মাজুলীত পথ নির্মাণত ব্যাপক অনিয়ম : নিৰ্মাণৰ পিছতে খহিল মুদৈবিল-মায়াবজাৰ পথ

Photo Editor-20180725_100108

প্ৰতিনিধিত্বমূলক চিত্ৰ

পৰিৱৰ্তনৰ শ্লোগানেৰে শাসনভাৰ দখল কৰা বিজেপি চৰকাৰে বাট-পথ, কাঠৰ দলং আদি মেৰামতিৰ নামত আজি পৰ্যন্ত দেখুওৱা নাই সদিচ্ছা। সৰ্বত্ৰে কেৱল পৰিৱৰ্তনকামী চৰকাৰৰ অনিয়ম আৰু কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ। কৰবাত যদি পথৰ নামত পুখুৰী সদৃশ অৱস্থা কৰবাত আকৌ মৰণফাণ্ড ৰূপী কাঠৰ দলং।

ৰাজ্যৰ যাতায়ত-যোগাযোগ ব্যৱস্থাৰ শোচনীয় অৱস্থাৰ অন্তৰায়ৰ উদ্দেশ্যে চৰকাৰে বিভিন্ন ন ন আঁচনি গ্ৰহণ কৰিছে যদিও গড়কাপ্তানী বিভাগৰ নিৰ্লিপ্ততা তথা নিম্নমানৰ কাম-কাজৰ বাবে জীয়াতু ভুগিব লগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজ।

ঠিক সেইদৰে যাতায়াত-যোগাযোগৰ অন্তৰায় সৃষ্টি কৰা উজনি মাজুলীৰ পথ ব্যৱস্থাৰ উত্তৰন ঘটাই মাজুলীৰ গড়কাপ্তানী বিভাগে নিৰ্মাণ কৰিছিল কেইবাখনো কাঠৰ দলং। ইয়াৰে অন্যতম আছিল উজনি মাজুলীৰ মুদৈবিল-মায়াবজাৰ সংযোগী কাঠৰ দলং।

কিন্তু পিছে নিৰ্মাণৰ বেলিকা হোৱা অনিয়মৰ বাবে পুনৰ বিপন্ন হৈ পৰিছে উজনি মাজুলীৰে যোগাযোগ। বৰষুণৰ ফলত দলঙৰ দুয়োটা মূৰ খহি যোৱাত এতিয়া যোগাযোগ ব্যৱস্থা প্ৰায় স্তব্ধ হৈ পৰিছে।

উজনি মাজুলীৰ অতি ব্যস্ত পথটোৰে মুদৈবিল মায়াবজাৰ হৈ ৰতনপুৰ, লাহনকে ধৰি উজনি মাজুলীৰ বৃহত্তৰ অঞ্চলৰ লগত সংযোগ স্থাপন কৰা এই পথছোৱা শীঘ্ৰে মেৰামতি কৰাৰ বাবে আহ্বান জনাইছে ভুক্তভোগী জনসাধাৰণে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শোচনীয় বাট-পথ, কাঠৰ দলং আদিয়ে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে মাজুলীৰ ৰাইজকো জ্বলাকলা খুৱাই আহিছে। সেয়ে অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদ্য ভ্ৰমণৰ সময়ত মাজুলীৰ বাট-পথ উন্নয়নৰ বাবে অতিৰিক্তভাৱে এশ কোটি টকা মুকলি কৰাৰ কথা ঘোষণা কৰিছিল।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পাছতে এতিয়া মাজুলীৰ শোচনীয় বাট-পথ উন্নয়নৰ বাবে বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব।