• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ খাদ্যত বিষক্ৰিয়া কাণ্ড : ৫০ জনক হস্পিতালৰ পৰা মুকলি, চিকিৎসাধীন ১২ জন; গোচৰ ৰুজু

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
June 22, 2018 9:03 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাজুলী জিলাৰ উজনি মাজুলীত বুধবাৰৰ নিশা সংঘটিত খাদ্য-বিষক্ৰিয়া ঘটনাৰ পাছত গড়মূৰ অসামৰিক চিকিৎসালয়ত কালি ভৰ্তি কৰোৱা আক্ৰান্তসকলৰ মাজৰে ৫০গৰাকীক আজি বিয়লি পৰ্যন্ত চিকিৎসালয়ৰ ঘৰলৈ যাবলৈ অনুমতি দিছে চিকিৎসকে।

আক্ৰান্তসকলৰ ভিতৰৰে আন ১১ গৰাকী এতিয়াও গড়মূৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ উপৰি আন এগৰাকী নাবালিকা যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি হৈ আছে। শুক্ৰবাৰে সন্ধিয়া ৬ বজাত মাজুলী জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডাঃ শশীধৰ ফুকনে জানিবলৈ দিয়া মতে দুয়োখন চিকিৎসালয়ত চিকিৎসাধীন আটাইকেইগৰাকীয়েই বৰ্তমান সম্পূৰ্ণ বিপদমুক্ত হোৱাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ দ্ৰুত উন্নতি ঘটিছে। উল্লেখ্য যে পৰহি নিশা লুইতপৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত মোৱামাৰী গাঁৱত প্ৰশান্ত পেগু নামৰ লোকএজনৰ ঘৰত আয়োজিত জন্মদিনৰ অনুষ্ঠানত প্ৰসাদত দিয়া বুটমাহ খাই এই খাদ্য-বিষক্ৰিয়াত আক্ৰান্ত হয় গাঁওখনৰ বহকেইগৰাকী শিশু, মহিলাসহ ভালেসংখ্যক লোক। কালি দুপৰীয়াৰে পৰা নিশা পৰ্যন্ত বিষাক্ৰান্তসকলক প্ৰথমে নিকটৱৰ্তী ৰতনপুৰ মিৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ পৰিয়ালৰ লোকে নিয়াৰ পাছত তেওঁলোকৰ মাজৰে ৬২গৰাকীক কালি আবেলিৰ পৰা নিশাৰ ভিতৰত জিলাসদৰৰ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ স্থানান্তৰ কৰোৱা হয়। ডাঃ ফুকনে প্ৰকাশ কৰা তথ্যমতে চিকিৎসালয়ত ভৰ্তি কৰোৱা মুঠ ৬২ গৰাকী আক্ৰান্ত লোকৰ মাজৰে ৫০ গৰাকীয়ে সম্পূৰ্ণ সুস্থ হৈ আজি বিয়লিৰ ভিতৰত নিজ নিজ ঘৰলৈ উভটি গৈছে। এতিয়াও অসামৰিক চিকিৎসালয়খনত চিকিৎসাধীন হৈ আছে এটি শিশু আৰু এগৰাকী গৰ্ভৱতীমহিলাসহ আন ১১ গৰাকী আক্ৰান্ত লোক। তেওঁলোক আটায়েই সম্প্ৰতি সম্পূৰ্ণ বিপদমুক্ত আৰু সুস্থিৰ অৱস্থাতে থকা বুলি নিশ্চিত কৰি চিকিৎসালয়খনৰ অধীক্ষক ডাঃ মাণিক মিলিয়ে জনোৱা মতে আজি নিশাটো চিকিৎসকৰ নিৰীক্ষণত ৰাখি কাইলৈ আগবেলাৰ ভিতৰতে তেওঁলোককো ঘৰলৈ যাবলৈ দিব পৰা হ’ব। আনহাতে যোৱা নিশা ১০.৩০ বজাত জিলা প্ৰশাসনৰ সহায়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে জৰুৰীভাৱে যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ মাইনা বৰুৱা নামৰ এগৰাকী ৬বছৰীয়া শিশুক প্ৰেৰণ কৰে গড়মূৰ অসামৰিক চিকিৎসালয় কৰ্তৃপক্ষই। খাদ্য-বিষক্ৰিয়াত আক্ৰান্ত এই শিশুটিক উন্নত চিকিৎসাৰ প্ৰয়োজন হোৱাৰ বিষয়ে অৱগত হৈ মাজুলীৰ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই অতিৰিক্ত উপায়ুক্ত চিন্ময় নাথ আৰু সহকাৰী আয়ুক্ত অচ্যুৎ বৰুৱাক লৈ যোৱা নিশা ১০.২০ বজাত জৰুৰীভাৱে গড়মূৰ অসামৰিক চিকিৎসালয়লৈ গৈ জিলা স্বাস্থ্য বিভাগৰ তত্বাৱধায়ক ডাঃ শশীধৰ ফুকন আৰু অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ মাণিক মিলিসহ চিকিৎসকলৰ সিদ্ধান্তৰ আধাৰত শিশুটিক নিশাই যোৰহাটলৈ প্ৰেৰণৰ তাৎক্ষণিক ব্যৱস্থা কৰায়। জিলা স্বাস্থ্য বিভাগৰ তত্বাধায়ক ডাঃ ফুকনে আজি যোৰহাটৰ পৰা নিশ্চিত কৰা মতে বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত চিকিৎসাধীন শিশুটিৰ অৱস্থা সম্পূৰ্ণ বিপদমুক্ত। ইফালে, মাজুলীৰ উপায়ুক্ত মিশ্ৰই আজি আগবেলা পুণৰ গড়মূৰ অসামৰিক চিকিৎসালয়লৈ গৈ মোৱামাৰী গাঁৱৰ খাদ্য-বিষক্ৰিয়াত আক্ৰান্ত হৈ চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ বুজ লয়।

Apply Now

ইফালে মোৱামাৰী গাঁৱৰ খাদ্য-বিষক্ৰিয়া ঘটনা সন্দৰ্ভত নয়াবজাৰ আৰক্ষী চকীত ইতিমধ্যে এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে জন্মদিনৰ প্ৰসাদত ব্যৱহৃত বুটমাহৰ নমুনা সংগ্ৰহ কৰিছে। আনহাতে, এই খাদ্য-বিষক্ৰিয়া সন্দৰ্ভত তদন্তত সহায়ৰ বাবে এগৰাকী জ্যেষ্ঠ খাদ্য সুৰক্ষা বিষয়ায়ো আজি পুৱাৰ ভাগতে মাজুলীত উপস্থিত হৈ প্ৰসাদত ব্যৱহাৰ কৰা বুটমাহৰ নমুনা পৰীক্ষা কৰে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

August 30, 2026 7:50 pm
আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

আমেৰিকাত মানৱতাৰ পাঠ, অসমত নীৰৱতা! হিতেশ্বৰ চক্ৰৱৰ্তীৰ অনশনক লৈ চকু মুদা কুলিৰ ভূমিকাত আৰ এছ এছৰ নেতৃত্ব

August 30, 2026 6:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd