলীৰ ওপৰত এটা বিতং অধ্যয়নৰ লিপিবদ্ধ ৰূপ। এই গ্ৰন্থখন লিখিছে কৰবী ডেকা হাজৰিকাই।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰকাশ বিভাগে বিদ্বান লোকসকলৰ ওপৰত এলানি গ্ৰন্থ প্ৰকাশৰ কাম হাতত লৈছে আৰু এইখন হৈছে এইটো শৃখলাৰ শেহতীয়া গ্ৰন্থ। এই লানি গ্ৰন্থ প্ৰকাশ কৰাৰ উদ্দেশ্য হৈছে মৌলিক কৰ্মৰাজিৰে অসমৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনলৈ অসমান্য অৱদান আগবঢ়োৱা লোকসকলক পাঠকৰ মাজত পৰিচয় কৰি দিয়া।

গ্ৰন্থখনৰ আৰম্ভণিতে গ্ৰন্থকাৰ ড০ কৰবী ডেকা হাজৰিকাই ড০ মহেশ্বৰ নেওগৰ কৰ্মৰাজিৰ মূল্যায়ন কৰাটো এটা প্ৰত্যাহ্বানমূলক কাম বুলি স্বীকাৰ কৰিছে। গ্ৰন্থখনত ড০ হাজৰিকাই ড০ মহেশ্বৰ নেওগৰ সৃষ্টিশীলতা আৰু পাণ্ডিত্যক দক্ষতাৰে তুলি ধৰিছে।

ড০ নেওঁগৰ আত্মজীৱনীৰ পৰা পণ্ডিতগৰাকীৰ জীৱনৰ এটা ৰূপৰেখা অংকণ কৰি ড০ কৰবী ডেকা হাজৰিকাই তেওঁক এগৰাকী প্ৰচ্যতত্ববিদ আৰু পণ্ডিত হিচাপে মূল্যায়ন কৰিছে আৰু মন্তব্য কৰিছে যে ড০ মহেশ্বৰ নেওগে অসমৰ সংস্কৃতিক অসমৰ বাহিৰলৈ বিয়পাই দিয়াৰ ক্ষেত্ৰত এক বিশিষ্ট ভূমিকা পালন কৰিছে।

বেজবৰুৱাই অসমীয়া জাতিক আত্মবিশ্বাস আৰু মানসিক শক্তি যোগান ধৰিছিল আৰু এই পৰম্পৰাকেই ড০ মহেশ্বৰ নেওগে আগবঢ়াই লৈ গৈছিল। ভাৰতীয় নৱজাগৰণে আঞ্চলিক ভাষাৰ লেখকসকলক নিজৰ নিজৰ ভাষা আৰু সংস্কৃতিৰ বৈশিষ্ট্য সম্পৰ্কে অনুসন্ধান কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল। স্বাধীনতাৰ পৰৱৰ্তী কালত মহেশ্বৰ নেওগে এই কামতেই নিজকে নিয়োজিত কৰিছিল।

শংকৰদেৱৰ ওপৰত অধ্যয়নত মহেশ্বৰ নেওগৰ অৱদান সম্পৰ্কে আলোচনা কৰোঁতে ড০ কৰবী হাজৰিকাই মহেন্দ্ৰ বৰাৰ উদ্ধৃতিৰে কৈছে: “শংকৰী সাহিত্যৰ ৰাজ্যখনৰ তেওঁ পৰম কৰ্তৃত্বশীল ৰজা’’। বেজবৰুৱাই শংকৰদেৱক ভক্ত সম্প্ৰদায়ৰ প্ৰাৰ্থনাগৃহৰ পৰা লৈ অহাৰ পাছত শংকৰদেৱৰ গাত যিখিনি অলৌকিতাৰ অৱশেষ আছিল সেইখিনি মহেশ্বৰ নেওগে জাৰি জোকাৰি পৰিষ্কাৰ কৰি লৈছিল। প্ৰাৰ্থনাৰ মণিকূটত থকিও গুৰু শংকৰদেৱ বিদ্যায়তনিক আৰু বৌদ্ধিক ক্ষেত্ৰখনত ভোটা তৰাৰ দৰে জিলিকি উঠিছিল। নেওগৰ গৱেষণাত অসমীয়া সংস্কৃতি আৰু সাহিত্যৰ বহুতো অবোধ্য স্থান আলোকিত হৈ পৰিছিল।

Karabi_deka_Hazarika01-300x254
কৰবী ডেকা হাজৰিকা

গ্ৰন্থাকাৰে এটা অধ্যায়ত অসমতত্বৰ (Assamology) ওপৰত আলোচনা কৰিছে আৰু ড০ নেওগক এই অধ্যয়নক্ষেত্ৰৰ পুৰোধা ব্যক্তি বুলি অভিহিত কৰিছে। মহেশ্বৰ নেওগে কৈছে ছে প্ৰাচ্যতত্ব (Orientology) আৰু ভাৰততত্বৰ (Indology) দৰে অসমীয় ভাষা, সাহিত্য আৰু সংস্কৃতিৰ বিদ্যায়তনিক বিভাগটোৱেই হৈছে অসমতত্ব। এই নামকৰণৰ ওপৰত যুক্তি পৰ্দৰ্শন কৰি ড০ নেওগে কৈছে যে এই বিষয়টোৰ ওপৰত কৰা অধ্যয়নেই এটা সৰ্বভাৰতীয় কৰ্ম হ’ব পাৰে। বহুতো বিদ্বান লোকে ভাৰততত্বৰ ওপৰত গৱেষণআ কৰিছে কিন্তু অতি কম লোকে অসমৰ অতীত উদ্বাৰ কৰাৰ বিদ্যায়তনিক প্ৰচেষ্টা হাতত লৈছে। আৰু এই পণ্ডিতসকলৰ গৱেষণালব্ধ আৱিস্কাৰ আজি আৰু পাবলৈ নাই।

ড০ নেওগে তেওঁৰ ডি. ফিল অধ্যয়নত শংকৰদেৱ আৰু তেওঁৰ সময়, অসমৰ বৈষ্ণৱ বিশ্বাস আৰু আন্দোলনৰ আদি ইতিহাস ( Sankardeva and His Times, Early History of the Vaisnava Faith and Movement of Assam)বিষয়ৰ ওপৰত গৱেষণা কৰিছিল। ড০ কৰবী ডেকা হাজৰিকাই আঙুলিয়াই দিছে যে ড০ নেওগে শংকৰদেৱৰ ধৰ্মীয় দৰ্শন আৰু তেওঁৰ ধৰ্ম প্ৰচাৰৰ কৌশলক পোহৰাই তুলি পৰৱৰ্তী গৱেসকসকলৰ বাবে পথ নিৰ্দেশনা দি গৈছে।

শংকৰদেৱৰ জীৱনৰ সৈতে যুক্ত হৈ থকা দৈৱিকতা আৰু অলৌকিকতাক একাষৰীয়াকৈ থৈ ড০ নেওগে শংকৰদেৱক এটা যুগৰ সৃষ্টিকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰি গৈছে। ‘গুৰু চৰিত কথা’ বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা সম্পাদনা কৰিছে। ড০ নেওগৰ সত্ৰীয়া নৃত্য আৰু গীতৰ অধ্যয়নলৈ প্ৰদান কৰা অৱদান যথেষ্ট গুৰুত্বপূৰ্ণ।

সত্ৰীয়া নৃত্যৰ ব্যাখ্যা আগবঢ়াই ড০ নেওগে কৈছে যে শংকৰদেৱে স্থানীয় সংস্কৃতিৰ সৈতে ধ্ৰুপদী নৃত্যৰ মিলন ঘটাইছিল আৰু তেওঁৰ সত্ৰত এটা নতুন নৃত্যৰয ধাৰাৰ সূচনা কৰিছিল। ধৰ্মৰ ইতিহাস, প্ৰাচীন অসমীয়া সমাজ আৰু সংস্কৃতি অসমৰ পৱিত্ৰ স্থানসমূহৰ ওপৰত গ্ৰন্থ ৰচনা কৰিছে।

ড০ হাজৰিকাই ড০ নেওগৰ সকলো গ্ৰন্থ প্ৰণালীবদ্ধভাৱে আলোচনা কৰিছে। শংকৰদেৱৰ ওপৰত কৰা নেওগৰ অধ্যয়নৰ বাবে ড০ ডেকা হাজৰিকাই এটা সম্পূৰ্ণ অধ্যায় উৎসৰ্গা কৰিছে। আন এটা অধ্যায়ত ড০ ডেকা হাজৰিকাই মহেশ্বৰ নেওগে বেজবৰুৱাক কৰা মূল্যায়নৰ সম্পৰ্কত আলোচনা কৰিছে। ড০ নেওগে বেজবৰুৱাৰ তীক্ষ্ণ হাস্যৰস, ৰস, ব্যংগ আৰু আহ্লাদৰ ওপৰত প্ৰণালীবদ্ধভাৱে আলোচনা কৰিছে।

মহেশ্বৰ নেওগৰ এগৰাকী সম্পাদক হিচাপে আলোচনা কৰি গ্ৰন্থাকাৰে কৈছে যে তেওঁ প্ৰায় ৫৮খন গ্ৰন্থ সম্পাদনা কৰিছে আৰু সেয়া হৈছে অসময়া সাহিত্যলৈকে তেওঁৰ অসামান্য অৱদান। ড০ নগেন শইকীয়াৰ উদ্ধৃতিৰে গ্ৰন্থাকাৰে প্ৰাচীন গ্ৰন্থাৱলীৰ সম্পাদক হিচাপে তেওঁৰ বৈশিষ্ট আঙুলিয়াই দিছে। ড০ নেওগৰ সম্পাদনাৰ এটা বিশিষ্ট উদাহৰণ হৈছে তেওঁৰ দ্বাৰা সম্পাদিত ১৯৮৬ত প্ৰথম প্ৰকাশিত অৰুণোদয়।

এটা অধ্যায়ত ড০ ডেকা হাজৰিকাই ড০ নেওগক .সাহিত্য ইতিহাসবিদ হিচাপে আলোচনা কৰিছে আৰু ‘অসমীয়া সাহিত্যৰ ৰূপৰেখা’ক অসময়ী সাহিত্যৰ ইতিহাসৰ এখন গুৰুত্বপূৰ্ণ ইতিহাস বুলি অভিহিত কৰিছে। ড০ ডেকা হাজৰিকাই ড০ নেওগক এগৰাকী লোক সংস্কৃতিৰ গৱেষক আৰু কবি হিচাপেও আলোচনা কৰিছে। গন্থকাৰৰ বিচাৰ নিৰপেক্ষ আৰু মন্তব্য স্পষ্টকৈ কৰা হৈছে। পঢ়ুৱৈৰ মাজত গ্ৰন্থখনে সমাদৰ লাভ কৰাৰ সম্ভাৱনা আছে।

(ড০ আনন্দ বৰমুদৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজীৰ প্ৰাক্তন অধ্যাপক। তেখেত এগৰাকী লিখক আৰু সমালোচক। তেখেতক  [email protected] ই-মেইল ঠিকনাত যোগাযোগ কৰিব পাৰি।

Recent News

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

হাজোত কিশোৰীৰ সৈতে থকা গোপন মুহূৰ্তৰ ফটো ভাইৰেল কৰি গ্ৰেপ্তাৰ দৰ্জী

Gangetic dolphin

বৰপেটাত মৃত অৱস্থাত গাঙ্গেতিক ডলফিন উদ্ধাৰ: জালত লাগি মৃত্যু হোৱাৰ সন্দেহ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

বঙাইগাঁৱত নাও চলাচলত নিষেধাজ্ঞা জিলা দণ্ডাধীশৰ

Mentally Ill Man Thrashed

‘নাম কি? মহম্মদ নেকি?’: মানসিক ৰোগত আক্ৰান্ত ব্যক্তিৰ ধৰ্মীয় পৰিচয় বিচাৰি শাৰীৰিক আক্ৰমণ; মৃতদেহ উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd