• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব মেঘালয়

মেঘালয় দখলৰ যুঁজত বিজেপিয়ে নমাব দলৰ প্ৰধান মহাৰথীসকলক

অনিৰ্বাণ ৰয় by অনিৰ্বাণ ৰয়
February 16, 2018 4:55 pm
BJP_Campaign
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিৰ্বাচন সমাগত মেঘালয়ত বিজেপিয়ে ৰাজ্যখনৰ নিৰ্বাচনী প্ৰচাৰত তেওঁলোকৰ প্ৰধান প্ৰধান মহাৰথীৰ আটাইকেইজনকে নমাবলৈ সিদ্ধান্ত লৈছে।

প্ৰধান মন্ত্ৰী মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিং আটাইকেইজনে মেঘালয়ত জোৰদাৰ প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই নিশ্চিত কৰিছে। জনজাতীয় লোকৰ প্ৰাধান্য থকা পাহাৰীয়া ৰাজ্যখন নিজৰ দখললৈ নিবলৈ দলটোৱে আপ্ৰাণ চেষ্টা কৰা বুলি জানিব পৰা গৈছে।

Apply Now

উল্লেখযোগ্য যে ৰাজ্যখনত অহা ২৭ ফেব্ৰুৱাৰিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বৰ্তমান মেঘালয়ত বিজেপিৰ এজনো বিধায়ক নাই।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত ইতিপূৰ্বে অসম, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত বিজেপিয়ে শাসনভাৰ লৈ আছে আৰু মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰা দখলৰ লক্ষ্য লৈছে। অনেক প্ৰত্যাহ্বান সত্ত্বেও বিজেপিয়ে মেঘালয়ত ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

‘আমি আত্মবিশ্বাসী যে মোদীজী, অমিত শ্বাহজী আৰু ৰাজনাথ সিং জীৰ দৰে দলৰ জ্যেষ্ঠ নেতাসকলৰ আশীৰ্বাদত আমাৰ দলে মেঘালয়ত উন্নত প্ৰদৰ্শন কৰিব পাৰিব।’ ৰাজ্যিক বিজেপিৰ সভাপতি চিবুন লিংডুৱে এইদৰে কয়। তেওঁ লগতে কয় যে দলটো মেঘালয়ৰ নতুন মৰ্চাটোক নেতৃত্ব দিব পৰাকৈ আত্মবিশ্বাসী।

দলীয় সূত্ৰই কয় যে তিনিওজন শীৰ্ষ নেতাই মেঘালয়ৰ ভোটাৰক আকৰ্ষণ কৰিবৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানত কেইবাখনো সভাত ভাগ ল’ব। গেৰুৱা দলটোৰ ভাবমূৰ্তি খ্ৰীষ্টান-আধিপত্য থকা ৰাজ্যখনত খ্ৰীষ্টান-বিৰোধী বুলিহে জনা যায়।

শুকুৰবাৰে পুৱা পশ্চিম জয়ন্তীয়া পাহাৰৰ সদৰ জোৱাইত অমিত শ্বাহে প্ৰথমটো ‘নিৰ্বাচনী প্ৰচাৰ অভিযান’ আৰম্ভ কৰিছে। তেওঁ শ্বিলঙৰ মল্কি গ্ৰাউণ্ডতো নিৰ্বাচনী সমাৱেশত ভাষণ দিয়ে। যোৱা ৬ জানুৱাৰিতো শ্বাহে বিজেপি প্ৰাৰ্থী কে চি বৰোৰ হৈ ৰাভা লোকৰ বসতি প্ৰধান তিক্ৰিকিল্লাত নিৰ্বাচনী প্ৰচাৰ চলাইছিল।

আনহাতে প্ৰধান মন্ত্ৰী মোদীয়েও যোৱা ১৬ ডিচেম্বৰত শ্বিলঙৰ প’ল’ গ্ৰাউণ্ডত নিৰ্বাচনী ৰণদন্দুভি বজাই কৈছিল ‘অসমৰ নিৰ্বাচনৰ পৰাই আৰম্ভ হোৱা পৰিৱৰ্তনৰ ঢৌ এতিয়া মেঘালয় পাইছেহি।’ তেওঁ ১৫ বছৰীয়া কংগ্ৰেছী শাসনে মেঘালয়ক ধ্বংস কৰিলে বুলিও মন্তব্য কৰিছিল।

দলীয় সূত্ৰই নৰ্থ-ইষ্ট নাওক জনোৱা মতে মোদীয়ে অহা ২১ ফেব্ৰুৱাৰিৰ দিনা পশ্চিম গাৰো পাহাৰৰ ফুলবাৰীৰ পৰা প্ৰচাৰ অভিযান আৰম্ভ কৰাৰ সম্ভাৱনা আছে। মুচলমান বসতি প্ৰধান বিধান সভা সমষ্টিটো গেৰুৱা দলটোৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হৈছে, কাৰণ এই সমষ্টিৰ পৰা কংগ্ৰেছে বিধানসভাৰ অধ্যক্ষ আবু তাহেৰ মণ্ডলক থিয় কৰাইছে।

সূত্ৰটোৱে জনোৱামতে মোদীয়ে খাচি আৰু জয়ন্তীয়া পাহাৰতো নিৰ্বাচনী সমাৱেশত ভাগ ল’ব। ‘আমি দলৰ শীৰ্ষ নেতাসকলৰ উপস্থিতিৰ নিশ্চয়তাৰ ভিত্তিত নিৰ্বাচনী প্ৰচাৰ সূচীক চূড়ান্ত ৰূপ দি আছো।’ এইদৰে কয় লিংডোৱে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙেও গাৰো পাহাৰৰ কেইটামান গুৰুত্বপূৰ্ণ সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ অহা ১৯ তাৰিখে তুৰাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে। তেওঁ দলটোৰ দক্ষিণ তুৰা সমষ্টিৰ দলীয় প্ৰাৰ্থী বিল্লিকিড এ চাংমাৰ হৈ প্ৰচাৰ চলাব। এই সমষ্টিটোৰ পৰা এন পি পিৰ হৈ প্ৰাক্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী আগাথ চাংমায়ো প্ৰতিদ্বন্দ্বিতা কৰিছে।

আনহাতে ৰাজ্যখনত বিজেপিয়ে বন্ধু ভাবাপন্ন দলৰ সৈতে নিৰ্বাচনী-উত্তৰ মিত্ৰতাৰ বাবে দুৱাৰ খোলা ৰাখিছে। এইবোৰ দলৰ ভিতৰত আছে এন পি পি, য়ু ডি পি আৰু এইচ্ছ এছ পি ডি পি। এই সকলো দলেই মুকুল চাংমা নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰখনকে মূল লক্ষ্য হিচাপে লৈ নিৰ্বাচন খেলিছে।

আনহাতে মুখ্য মন্ত্ৰী মুকুল চাংমাৰ সমষ্টি আমপাতিতো মোদী অথবা ৰাজনাথ সিঙৰ মাজৰ কোনোবা এজনে প্ৰচাৰ চলোৱাৰ সম্ভাৱনা আছে। ইয়াত বিজেপিৰ প্ৰাৰ্থী হ’ল বকুল হাজং। বিজেপিৰ পৰা অহা কঠিন প্ৰত্যাহ্বানৰ বাবে চাংমাই চংচাক সমষ্টিৰ পৰাও প্ৰতিদ্বন্দ্বিতা কৰিব।

অনিৰ্বাণ ৰয়

অনিৰ্বাণ ৰয়

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd