• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান হ’ব আৰ এম সিং

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 31, 2018 9:55 am

2 min read

Meghalaya-Police-570x320

মেঘালয় আৰক্ষীৰ মুখ্য কাৰ্যালয়।

93
VIEWS
Share on FacebookShare on Twitter

অসম-মেঘালয় কেডাৰৰ ১৯৮৪-বৰ্ষৰ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ (আইপিএছ) বিষয়া ৰাজীৱ মোহন সিঙক শীঘ্ৰেই  মেঘালয়ৰ পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি দিয়া হ’ব।

চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে বৰ্তমান অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান (সীমান্ত শাখা) হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সিঙক এছ বি সিঙৰ স্থানত স্থলাভিষিক্ত কৰা হ’ব। উল্লেকযোগ্য যে মুখ্যমন্ত্ৰীৰ সুৰক্ষা উপদেষ্টা হিচাপে কুলবীৰ কৃষানক নিযুক্তি দিয়াৰ পিছতে ডিজিপি এছ বি সিঙে পদত্যাগ কৰিছিল।

অসম আৰক্ষীৰ আটাইতকৈ জ্যেষ্ঠ আইপিএছ বিষয়া হোৱা সত্ত্বেও মুকেশ সহায়ৰ অৱসৰৰ পিছত ডিজিপি পদৰ বাবে সিঙক নিৰ্বাচিত কৰা হোৱা নাছিল। অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে সিঙতকৈ এবছৰ কনিষ্ঠ আইপিএছ বিষয়া কুলধৰ শইকীয়াক ডিজিপি হিচাপে নিযুক্তি দিয়ে।

R-M-Singh
আৰ এম সিং

পূৰ্বতে সিং অসম আৰক্ষীৰ বিশেষ ডিজিপি (আইন আৰু শৃংখলা) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। সূত্ৰসমূহে জানিব দিয়া মতে মঙলবাৰে সিঙৰ নিযুক্তিৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। অৱশ্যে, মেঘালয়ৰ পৰৱৰ্তী ডিজিপিৰ নিযুক্তি সম্পৰ্কত কোনোৱে মুখ খুলিব খোজা নাই।

‘’ মেঘালয়ৰ ডিজিপি হিচাপে মোৰ নিযুক্তি সম্পৰ্কে কোনোৱে মোক একো জনোৱা নাই,’’- সোমবাৰে সন্ধিয়া আৰ এম সিঙে নৰ্থইষ্ট নাওক জানিবলৈ দিয়ে। আনকি তেওঁক নিযুক্তি দিলেও ডিজিপি হিচাপে সিঙে দীঘলীয়া কাৰ্যকাল লাভ নকৰিতেওঁক নিযুক্তি দিলেও ডিজিপি হিচাপে সিঙে দীঘলীয়া কাৰ্যকাল লাভ নকৰিব। তেওঁ অহা ২০১৯ ৰ মে’ মাহত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিব।

 

Recent News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

ঐতিহাসিক লাল কিল্লাত প্ৰৱেশ প্ৰতিবাদী কৃষকৰ; উৰুৱালে নিজৰ পতাকা

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd