মাজুলীত প্ৰৱেশ পত্ৰ অবিহনেও মুখ্য মন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব

শনিবাৰে অৰ্থাৎ কাইলৈৰ পৰা মাজুলীত অনুষ্ঠিত হ’ব মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা।

এইবাৰৰ ‘মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা’ৰ বাবে ইতিমধ্যে মাজুলী জিলাৰ প্ৰাথমিক বিদ্যালয়সমূহে অনুষ্ঠিত কৰা বাচনি পৰীক্ষাত যিসকল ছাত্র-ছাত্ৰীয়ে উত্তীৰ্ণ হৈছিল, তেওঁলোক প্ৰত্যেকেই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ (এডমিট কাৰ্ড) কোনো কাৰণত নাপালেও শনিবাৰৰ পৰা আৰম্ভ হ’ব লগা এই বিশেষ বৃত্তি পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব বুলি বিভাগীয় কৰ্তৃপক্ষই জানিবলৈ দিছে।

 উল্লেখযোগ্য যে মাজুলীৰ বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এডমিট কাৰ্ড ভুলকৈ অহাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অভিভাৱক সকল চিন্তিত হৈ পৰিছিল। কিন্তু বিভাগীয় কৰ্তৃপক্ষই শেহতীয়াকৈ এই ঘোষণা কৰাত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে স্বস্তিৰ নিশ্বাস পেলায়।

 মাজুলী জিলাৰ চাৰিটা কেন্দ্ৰ ক্ৰমে গড়মূৰৰ শ্ৰীশ্ৰীপীতাম্বৰদেৱ গোস্বামী উচ্চ মাধ্যমিক বিদ্যালয়, জেংৰাইমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৰতিপাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু ৰাওনাপাৰ চামগুৰি সত্ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ‘মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা’ অনুষ্ঠিত হ’ব।