দুৰ্নীতি আৰু ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সততে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সমগ্র ৰাজ্যজুৰি বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত অবাধ ছিণ্ডিকেট ৰাজ চলিছে। আজি প্ৰদেশ কংগ্ৰেছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিবৃতিত এই কথা সদৰী কৰে।
শাসকীয় দলৰ নেতা-পালিনেতা তথা আৰক্ষী প্রশাসনৰ পৃষ্ঠপোষকতাত অতি বেপেৰুৱাভাবে ছিণ্ডিকেট ৰাজ আৰু মাফিয়াৰাজ চলি থকাৰ ভয়ংকৰ অভিযোগ তথ্য প্ৰমাণসহ দৈনিক সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো এইবিলাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱর্তে অবাধ গতিত চলিহে থকা বুলি বিবৃতিটোত কোৱা হৈছে।
চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে এই অবৈধ ছিণ্ডিকেট ৰাজ চলিছে বুলি উল্লেখ কৰি কোৱা হৈছে যে বিশেষকৈ উজনি অসমৰ মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ ফলত সমগ্র অঞ্চলটোৰ জৈৱ বৈচিত্র্য আৰু বসবাসৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে। দিহিং পাটকাই বনাঞ্চল ধ্বংসৰ উপক্ৰম হৈছে।
আনহাতে, স্থানীয় বিধায়কজনৰ বিৰুদ্ধে মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে সবিশেষ সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো প্ৰশাসনে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।
বিবৃতিটোত লগতে ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধেও ভাৰতীয় তেল নিগমৰ মাৰ্কেট টাৰ্মিনেলত চলোৱা মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ বিষয়ে বহু অভিযোগ সবিস্তাৰে সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো সোনোৱাল চৰকাৰৰ গৃহ বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰা হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ‘’অপ্ৰিয় হ’লেও এটা কথা সত্য যে আজিৰ তাৰিখত তিনিচুকীয়া জিলাত আইন শৃংখলা ব্যৱস্থা ধোঁৱা চাঙত উঠিছে। জিলাখনত মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে খোদ ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই অসম চৰকাৰৰ গৃহবিভাগৰ বিষয়ালৈ এই ৰাজনৈতিক ছত্রছায়াত চলি থকা এই অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে।‘’
তদুপৰি অসম প্ৰেট্ৰ’লিয়াম মজদুৰ সংঘইও বিষয়তো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্যসচিবৰ লগত আলোচনা কৰিবলৈ দুবাৰকৈ সাক্ষাৎ বিচাৰিও বিফল হৈছে বুলি সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ কথা উল্লেখ কৰা হৈছে।
ইপিনে শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল ডাঙৰীয়াই যদি এই ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ বিৰুদ্ধে অনতিপলমে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভাৰতীয় তেল নিগমৰ পেট্ৰলিয়াম মজদুৰ সংঘই অহা ১৩ আগষ্টৰ পৰা অনির্দিষ্ট কালৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।
বিবৃতিটোত কোৱা হৈছে যে এনে ঘটনাৰ পৰা তিনিচুকীয়া জিলাৰ প্ৰশাসন এতিয়া সম্পূর্ণৰূপে মাফিয়া আৰু ছিণ্ডিকেট কাণ্ডাৰীৰ হাতলৈ যোৱা কথা স্পষ্ট হৈ পৰিছে। এই অপ শক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ পৰা এই কথাও স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্রীৰ অজ্ঞাতে এনেধৰণৰ আইন-শৃংখলা ধোঁৱা চাঙত উঠোৱাৰ পৰিবেশ কেতিয়াও সৃষ্টি হোৱা নাই।
প্ৰদেশ কংগ্রেছে সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ এনে ছিণ্ডিকেট প্ৰীতিক তীব্র নিন্দা কৰাৰ লগতে অনতিপলমে উজনি অসমত চলি থকা এই অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজ বন্ধ কৰিবলৈ বিবৃতিটোৰ জৰিয়তে দাবী জনাইছে।