DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, January 30, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব মেঘালয়

মেঘালয়ত বিজেপিৰ শিবিৰত মোক্ষম আঘাত : আন এজন ৰাজ্যিক নেতাৰ দলত্যাগ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 5, 2018 7:00 pm
70
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনমুখী মেঘালয়ত বিজেপিৰ শিবিৰত মোক্ষম আঘাত হানি আজি দলটোৰ আন এজন ৰাজ্যিক নেতাই দলত্যাগ কৰিছে। দলত্যাগ কৰা নেতাজনৰ নাম মানস চৌধুৰী। তেওঁ গেৰুৱা দলটোত যোৱা বছৰৰ মে’ত যোগদান কৰিছিল আৰু দলটোৰ এজন উল্লেখযোগ্য ৰাজ্যিক নেতা হৈ পৰিছিল। কিন্তু দলীয় টিকটৰ পৰা বঞ্চিত কৰাৰ ক্ষোভত তেওঁ আজি দলত্যাগ কৰে।

আজি সাংবাদিকসকলৰ আগত শ্বিলঙত চৌধুৰীয়ে কয় যে তেওঁক দলৰ টিকট দিয়াৰ তিনিবাৰকৈ প্ৰতিশ্ৰুতি দিয়া হৈছিল। কিন্তু শেষ পৰ্য্যন্ত তেওঁক বঞ্চিত কৰা হ’ল। তেওঁ বিজেপিৰ ৰাজ্যিক সভাপতি শ্বিবুন লিংডোৰ হাতত নিজৰ দলত্যাগ পত্ৰ দিয়া বুলি জানিবলৈ দিয়ে।

সাংবাদিকে তেওঁ কংগ্ৰেছত যোগদান কৰিব নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁৰ সিদ্ধান্তৰ বিষয়ে কাইলৈ ৰাজহুৱা কৰিব বুলি কয়।

আনহাতে এটা বিশেষ সূত্ৰই জনোৱা মতে কংগ্ৰেছৰ পৰা টিকট দিয়াৰ নিশ্চয়তা পোৱাৰ পিছতে তেওঁ গেৰুৱা দল ত্যাগ কৰাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে কোৱামতে, ৰাজ্যখনৰ কংগ্ৰেছ এতা ভিনচেণ্ট পালাই চৌধুৰীক কংগ্ৰেছৰ পৰা তেওঁক দিয়াটো নিশ্চিত বুলি জনোৱাৰ পিছতে চৌধুৰীয়ে এই সিদ্ধান্তটো লৈছিল।

উল্লেখযোগ্য যে নিজৰ সততা তথা নিকা ভাবমূৰ্তিৰ বাবে সুখ্যাত চৌধুৰী দুবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ প্ৰথমবাৰ ২০০৫ চনত বিধানসভালৈ নিৰ্দলীয় হিচাপে নিৰ্বাচিত হৈছিল। ২০০৮ চনত তেওঁ কিছু সময়ৰ বাবে উচ্চ শিক্ষা মন্ত্ৰীও আছিল।

সাংবাদিকৰ পৰা ৰাজনীতিলৈ অহা মানস চৌধুৰী তেওঁৰ ব্যতিক্ৰমী সততা তথা সামাজিক দায়বদ্ধতাৰ বাবে সুখ্যাত। তেওঁ নিজৰ ৮ বছৰীয়া বিধায়ক জীৱনৰ সকলো বিধায়ক আঁচনিৰ হিচাপ দাকিল কৰিছিল। তাৰোপৰি তেওঁ নিজৰ দৰমহা আৰু অন্যান্য বানচ দুখীয়ালৈ দান কৰি এন নজিৰ স্থাপন কৰিছিল। তেওঁ ২০১৩ চনত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিছিল যদিও হাৰিছিল। ২০০৭ চনত তদানীন্তন প্ৰধান মন্ত্ৰী মনমোহন সিঙে তেওঁৰ ব্যতিক্ৰম দায়বদ্ধতা আৰু স্বচ্ছতাক প্ৰশংসা কৰাৰ লগতে আনসকলকো তেওঁৰ আদৰ্শ অনুকৰণ কৰিবলৈ আহ্বান জনাইছিল।

আনহাতে চৌধুৰীকে ধৰি যোৱা কেইদিন মানত ৫ জন নেতাই মেঘালয় বিজেপিৰ পৰা পদত্যাগ কৰিছে, যিটো নিৰ্বাচনৰ বাবে সাজু হোৱা বিজেপিৰ বাবে এটা মোক্ষম আঘাতস্বৰূপ হৈ পৰিছে। ইয়াৰ পূৰ্বে যোৱা দেওবাৰে ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মৰমী কে মাৰাকে দলীয় টিকট নোপোৱাৰ প্ৰতিবাদত দলত্যাগ কৰিছিল। মাৰাকে নিৰ্দলীয় হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ সিদ্ধান্ত লৈছে। একেদিনাই ৱিলিয়ামনগৰ সমষ্টিৰ টিকট প্ৰত্যাশী জেন এন আৰেঙেও একেটা কাৰণতে দলত্যাগ কৰিছিল। ইয়াৰ পূৰ্বে যোৱা ২ ফেব্ৰুৱাৰিত বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছ মুহূৰ্ততে মহিলা মৰ্চাৰ সভানেত্ৰী ভায়লেট লিংডোৱে দলত্যাগ কৰিছিল। তেওঁ এন পি পি দলৰ পৰা নিৰ্বাচন খেলাৰ কথা।

Recent News

Boris Johnson Putin

বৰিছ জনছনৰ বিস্ফোৰণ! মিনিটৰ ভিতৰতে মিছাইল আক্ৰমণেৰে হত্যাৰ ভাবুকি দিছিল পুটিনে!

Earthquake In Iran

প্ৰবল ভূমিকম্পই কঁপাই তুলিলে ইৰান: নিহত তিনিগৰাকী, আঠ শতাধিক আহত

India won U19 Women's T20 World Cup

স্বৰ্ণিল ইতিহাস! উদ্বোধনী বৰ্ষৰ মহিলাৰ ১৯ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ ভাৰতৰ দখলত

Odisha Minister Shot

উৰিষ্যাত চাঞ্চল্যকৰ হত্যাকাণ্ড: আৰক্ষী বিষয়াৰ গুলীত প্ৰাণ হেৰুৱালে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd