• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্রীৰ জ্ঞাতসাৰেই উজনি অসমত চলিছে বৃহৎ ছিণ্ডিকেট : প্ৰদেশ কংগ্ৰেছ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 9, 2018 9:26 pm
congress_12-570x320

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুৰ্নীতি আৰু ছিণ্ডিকেট ৰাজৰ বিৰুদ্ধে সততে শূন্য সহনশীলতাৰ কথা কোৱা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ দিনত সমগ্র ৰাজ্যজুৰি বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত অবাধ ছিণ্ডিকেট ৰাজ চলিছে। আজি প্ৰদেশ কংগ্ৰেছে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এখন প্ৰেছ বিবৃতিত এই কথা সদৰী কৰে।

শাসকীয় দলৰ নেতা-পালিনেতা তথা আৰক্ষী প্রশাসনৰ পৃষ্ঠপোষকতাত অতি বেপেৰুৱাভাবে ছিণ্ডিকেট ৰাজ আৰু মাফিয়াৰাজ চলি থকাৰ ভয়ংকৰ অভিযোগ তথ্য প্ৰমাণসহ দৈনিক সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো এইবিলাকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰাৰ পৰিৱর্তে অবাধ গতিত চলিহে থকা বুলি বিবৃতিটোত কোৱা হৈছে।

Apply Now

চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতে এই অবৈধ ছিণ্ডিকেট ৰাজ চলিছে বুলি উল্লেখ কৰি কোৱা হৈছে যে বিশেষকৈ উজনি অসমৰ মাৰ্ঘেৰিটাত কয়লাৰ অবৈধ খনন আৰু সৰবৰাহৰ ফলত সমগ্র অঞ্চলটোৰ জৈৱ বৈচিত্র্য আৰু বসবাসৰ প্রতি ভাবুকি কঢ়িয়াই আনিছে। দিহিং পাটকাই বনাঞ্চল ধ্বংসৰ উপক্ৰম হৈছে।

আনহাতে, স্থানীয় বিধায়কজনৰ বিৰুদ্ধে মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ  বিৰুদ্ধে সবিশেষ সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো  প্ৰশাসনে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

বিবৃতিটোত লগতে  ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ বিৰুদ্ধেও ভাৰতীয় তেল নিগমৰ মাৰ্কেট টাৰ্মিনেলত চলোৱা মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ বিষয়ে বহু অভিযোগ সবিস্তাৰে সংবাদ মাধ্যমত প্রকাশিত হোৱাৰ পাছতো সোনোৱাল চৰকাৰৰ গৃহ বিভাগে কোনো ব্যৱস্থাই গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰা হৈছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিটোত কোৱা হৈছে যে ‘’অপ্ৰিয় হ’লেও এটা কথা সত্য যে আজিৰ তাৰিখত তিনিচুকীয়া জিলাত আইন শৃংখলা ব্যৱস্থা ধোঁৱা চাঙত উঠিছে। জিলাখনত মাফিয়াৰাজ আৰু ছিণ্ডিকেটৰাজৰ প্ৰকোপ ইমানেই বৃদ্ধি পাইছে যে খোদ ভাৰতীয় তেল নিগম কৰ্তৃপক্ষই অসম চৰকাৰৰ গৃহবিভাগৰ বিষয়ালৈ এই ৰাজনৈতিক ছত্রছায়াত চলি থকা এই অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰিবলৈ বাধ্য হৈছে।‘’

তদুপৰি অসম প্ৰেট্ৰ’লিয়াম মজদুৰ সংঘইও বিষয়তো সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্যসচিবৰ লগত আলোচনা কৰিবলৈ দুবাৰকৈ সাক্ষাৎ বিচাৰিও বিফল হৈছে বুলি সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ কথা উল্লেখ কৰা হৈছে।

ইপিনে শূন্য সহনশীলতাৰ কথা কোৱা সোনোৱাল ডাঙৰীয়াই যদি এই ছিণ্ডিকেট আৰু মাফিয়াৰাজৰ বিৰুদ্ধে অনতিপলমে কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভাৰতীয় তেল নিগমৰ পেট্ৰলিয়াম মজদুৰ সংঘই অহা ১৩ আগষ্টৰ পৰা অনির্দিষ্ট কালৰ বাবে ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

বিবৃতিটোত কোৱা হৈছে যে এনে ঘটনাৰ পৰা তিনিচুকীয়া জিলাৰ প্ৰশাসন এতিয়া সম্পূর্ণৰূপে মাফিয়া আৰু ছিণ্ডিকেট কাণ্ডাৰীৰ হাতলৈ যোৱা কথা স্পষ্ট হৈ পৰিছে। এই অপ শক্তিৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ পৰা এই কথাও স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্রীৰ অজ্ঞাতে এনেধৰণৰ আইন-শৃংখলা ধোঁৱা চাঙত উঠোৱাৰ পৰিবেশ কেতিয়াও সৃষ্টি হোৱা নাই।

প্ৰদেশ কংগ্রেছে সোনোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ এনে ছিণ্ডিকেট প্ৰীতিক তীব্র নিন্দা কৰাৰ লগতে অনতিপলমে উজনি অসমত চলি থকা এই অবৈধ ছিণ্ডিকেট আৰু মাফিয়াৰাজ বন্ধ কৰিবলৈ বিবৃতিটোৰ জৰিয়তে দাবী জনাইছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm
যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

যদি পাছপ’ৰ্ট নাগৰিকত্বৰ প্ৰমাণ নহয়, তেন্তে কি? চৰকাৰলৈ প্ৰশ্ন শশী থাৰুৰৰ

June 26, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd