• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাটি দখলৰ গোচৰ ক্ষিপ্ৰ ভাৱে নিষ্পত্তি কৰাৰ উদ্দেশ্যে কামৰূপ মহানগৰৰ উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ সমিতি গঠন

এন ই নাও নিউজ by এন ই নাও নিউজ
June 2, 2018 1:57 pm
Kamrup-M-deputy-commissioner-office-570x320
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন সময়ত সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলে মাটি দখলকাৰী সকলৰ হাতত ভেটি মাটি হেৰুৱাব লগা হয়। এনে ঘটনাৰ বলি হোৱা কিছুসংখ্যক লোকে মাটি দখলকাৰী অথবা জোৰকৈ দখল কৰা সকলৰ দ্বাৰা মাটি হেৰুৱাই আৰক্ষী অথবা উপায়ুক্তৰ ওচৰত সেই মাটি ঘূৰাই পোৱাৰ বাবে আবেদন জনায়।

এনেধৰণৰে মাটি হেৰুওৱা লোক সমূহৰ গোচৰ সমূহ শীঘ্ৰে নিস্পত্তি কৰাৰ বাবে আৰু আৰক্ষী অথবা জিলা প্ৰশাসনৰ সৈতে এনে ঘটনাৰ বলি হোৱা লোকসকলৰ মাজত এক সমন্বয় সাধনৰ উদ্দেশ্যে এক চৰকাৰী অধিসূচনাৰ আধাৰত কামৰূপ মহানগৰ জিলা উপায়ুক্তক অধ্যক্ষ হিচাপে লৈ বৃহস্পতিবাৰে এখন জিলা পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে।

Apply Now

কামৰূপ  মহানগৰ জিলা উপায়ুক্ত বীৰেন্দ্ৰ মিট্টালৰ সভাপতিত্বত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সভাত এই সমিতিখন গঠন কৰা হয়। ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তক সদস্য সচিব হিচাপে লৈ গঠন কৰা এই সমিতিখনত সদস্য হিচাপে আছে ক্ৰমে কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত পূৱ, পশ্চিম আৰু মধ্য আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্ত সকল তথা অপৰাধ শাখাৰ আৰক্ষী উপায়ুক্ত, আজাৰা, চন্দ্ৰপুৰ, দিশপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকল আৰু কামৰূপ মহানগৰ জিলাৰ চৰকাৰী অধিবক্তাগৰাকী।

এই সমিতিখনে মাহত এবাৰকৈ মাটি দখলৰ গোচৰসমূহ পৰ্যালোচনা কৰিব। ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে সদস্য সচিব হিচাপে নিয়মীয়াকৈ এই সভা আহ্বান কৰিব। ৰাজহ চক্ৰ সমূহৰ মাটি দখলৰ গোচৰসমূহ খৰতকীয়াকৈ নিস্পত্তিৰ বাবে ৰাজহ চক্ৰ পৰ্যায়তো এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হ’ব। এই সমিতিখনেও  প্ৰত্যেক মাহৰ ২৫ তাৰিখ বা তাৰ পূৰ্বে এনে ঘটনাৰ বলি হোৱা সকলৰ গোচৰ সমূহ পৰ্যালোচনা কৰিব। এই ক্ষেত্ৰত চক্ৰ  বিষয়াই এই ভূমি ৰাজহৰ এগৰাকী দায়িত্বশীল বিষয়াক এনে গোচৰ সমূহ চোৱাচিতাৰ দায়িত্ব দিব। তেওঁ সংশ্লিষ্ট আৰক্ষী থানাৰ সমন্বয়কৰ সৈতে যোগাযোগ কৰি জনসাধাৰণক পৰামৰ্শ প্ৰদান কৰিব আৰু এনে গোচৰ ক্ষিপ্ৰ নিস্পত্তিৰ বাবে ব্যৱস্থা ল’ব।

এই সভাতে নিয়মীয়াকৈ আৰক্ষী জিলাৰ আৰক্ষী উপায়ুক্ত পৰ্যায়তো পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই ক্ষেত্ৰত  ৰাজহ চক্ৰ বিষয়া সকলে আৰক্ষী থানা ভিত্তিক আৰক্ষীৰ সৈতে মাহত এবাৰকৈ ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় প্ৰতিবেদন দাখিলৰ ব্যৱস্থা হাতত ল’ব। এই সভাতে বিবদমান ভূমিৰ বিশদ নথিসহিতে তথ্য দাখিলৰ বাবে এক নমুনা পত্ৰও সমিতিয়ে অনুমোদন জনায়।

এই সভাত উপায়ুক্তৰ লগতে অতিৰিক্ত উপায়ুক্তদ্বয় ক্ষীতিশ চন্দ্ৰ পেগু আৰু পুলক মহন্ত, কামৰূপ মহানগৰ জিলাৰ পূব, পশ্চিম আৰু মধ্য আৰক্ষী জিলাৰ আৰক্ষী উপ আয়ুক্ত ক্ৰমে ড০ ৰমনদ্বীপ কৌৰ,  বি এল মিনা আৰু ৰঞ্জন ভূঞা, অপৰাধ শাখাৰ উপ আয়ুক্ত লুইচ আইণ্ড, গুৱাহাটী, দিশপুৰ, আজাৰা, সোনাপুৰ আৰু চন্দ্ৰপুৰ ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া ক্ৰমে দামোদৰ বৰ্মন, ডা০ ধ্ৰুৱজ্যোতি হাজৰিকা, মহৰ্ষী কাশ্যপ, জেনিফাৰ য়াচমিন চৌধুৰী আৰু পল্লৱজ্যোতি নাথ উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

কম বয়সতে চুলি পকিছে নেকি? ইয়াৰ আঁৰত থাকিব পাৰে এইসমূহ পুষ্টিকৰ উপাদানৰ অভাৱ

August 26, 2026 7:33 am
প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

প্ৰেমিকাক লাগে বিলাসী জীৱন : পিতৃ-মাতৃৰ পৰা ৬০ লাখ টকা চুৰি কৰি প্ৰেমিকাক সন্তুষ্ট কৰা চেষ্টা প্ৰেমিকৰ

August 25, 2026 9:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd